আজি অৰ্থাৎ ১৪ মাৰ্চত প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ‘বিশ্ব বৃক্ক দিৱস’ পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে বৃক্ক সম্পৰ্কীয় সমস্যাৰ বিষয়ে মানুহক সজাগ কৰা ৷ বৃক্ক শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ, আপুনি জানেনে যে ইয়াৰ মূল কাম হ’ল তেজ পৰিষ্কাৰ কৰি শৰীৰত জমা হোৱা মলি বাহিৰ কৰা ৷ এই বিশেষ দিনটোত আমি আপোনালোকক ক’বলৈ ওলাইছো হায়দৰাবাদৰ বাঞ্জাৰা হিল্চত অৱস্থিত এছিয়ান ইনষ্টিটিউট অৱ নেফ্ৰ’লজি এণ্ড ইউৰ’লজী (AINU) হাস্পতালৰ এনে ‘মেডিকেল কেইচ’ৰ বিষয়ে, যি সমগ্ৰ দেশতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷
বৃক্কৰ পৰা এটা বা দুটা নহয় বাহিৰ কৰা হ’ল সৰ্বমুঠ ৪১৮টা পাথৰ
এই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এজন ৬০ বছৰীয়া ৰোগীক ৷ তেওঁৰ কিডনী সম্পৰ্কীয় সমস্যা আছিল ৷ সকলো ধৰণৰ মেডিকেল চেকআপ কৰাৰ পিচত দেখা গ’ল যে তেওঁৰ কিডনীত এটা বা দুটা নহয় মুঠ ৪১৮টা পাথৰ আছে ৷ ইয়াৰ পিছত চিকিৎসক ডাঃ কে পূৰ্ণচন্দ্ৰ ৰেড্ডী, ডাঃ গোপাল, ডাঃ দীনেশৰ দলটোৱে ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ।
অপাৰেচন সফল হৈ ৪১৮টা পাথৰ বৃক্কৰ পৰা আঁতৰাই পেলোৱা হয় ৷ আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল যেতিয়া ৰোগীজনক ভৰ্তি কৰা হৈছিল তেতিয়া বৃক্কটোৱে মাত্ৰ ২৭ শতাংশহে কাম কৰিছিল ৷ কিন্তু কোৱা নহয় “ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে!”
কিডনীত পাথৰ সমস্যাৰ কাৰণ কি ?
বৃক্ক হৈছে শৰীৰৰ এটা অংগ যিয়ে তেজ পৰিষ্কাৰ কৰাৰ কাম কৰে ৷ শৰীৰৰ পৰা মলি আঁতৰোৱাতো কাম কৰে ৷ কিন্তু যেতিয়া আপোনাৰ খাদ্য আৰু জীৱনশৈলী বেয়া হয় তেতিয়া এই মলি কঠিন গোটলৈ পৰিণত হয় ৷ যাৰ বাবে বৃক্কত পাথৰৰ সমস্যা হয় ৷ ইয়াৰ ফলত বহুত অসুবিধাৰ সৃষ্টি হ’ব পাৰে ৷ বৃক্কত পাথৰ হোৱাৰ লক্ষণ বহুদিনৰ মূৰত দেখা দিয়ে ৷ সময়ত ধৰা পৰিলে ইয়াক সহজে আঁতৰাই পেলাব পৰা যায় ৷
বৃক্কত পাথৰ হোৱাৰ কাৰণ
শৰীৰত খনিজ পদাৰ্থৰ অভাৱ
যেতিয়া শৌচত কেলচিয়াম, অক্সালেট, ইউৰিক এচিডৰ দৰে খনিজ পদাৰ্থ গঠন হ’বলৈ আৰম্ভ কৰে তেতিয়া ইয়াৰ ফলত পাথৰ সৃষ্টি হ’ব পাৰে ৷ অতিৰিক্ত কেলচিয়াম আৰু অক্সালেটে পাথৰ সৃষ্টি কৰে ৷
শৰীৰত পানীৰ অভাৱ
- যদি শৰীৰত পানীৰ অভাৱ হয় আৰু শৌচ টান হৈ পৰে, তেন্তে খনিজ পদাৰ্থবোৰ জমা হৈ শিল গঠন হয় ৷
- বেছিকৈ নিমখ, প্ৰ’টিন আৰু চেনি খোৱাৰ বাবে কিডনীত পাথৰ হ’ব পাৰে ৷
- মেদবহুলতা আৰু মধুমেহ ৰোগৰ বাবে বৃক্কৰ সংক্ৰমণ আৰু পাথৰৰ সমস্যা হ’ব পাৰে ৷
- জিনীয় কাৰণতো বৃক্কৰ পাথৰ হ’ব পাৰে ৷
লগতে পঢ়ক: বিশ্ব বৃক্ক দিৱস: আপোনাৰ এইসমূহ অভ্যাসৰ ফলত হ’ব পাৰে বৃক্কৰ সমস্যা