ETV Bharat / health

এইসমূহ লোকৰ বাবে অমৃতৰ সমান আমলখি - Gooseberry Benefits

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 4:16 PM IST

Gooseberry Benefits: যোগগুৰু ৰামদেৱে পৰামৰ্শ দিছে ডায়েবেটিছত ভোগা লোকসকলে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আমলখিক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো উচিত । জানো আহক আমলখি ডায়েবেটিছ ৰোগীৰ বাবে কিয় উপকাৰী ?

Amla Gooseberry is highly beneficial for individuals with diabetes, it helps control blood sugar levels
ডায়েবেটিছ ৰোগীৰ বাবে আমলখি (CANVA)

ডায়েবেটিছ হৈছে এনে এক ৰোগ যাক সময় থাকোঁতে নিয়ন্ত্ৰণ নকৰিলে আমাৰ শৰীৰত বহু ৰোগে বাহৰ পাতিবলৈ আৰম্ভ কৰে । দেশ তথা সমগ্ৰ বিশ্বতে এই ৰোগ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে । অস্বাস্থ্যকৰ জীৱনশৈলী, মানসিক চাপ, ভুল খাদ্যাভ্যাসৰ বাবে মানুহে ৰক্ত শৰ্কৰাৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । এনে ক্ষেত্ৰত ডায়েবেটিছ ৰোগীয়ে নিজৰ ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰখাটো অতিকৈ প্ৰয়োজনীয় ৷ এনে পৰিস্থিতিত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে আপুনি কিছুমান ঘৰুৱা উপায় অনুসৰণ কৰিব পাৰে । বহু গৱেষণা তথা বিশেষজ্ঞৰ মতে আমলখি আমাৰ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণকে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অতিকৈ উপকাৰী ৷

ঠিক একেই কথা যোগগুৰু ৰামদেৱে কৈছে যে, ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিবলৈ আমলখি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো খুবেই প্ৰয়োজনীয় । আহকচোন জানো, আমলখি ডায়েবেটিছ ৰোগীৰ বাবে কিয় উপকাৰী ?

শৰ্কৰা নিয়ন্ত্ৰণত আমলখি উপকাৰী:

আমলখিত ভিটামিন, ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায় যিয়ে শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে । আমলখিয়ে হজম শক্তি আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে যাৰ ফলত শৰীৰত অতিৰিক্ত শৰ্কৰা জমা হোৱাত বাধা দিয়ে । আনকি আয়ুৰ্বেদতো ডায়েবেটিছ ৰোগীৰ বাবে আমলখি অতি ফলপ্ৰসূ বুলি ধৰা হয়, সেয়েহে খাদ্য তালিকাত নিয়মিতভাৱে আমলখিক অন্তৰ্ভুক্ত কৰা উচিত ।

এনেকৈয়ে আমলখি সেৱন কৰক

ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে পুৱা আমলখিৰ ৰস খাব পাৰে । ইয়াৰ উপৰিও ৰ’দত শুকুৱাই আমলখিৰ গুড়িও তৈয়াৰ কৰি মাজে শুকান কৈও খাব পাৰে । নতুবা এই গুড়ি একাপ পানীত এক চামুচলৈকে মিহলাই প্ৰতিদিনে পান কৰক । মিঠা কৰিবলৈ অলপ মৌও যোগ কৰিব পাৰে । দৈনিক আমলখি খাব পাৰে । অৱশ্যে জোখতকৈ অধিক ইয়াক খোৱাৰ পৰা বিৰত থাকক কাৰণ ইয়াৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাও দেখা দিব পাৰে । মন কৰিলে আমলখিৰ চাটনিও তৈয়াৰ কৰিব পাৰে । চাটনি বনাবলৈ আমলখি অলপ পিচি তাত অলপ ধনিয়া, জলকীয়া আৰু আদা দি গোটেইখিনি একেলেগে পিচি লওক । অকনমান নিমখ যোগ দি সেৱন কৰক ।

লগতে পঢ়ক: গেছ-এচিডিটিৰ সমস্যাৰ পৰা তৎক্ষণাত সকাহ লাভ কৰিবলৈ খাওক এই পানীয় - Cumin and Celery Water

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.