ETV Bharat / health

আজিয়েই আপোনাৰ খাবলৈ মন যাব চজিনা: পঢ়ক এই প্ৰতিবেদন - moringa oleifera benefits

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 10:20 PM IST

Moringa oleifera benefits: কি গুণ নাই চজিনাৰ ? চজিনাৰ উপকাৰিতাৰ বিষয়ে জানি আচৰিত হৈ পৰিব আপুনিও ৷ আয়ুৰ্বেদত চজিনাৰ বিষয়ে কি কোৱা হৈছে সেইয়া জানিবলৈ ভিডিঅ’টো সম্পূৰ্ণকৈ চাওক-

moringa oleifera benefits
চজিনাৰ উপকাৰিতা
ডাঃ জয়ন্ত শৰ্মাৰ ভাষ্য

গুৱাহাটী, 29 মাৰ্চ : চজিনা বহুতে পেলাই, বহুতে খায় ৷ বহুতেতো নাজানেই খাব লাগেনে নাই ! কিন্তু যি এবাৰ এই চজিনাৰ সোৱাদ পাই থৈছে, নিশ্চয়কৈ তেওঁৰ প্ৰিয় পাঁচলিৰ তালিকাত চজিনা আছেই ৷ আজি আমি আপোনালোকলৈ আগবঢ়াইছো চজিনাৰ উপকাৰিতাৰ বিষয়ে ৷ চজিনাই মানৱ দেহৰ কিদৰে উপকাৰ সাধন কৰে এই সম্পৰ্কে জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ।

  • " class="align-text-top noRightClick twitterSection" data="">

আপুনি কল্পনা কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ চজিনা । কেৱল চজিনাই নহয় চজিনাৰ পাতো আমাৰ শৰীৰৰ বাবে বহু উপকাৰী । চজিনাত যথেষ্ট পৰিমাণৰ পটাছিয়াম, আইৰণ, কেলচিয়াম, ভিটামিন A ইত্যাদি আছে । চজিনাৰ উপকাৰিতাসমূহ-

১) চজিনাই খাদ্য হজম হোৱাত সহায় কৰে ।

২) জিভা পৰিষ্কাৰ কৰাতো চজিনাই সহায় কৰে ।

৩) কৃমি নাশ কৰাতো ই সহায়ক ।

৪) ওজন হ্ৰাস কৰাটো চজিনাই সহায় কৰে ।

৫) কলেষ্টৰল কম কৰাত চজিনা সহায়ক হয় ।

৬) সন্তান জন্ম হোৱাৰ পাচত মহিলাসকলৰ যি ফেট বৃদ্ধি হয় সেয়া হ্ৰাস কৰাতো সহায় কৰে চজিনাই ।

৭) গাঁঠিৰ বিষ, আঁঠুৰ বিষ আদি ভাল হোৱাত চজিনাই সহায় কৰে ।

৮) চজিনাৰ পাত বা বাকলিৰ মিশ্ৰণ তৈয়াৰ কৰি বিষ হৈ থকা ঠাই লগাই থলে বিষৰ পৰা উপশম পোৱা যায় ।

৯) চজিনাৰ পাত শুকুৱাই তাৰ গুড়ি কৰি আধা গিলাচ কুহুমীয়া গৰম পানীত মিহলাই সদায় ৰাতিপুৱা খালী পেটত খাব পৰিলে ভাল ।

১০) হাৰ্টৰ ভিন্নৰোগৰ বাবে চজিনা উপকাৰী ।

১১) মহিলাসকলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ঋতুজনিত সমস্যা দূৰ কৰাত সহায় কৰে চজিনাই ।

১২) PCOD সমস্যা দূৰ কৰাটো চজিনাই সহায় কৰে ।

১৩) মূৰৰ কামোৰণিৰ বাবেও ই উপকাৰী । কৰোবাৰ যদি সঘনাই মূৰৰ কামোৰণি হৈ থাকে তেওঁলোকে চজিনাৰ গুটি শুকুৱাই লৈ গুড়ি কৰি তাৰ ধোঁৱাটো ব্যৱহাৰ কৰিব পাৰিলে মূৰৰ কামোৰণি কম হয় ।

১৪) ছালৰ ভিন্ন ৰোগৰ বাবেও উপকাৰী চজিনা ।

লগতে পঢ়ক : গ্ৰীষ্মকালত আপুনি নাৰিকল খায়নে ? - Nutrition Benefits Of Coconut

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.