যদি আপুনি পৰিয়াল পৰিকল্পনাৰ কথা ভাবিছে, তেন্তে প্ৰথমে কিছু প্ৰস্তুতিৰ প্ৰয়োজন ৷ য'ত আপোনাৰ স্বাস্থ্যৰ বিষয়ে জনাটো অগ্ৰাধিকাৰ যাতে আপুনি জানিব পাৰে যে আপোনাৰ শৰীৰটো মাতৃ হ'বলৈ সাজু হৈছে নে নাই ৷ ইয়াৰ দ্বাৰা গৰ্ভাৱস্থাৰ সময়ত হোৱা জটিলতাসমূহৰ পৰা হাত সাৰিব পাৰি, গতিকে যেতিয়াই গৰ্ভধাৰণৰ পৰিকল্পনা কৰে তেতিয়াই ইয়াত দিয়া পৰীক্ষাসমূহ কৰি লওক ৷
গৰ্ভধাৰণৰ পূৰ্বে মহিলাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ পৰীক্ষা
সাধাৰণ স্বাস্থ্য পৰীক্ষা
সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰাটো প্ৰতিগৰাকী গৰ্ভধাৰণৰ কৰিবলৈ ওলোৱা বা গৰ্ভধাৰণৰ পৰিকল্পনা কৰা মহিলাৰ বাবে অতি স্বাভাৱিক ৷ বিশেষকৈ ইয়াক গৰ্ভধাৰণ কৰাৰ আগতে নিশ্চিতভাৱে কৰাটো উচিত ৷ বহু মহিলাই ভাবে যে গৰ্ভাৱস্থাৰ পিচতটো ৰুটিন চেকআপ সদায় কৰিবলগীয়া হ’ব ৷ তেন্তে ইয়াক গৰ্ভধাৰণৰ পূৰ্বে কৰাটো কিয় প্ৰয়োজন, কিন্তু এনে কৰাটো আপোনাৰ বাবে এটা ডাঙৰ ভুল ৷ পৰিয়াল পৰিকল্পনা কৰাৰ আগতেও সাধাৰণ স্বাস্থ্য পৰীক্ষাই বহু সমস্যা ধৰা পেলোৱাত সহায় কৰিব পাৰে ৷
জেনেটিক স্ক্ৰীনিং
গৰ্ভধাৰণৰ আগতে বহুতো জেনেটিক টেষ্টৰো প্ৰয়োজন হয় ৷ ইয়াৰ দ্বাৰা বহু সমস্যাৰ আশংকা এৰাই চলিব পাৰি ৷ কিন্তু ইন ভিট্ৰ’ ফাৰ্টিলাইজেচন (IVF) আৰু প্ৰিইমপ্লাণ্টেচন জেনেটিক টেষ্টিং (PGT)ত ইমপ্লাণ্টেচনৰ পূৰ্বে ভ্ৰূণত জিনীয় দোষ চিনাক্ত কৰা হয় ৷
টীকাকৰণ
যদি আপুনি আপোনাৰ পৰিয়াল বৃদ্ধিৰ কথা ভাবিছে, তেন্তে কিছুমান টীকাকৰণ পৰীক্ষা কৰাটোও গুৰুত্বপূৰ্ণ, ইয়াৰ ফলত বহু সমস্যাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷ ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ টীকা হ’ল মাম্পছ, মিজিলছ আৰু ৰুবেলাৰ প্ৰতিষেধক (MMR) ৷ Rubella গৰ্ভাৱস্থাৰ সময়ত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ যাৰ বাবে গৰ্ভপাতৰ সম্ভাৱনা থাকে আৰু যদি সন্তান জন্ম হয়, তেন্তে বহু ধৰণৰ বিকাৰৰ সৈতে সন্মুখীন হ’বলগীয়া হয় ৷
মানসিক স্বাস্থ্য পৰীক্ষা
যদি আপুনি পৰিয়াল পৰিকল্পনাৰ কথা ভাবিছে, তেন্তে ইয়াৰ বাবে মানসিকভাৱে প্ৰস্তুত হোৱাটো অতি প্ৰয়োজনীয় ৷ অন্যথা ই মানসিক চাপ, হতাশাৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, যিয়ে কেৱল আপোনাৰেই নহয়, গৰ্ভস্থ সন্তানৰো বহু দিশত ক্ষতি কৰিব পাৰে ৷ যদি আপুনি ইতিমধ্যে কোনো ধৰণৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে প্ৰথমে ইয়াৰ চিকিৎসা কৰক আৰু তাৰ পিচত গৰ্ভধাৰণৰ কথা চিন্তা কৰক ৷
যৌন সংক্ৰমণ (STI) পৰীক্ষা
গৰ্ভধাৰণৰ আগতে এছ টি আই পৰীক্ষা কৰাটোও অতি প্ৰয়োজনীয় ৷ ইয়াক আওকাণ কৰিলে গৰ্ভাৱস্থাত জটিলতা হোৱাই নহয়, জন্ম হোৱা শিশুৰ ক্ষেত্ৰতো বহু সমস্যাৰ সৃষ্টি হয় ৷ যাৰ ভিতৰত অকাল প্ৰসৱ, শিশুৰ জন্মৰ সময়ত কম ওজন আৰু গুৰুতৰ সংক্ৰমণ আদি অন্তৰ্ভুক্ত ৷
লগতে পঢ়ক : তীব্ৰ গতিত বৃদ্ধি পাইছে Parrot Fever ৰ প্ৰাদুৰ্ভাৱ; এতিয়ালৈকে ৫ জনৰ মৃত্যু