ETV Bharat / health

মানসিক চাপৰ পৰা সকাহ পাবলৈ এমাহৰ বাবে সংগী কৰি লওক এইসমূহ অভ্যাসক; নিজেই দেখিব ফলাফল

author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 2:34 PM IST

Stress Management: আজিকালি বহুতে জীৱনত চলি থকা সমস্যাৰ বাবে অধিক মানসিক চাপত থকা যেন লাগে । যাৰ ফলত ই আপোনাৰ স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে । গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ এই অভ্যাসবোৰ গ্ৰহণ কৰিব পাৰে ।

Adopt these habits for a month, you will get relief from stress
মানসিক চাপৰ পৰা সকাহ পাবলৈ এমাহৰ বাবে সংগী কৰি লওক এইসমূহ অভ্যাসক; নিজেই দেখিব ফলাফল

আধুনিক জীৱনশৈলী আৰু ব্যস্ত জীৱনত বহু সমস্যাই মানুহক আগুৰি ধৰিছে ৷ যদিও মানুহে মুখত হাঁহি ধৰি ৰাখে, কিন্তু আজিৰ সময়ত সকলোৰে জীৱনত কিবা নহয় কিবা সমস্যা থকা দেখা যায় ৷ বহুতে ইয়াৰ সৈতে বুদ্ধিমান ৰূপে মোকাবিলা কৰে, আনহাতে কিছুমানে ইয়াৰ বিষয়ে ইমানেই চিন্তা কৰিবলৈ আৰম্ভ কৰে যে কেতিয়াবা ই তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে ৷ বহুতে সৰু সৰু সমস্যাৰ বিষয়েও অত্যধিক চিন্তা কৰে, যাক অতিমাত্ৰা চিন্তা কৰা বা Over Thinking বুলিও কোৱা হয় ৷

কিন্তু অত্যধিক মানসিক চাপৰ বাবে আমাৰ মনটোৱে কামত সঠিকভাৱে মনোনিৱেশ কৰিব নোৱাৰে আৰু ইয়াৰ প্ৰভাৱ আমাৰ ব্যক্তিগত জীৱনতো পৰে ৷ লগতে ব্যক্তিজনৰ স্বাস্থ্যৰ বাবেও এয়া ভাল নহয় ৷ ইয়াৰ বাবে ব্যক্তিজনে ভয়, হতাশা, উদ্বেগ আৰু টোপনিৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ সেয়েহে মানসিক চাপ পৰিচালনা কৰাটো অতি প্ৰয়োজনীয় ৷

আজি আমি আপোনালোকক কিছুমান টিপছৰ বিষয়ে ক'বলৈ ওলাইছো ৷ যদি আপুনি এমাহৰ বাবেও ইয়াক অনুসৰণ কৰে তেন্তে ই আপোনাৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব ৷

শাৰীৰিক কাৰ্যকলাপ

আজিকালি এজন ব্যক্তিয়ে দিনটোৰ বেছিভাগ সময় এটা ঠাইত বহিয়েই কটায় ৷ কিন্তু শাৰীৰিক কাৰ্যকলাপ কৰাটো আমাৰ মানসিক স্বাস্থ্যৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে লগতে ফিট আৰু সুস্থ হৈ থকাৰ ৷ গতিকে ব্যায়াম বা খোজ কঢ়াৰ বাবে দৈনিক ২০ৰ পৰা ৩০ মিনিট সময় উলিয়াই ল’লে মানসিক স্বাস্থ্য ভালে থকা সহায়ক হ’ব পাৰে ৷

ধ্যান

মনটোক শান্ত কৰাৰ বাবে ধ্যান কৰাটো অতি উত্তম উপায় বুলি গণ্য কৰা হয় ৷ গতিকে পুৱা বা গধূলি নিস্তব্ধ ঠাইত বহি চকু মুদি উশাহ সকলো কথা পাহৰি ধ্যানত মগ্ন হৈ পৰক ৷ সেই সময়ত আপোনাৰ মনলৈ বহু চিন্তা আহিব কিন্তু গুৰুত্ব নিদিব ৷ ইয়াৰ দ্বাৰা মানসিক চাপ কমোৱাতো সহায়ক হ’ব পাৰে ৷

ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ

সদায় কোৱা হয় যে, ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকিব লাগে ৷ কিন্তু তাৰ পৰা নতুন কিবা কথা শিকিব পাৰিব যিটো ভৱিষ্যতে আপোনাৰ বাবে উপযোগী হ’ব ৷ ইয়াত অনলাইন নৃত্য, পেইন্টিং আৰু ৰন্ধন প্ৰশিক্ষণ ল’ব পাৰিব ৷ একেলগে মনোৰঞ্জন কৰিবলৈ এইটো এটা উত্তম বিকল্প ৷ মাত্ৰ এটা কথা মনত ৰাখিব যে আপুনি ছ’চিয়েল মিডিয়া সঠিকভাৱে ব্যৱহাৰ কৰিব ৷

সঠিক মানসিকতা গ্ৰহণ কৰক

যদি আপুনি সদায় সকলো কথাতে নেতিবাচকতা বিচাৰি থাকে, তেন্তে জীৱনৰ উন্নতি কেনেকৈ হ’ব ৷ সেয়েহে ইতিবাচক মানসিকতা গ্ৰহণ কৰক ৷ সদায় ইতিবাচক হওক আৰু জীৱনৰ সৰু সৰু সাফল্যকো উদযাপন কৰক ৷ লগতে অতীতত হোৱা কোনো ভুলৰ বিষয়েও বেছিকৈ নাভাবিব বা নিজক দোষাৰূপ কৰিবলৈ এৰি দিয়ক ৷ বৰঞ্চ ইয়াৰ পৰা শিক্ষা লৈ জীৱনত আগবাঢ়ি যাওক ৷

চিন্তা ত্যাগ কৰক

যদি আপুনি কিবা এটাৰ বাবে চিন্তিত তেন্তে আপোনাৰ বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে শ্বেয়াৰ কৰক ৷ যদি আপুনি সেই কথাবোৰ কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰে তেন্তে আপুনি ডায়েৰীত লিখিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ মনটো লঘু অনুভৱ হ’ব ৷

নিজৰ যত্ন লওক

শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্যৰ বাবে সঠিক টোপনি আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাস অতি প্ৰয়োজনীয় ৷ গতিকে দৈনিক ৭ৰ পৰা ৮ ঘণ্টা টোপনি গ্ৰহণ কৰি পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক ৷

যদি আপুনি এই অভ্যাসবোৰ এমাহ ধৰি গ্ৰহণ কৰে তেন্তে আপোনাৰ মানসিক চাপ ক্ৰমান্বয়ে কমি অহা দেখিব ৷ লগতে সদায় মানসিক চাপমুক্ত হৈ থাকিবলৈ এই অভ্যাসবোৰ অব্যাহত ৰাখিব ৷ কিন্তু যদি ইয়াৰ দ্বাৰাও আপোনাৰ মানসিক চাপ কম নহয়, তেন্তে আপুনি এই বিষয়ে বিশেষজ্ঞৰ সৈতে কথা পাতিব পাৰে ৷

লগতে পঢ়ক: যদি কামৰ বোজা মানসিক চাপৰ কাৰণ হৈ পৰিছে, তেন্তে এই ৫টা টিপছে দিব সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.