হালীম আৰু ৰমজান যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ ৰমজান বুলিলেই সকলোৱে মনতে ভাবে, ‘অহ আকৌ হালীম খাম ৷’ হায়দৰাবাদৰ প্ৰায় প্ৰতিটো ৰাস্ততে এই সুগন্ধি ব্যঞ্জনে পৱিত্ৰ মাহটোত সকলোকে সুখী কৰি ৰাখে য'ত সমগ্ৰ বিশ্বৰ মুছলমানসকলে পুৱাৰ পৰা সন্ধিয়ালৈকে খোৱা বা পান কৰাৰ পৰা বিৰত থাকে ।
হালীম হৈছে আৰৱৰ ব্যঞ্জন ৷ মূলতঃ কিমা মাংস, ভঙা ঘেঁহু আৰু যথেষ্ট মচলাৰ মিশ্ৰণেৰে ইয়াৰ তৈয়াৰ কৰা হয় । হায়দৰাবাদৰ ষষ্ঠ নিজাম মাহবুব আলী খানে হালীম প্ৰৱৰ্তন কৰিছিল, যিয়ে 1869 আৰু 1911 চনৰ ভিতৰত তেতিয়াৰ ৰাজ্য শাসন কৰিছিল ।
এই ব্যঞ্জনটো সোনকালেই হায়দৰাবাদী ৰন্ধনপ্ৰণালীৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰে আৰু যোৱা কেইটামান দশকত ৰমজানত অতি আৱশ্যকীয় খাদ্য হৈ পৰিছে । হালিমেই যেন মূল ইফতাৰ ব্যঞ্জন, কিয়নো মুছলমানসকলে ৰোজাৰ অন্তত খেজুৰ আৰু পানীৰে উপবাস ভংগ কৰাৰ লগে লগে হালীম গ্ৰহণ কৰিবলৈ পছন্দ কৰে । সোৱাদৰ উপৰিও, এই ব্যঞ্জনটো হৈছে প্ৰ'টিনৰ এক সমৃদ্ধ উৎস, যি ৰোজা ৰখাসকলক পুনৰুজ্জীৱিত কৰাত আৰু পৰৱৰ্তী দিনটোৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰে । হালীম আপুনি শক্তি বৃদ্ধিৰ বাবেই খাওক নাইবা ইয়াৰ পুষ্টিগত মূল্যৰ বাবেই খাওক; সোৱাদ আৰু বাজেটৰ সৈতে খাপ খোৱাকৈ হালীম ৫০ টকাৰ পৰা ৩০০ টকালৈকে প্লেট হিচাপে উপলব্ধ ৷
হালীম হায়দৰাবাদৰ সংস্কৃতিৰ অংশ
হায়দৰাবাদত খাদ্যৰ অভাৱনীয় প্ৰাসাদ থকাৰ পিচতো হালীম মানুহৰ মাজত খুবেই জনপ্ৰিয় ৷ জনপ্ৰিয়তাৰ ক্ষেত্ৰত ৰমজানৰ সময়ত আনকি আইকনিক বিৰিয়ানীকো পিছ পেলাইছে হালীমে । কেৱল মুছলমান সকলেই নহয়, সকলো ধৰ্মৰ মানুহেই হালীম খায় ৷
সময় বাগৰাৰ লগে লগে, কিছুমান বিখ্যাত ৰেস্তোৰাঁই চহৰখনত তেওঁলোকে যোগান ধৰা হালীমৰ বাবে মানুহৰ মাজত নাম কৰিবলৈ সক্ষম হৈছে ৷ সেইবোৰৰ ভিতৰত পিস্তা হাউচৰ নাম ল’ব পাৰি ৷ 1997 চনৰ পৰা প্ৰকৃত সোৱাদৰে সৈতে প্ৰস্তুত আৰু পৰিৱেশন কৰাৰ দাবী কৰে পিস্তা হাউচে ৷
