ETV Bharat / health

হায়দৰাবাদৰ NIMS ৰ সাফল্য: এবছৰত সম্পন্ন ৩০০ টা ৰ’বটিক অস্ত্ৰোপচাৰ - Robotic Treatment In NIMS

NIMS in Hyderabad: এন আই এম এছত দৰিদ্ৰলোকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ ৰ'বটিক অস্ত্ৰোপচাৰৰ সুবিধা । আৰোগ্যশ্ৰীৰ বাবে যোগ্য নোহোৱা ৰোগীসকলৰ বাবেও অতি মিতব্য়য়ী । কেনেকৈ লাভ কৰিব এই সুবিধা ?

Surgical Gastroenterology
নিজামৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 1:42 PM IST

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট: হায়দৰাবাদৰ নিজামৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ এন আই এম এছৰ চিকিৎসকসকলে ৰ'বটিক চিকিৎসা আৰম্ভ কৰাৰ এবছৰৰ ভিতৰত ৩০০ টাকে অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ বিৰল কৃতিত্ব অৰ্জন কৰিছে । এই সেৱা আৰোগ্যশ্ৰী থকা দৰিদ্ৰ ৰোগীসকলক বিনামূলীয়াকৈ আৰু আন ৰোগীসকলক কম খৰচত প্ৰদান কৰা হয় ।

উল্লেখ্য় যে, ইয়াৰ পূৰ্বে কৰ্পোৰেট চিকিৎসালয়ত সীমাবদ্ধ আছিল এই ৰ'বটিক চিকিৎসা সেৱা । বিগত বৰ্ষৰ আগষ্টত এন আই এম এছত প্ৰায় ৩০ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা হয় এই সেৱা । যিহেতু নিয়মীয়া অস্ত্ৰোপচাৰৰ ব্যয়ৰ তুলনাত এইবোৰৰ ব্যয় অধিক সেইবাবে এয়া এতিয়ালৈকে সাধাৰণ মানুহৰ বাবে উপলব্ধ হোৱা নাই । অৱশ্য়ে বৰ্তমান এন আই এম এছৰ বেছিভাগ সেৱাই দৰিদ্ৰ লোকসকলক প্ৰদান কৰা হৈছে ।

ইউৰোল'জি বিভাগৰ অধ্যাপক আৰু ৰ'বটিক অস্ত্ৰোপচাৰৰ সমন্বয়ক ডাঃ ৰাহুল দেৱৰাজে এই সন্দৰ্ভত ব্য়খ্য়া কৰি কয়, "আৰোগ্যশ্ৰীৰ বাবে যোগ্য নোহোৱা ৰোগীসকলৰ বাবে ই অতি মিতব্য়য়ী, অৰ্থাৎ ৪০ শতাংশ কম ।" এই চিকিৎসালয়খনত ৰ'বটিক চিকিৎসাৰ প্ৰশিক্ষণ দিয়া সন্দৰ্ভত এন আই এম এছৰ সঞ্চালক ডাঃ এন বীৰাপ্পায়ে নাগৰীয়ে কয়," 20 গৰাকী চিকিৎসকে এন আই এম এছত ৰ'বটিক চিকিৎসাৰ প্ৰশিক্ষণ লাভ কৰিছে ।"

উপলব্ধ সেৱাসমূহ:

গেষ্ট্ৰোএণ্টেৰোলজী: পিত্তথলী, অগ্ন্যাশয়, যকৃত, অন্ত্ৰ, খাদ্যনলী, কৰ্কট আৰু অন্যান্য টিউমাৰৰ অস্ত্ৰোপচাৰ । মূত্ৰাশয়, প্ৰষ্টেট, বৃক্ক, টিউবেল ব্লকেজ, হাৰ্নিয়া, এড্ৰেনেল কৰ্কট, আংশিক নেফ্ৰেকট'মী, ৰেডিকেল নেফ্ৰেকট'মী । জৰায়ু, ডিম্বাশয় আৰু মলাশয়ৰ কৰ্কট ৰোগ, গেষ্ট্ৰেকট'মী, পেনক্ৰিয়েক্ট'মি, হেমিকোলেকট'মী আদিৰ চিকিৎসা ।

ৰ'বটিক চিকিৎসাৰ লাভালাভ:

  • ৰ'বটটোৱে চিকিৎসকৰ নিৰ্দেশনাৰে অস্ত্ৰোপচাৰ কৰে ।
  • শৰীৰত কোনো ছিদ্ৰ নাথাকে। ৰ'বটৰ বাহুবোৰ সৰু ছিদ্ৰৰ মাজেৰে শৰীৰৰ অংশবোৰত প্ৰৱেশ কৰোৱা হয় । ৰ'বটৰ বাহুবোৰত থাকে শক্তিশালী কেমেৰা । চিকিৎসকে কম্পিউটাৰটোত চাই ৰ'বটটো চলায় থাকে। এই পদ্ধতিত আনকি চকুৰ বাবে অদৃশ্য ৰক্তনলীবোৰো ২০ গুণ ডাঙৰ দেখা যায়। এই অশ্ৰোপচাৰ এটা ৰ'বটৰ দ্বাৰা শৰীৰৰ কোনো ক্ষতি নকৰাকৈ সম্পন্ন কৰিব পাৰি ।
  • এই পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰিলে শৰীৰত কোনো ডাঙৰ ছিদ্ৰ কৰিব নালাগে । সেইবাবে শৰীৰৰ পৰা প্ৰচুৰ পৰিমানে তেজ ওলোৱাৰ আশংকা নাথাকে ।
  • যদি সাধাৰণ অস্ত্ৰোপচাৰত কৰ্কট ৰোগৰ কোষবোৰ সম্পূৰ্ণৰূপে আঁতৰ কৰা নহয় তেতিয়া পুনৰ সংক্ৰমণ হোৱাৰ আশংকা থাকে। ৰ'বটিক অস্ত্ৰোপচাৰত উচ্চ ৰিজলিউশ্বনত কোষবোৰ সম্পূৰ্ণৰূপে আঁতৰাবলৈ সুবিধা পায় ।

লগতে পঢ়ক:ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি ? আজিয়েই আজিৰ ত্যাগ কৰক এইসমূহ খাদ্য... - fatty liver disease

ভাগৰুৱা অনুভৱ কৰা বা ভোক নলগা যেন অনুভৱ হয় নেকি ? হ’ব পাৰে লিভাৰ চিৰ’ছিছৰ লক্ষণ - Liver Cirrhosis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.