ETV Bharat / entertainment

জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উদ্ভণ্ডালি, আৰক্ষীৰ লাঠীচালনা - Zubeen Garg Controversy

ZUBEEN GARG CONTROVERSY : জুবিন গাৰ্গ মানেই যেন বিতৰ্কৰ আন এটা নামহে ৷ বুধবাৰে নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত দৰ্শকৰ উদ্ভণ্ডালি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰাৰ ঘটনা সংঘটিত হয় ৷

Zubin Garg's concert vandalised, police lathi charge
জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উদ্ভণ্ডালি, আৰক্ষীৰ লাঠীচাৰ্জ
author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 2:03 PM IST

জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত উদ্ভণ্ডালি, আৰক্ষীৰ লাঠীচাৰ্জ

চিটাৰা ডেস্ক, 25 এপ্ৰিল : জুবিন গাৰ্গ আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ সততে হাৰ্টথ্ৰ’বগৰাকীয়ে নিজৰ বিতৰ্কিত মন্তব্যৰ লগতে তেওঁৰ সংগীতানুষ্ঠানত হোৱা উদ্ভণ্ডালিৰ বাবে চৰ্চাত থাকে ৷ এইবাৰো ইয়াৰো অনুৰূপ নহয় ৷

কামৰূপৰ বৰঝাৰত বুধবাৰে নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে ৷ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ভি আই পি শ্যামভূমি হাইস্কুল খেলপথাৰত নিশা অনুষ্ঠিত হয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । জুবিন গাৰ্গক চাবলৈ ভিৰ কৰিছিল অসংখ্য লোকে । জুবিন গাৰ্গৰ গাড়ীৰ সন্মুখত বহুতো লোকে ভিৰ কৰাত নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ লাঠীচালনাত বেৰিকেড ভাঙি দৌৰি পলায়ন কৰে দৰ্শকে ।

আনহাতে জুবিন গাৰ্গৰ গীতৰ তালে তালে নৃত্য কৰে অতিথি হিচাপে উপস্থিত থকা আঙুৰলতাই ৷

ইফালে সোমবাৰে মাজুলীত সত্ৰাধিকাৰসকলৰ সন্দৰ্ভত মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছিল জুবিন গাৰ্গ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে গড়মূৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল 66 সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৷ সোমবাৰে অনুষ্ঠানৰ শেষৰ দিনাৰ মুখ্য অতিথি আছিল শিল্পী জুবিন গাৰ্গ ৷ শিল্পীগৰাকীক অনুষ্ঠানৰ আৰম্ভণিতে প্ৰদান কৰা হয় সপ্তসিন্ধু বঁটা ৷ জনপ্ৰিয় শিল্পীগৰাকীক বঁটা প্ৰদান কৰে গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰগৰাকীয়ে ৷

এই বঁটা গ্ৰহণৰ পিচ মুহূৰ্ততে জুবিন গাৰ্গে কয় যে সাধাৰণ লোকে সত্ৰাধিকাৰসকলক যে প্ৰভূ ঈশ্বৰ বুলি সম্বোধন কৰে ৷ সেয়া কোনোপধ্য গ্ৰহণযোগ্য নহয় ৷ কৃষ্ণ কেতিয়াও ভগৱান নাছিল... তেওঁ কৃষ্ণ মেনহে (মানুহ) আছিল বুলি জুবিনে কয় ৷

তদুপৰি সত্ৰাধিকাৰগৰাকীৰ সন্মুখতে জুবিনে অভব্য শব্দৰ প্ৰয়োগে "মই কাকো খাতিৰ নকৰো" বুলিও একপ্ৰকাৰ দম্ভালি মাৰে ৷ শিল্পীগৰাকীৰ এনে ব্যৱহাৰৰ পাচতে সত্ৰপীঠ মাজুলীত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সামাজিক মাধ্যমতো এই সন্দৰ্ভত ভিন্নজনে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: আকৌ বিতৰ্কত জুবিন; আন এক মন্তব্যৰ বাবে সমালোচিত শিল্পীগৰাকী - Zubeen Garg Controversy

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.