পিস্তা হাউচে দাবী কৰে যে ৰমজানৰ সময়ত তেওঁলোকৰ প্ৰতিদিনে 10,000 কিলোগ্ৰাম হালীম বিক্ৰী হয়, কিয়নো খাদ্যৰ মানদণ্ড আৰু পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়াই হৈছে ৰেষ্টুৰেণ্টখনৰ মুখ্য উদ্দেশ্য । ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি পিস্তা হাউচৰ খাদ্য উৎপাদন প্ৰৱন্ধক মহম্মদ অখিলে কয় যে তেওঁলোকে চহৰখনৰ ৪০ খনতকৈও অধিক বিপনীত বিক্ৰী কৰা হালীম প্ৰস্তুত কৰিবলৈ বিশুদ্ধ ভাৰতীয় মচলা, ১০০ শতাংশ ছাগলী মাংস আৰু বিশুদ্ধ ঘিউ ব্যৱহাৰ কৰে ।
আটাইতকৈ জনপ্ৰিয় জিআই খাদ্য বঁটা (GI food award)
খাদ্য প্ৰেমীসকলৰ মাজত হালীমৰ জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত, হায়দৰাবাদী হালীমে 2022 চনত, ভাৰতৰ বিভিন্ন অঞ্চলৰ 17 টা খাদ্য সামগ্ৰীৰ ভিতৰত বিজয়ী হৈ খাদ্য শ্ৰেণীত 'আটাইতকৈ জনপ্ৰিয় জিআই'ৰ সন্মানীয় খিতাপ দখল কৰে । প্ৰতিযোগিতাত থকা অন্যান্য খাদ্য সামগ্ৰীৰ ভিতৰত আছিল ৰসগোল্লা আৰু বিকানেৰী ভূজিয়া ।
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ দ্বাৰা পৰিচালিত ভোটিং ব্যৱস্থাৰ জৰিয়তে বাছনি কৰা এই বঁটাটোৱে হায়দৰাবাদী হালীমক ব্যাপকভাৱে স্বীকৃতি দিয়ে ।
প্ৰথমে ২০১০ চনত হালীমক জি আই মৰ্যাদা প্ৰদান কৰা হৈছিল, যিয়ে এই নামটো একান্তভাৱে হায়দৰাবাদৰ বাবে সংৰক্ষিত কৰি ৰাখিছিল । পিস্তা হাউছৰ পৰিচালন সঞ্চালক তথা হায়দৰাবাদ হালীম মেকাৰ্ছ এছ’চিয়েশ্যনৰ সভাপতি এম এ মজিদে হালীম ক্ৰাফটিঙৰ ক্ষেত্ৰত পিস্তা হাউছে ৰক্ষা কৰা দীৰ্ঘদিনীয়া উৎকৃষ্টতাৰ পৰম্পৰাক গুৰুত্ব আৰোপ কৰি এই বঁটা গ্ৰহণ কৰে ।
মাংস, ঘেঁহু, মচুৰ দাইল, ঘি আৰু ভাৰতীয় মছলাৰে তৈয়াৰ কৰা হালীমত প্ৰচুৰ পৰিমাণে প্ৰ’টিন আছে ৷ হালীম যথেষ্ট সতৰ্কতাৰে প্ৰস্তুত কৰা হয় ৷ এটা ডাঙৰ পাত্ৰত সকলো উপাদান মিহলি কৰা হয় ৷ সামান্য জলা, কেৰেমেলাইজড পিঁয়াজ আৰু সতেজ বনৌষধিৰে হালীম যোগান ধৰাৰ আগতে ইয়াক এটা মখমলৰ ৰূপ দিয়া হয় ৷ ইমানখিনি জানিলেই যেতিয়া এবাৰ হালীমৰ সোৱাদ এই ৰমজানতে নিশ্চয়কৈ লওক ৷
লগতে পঢ়ক : ৰমজানত উপবাসে থাকিলে ভুগিব পাৰে এই ৰোগত - Cause Of Hypoglycemia