ETV Bharat / entertainment

মহিলা প্ৰিমিয়াৰ লীগৰ মুকলি অনুষ্ঠানত দৰ্শকক মোহিত কৰিবলৈ সাজু কাৰ্তিক আৰিয়ান

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 11:49 AM IST

WPL 2024: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ অনুৰাগীৰ বাবে ভাল খবৰ । খবৰ অনুসৰি অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া মহিলা প্ৰিমিয়াৰ লীগত নৃত্য প্ৰদৰ্শন কৰিব অভিনেতাগৰাকীয়ে । ১৭ মাৰ্চলৈ চলিব লগা এই প্ৰতিযোগিতাখন বেংগালুৰু আৰু দিল্লীত অনুষ্ঠিত হ’ব ।

WPL 2024 : Kartik Aaryan To Give Power-Packed Performance at Opening Ceremony
WPL 2024ত দৰ্শকক মোহিত কৰিবলৈ সাজু কাৰ্তিক আৰিয়ান

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান এইকেইদিন তেওঁৰ আগন্তুক ছবি ‘চান্দু চেম্পিয়ন’ৰ বাবে চৰ্চাত আছে । ইয়াৰ মাজতে এতিয়া অভিনেতাগৰাকীক লৈ আহিছে আন এটা ভাল খবৰ, যিটো শুনি নিশ্চয় তেওঁৰ অনুৰাগীসকল আনন্দিত হ’ব ৷ মহিলা প্ৰিমিয়াৰ লীগত পাৰ্ফৰ্ম কৰিব অভিনেতাগৰাকীয়ে । ২৩ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024)ৰ দ্বিতীয় ছিজন । ১৭ মাৰ্চলৈ চলিব লগা এই প্ৰতিযোগিতাখন বেংগালুৰু আৰু দিল্লীত অনুষ্ঠিত হ’ব ।

ডব্লিউ পি এলত নৃত্য প্ৰদৰ্শন কৰিব কাৰ্তিক আৰিয়ানে

এইবাৰ মহিলা প্ৰিমিয়াৰ লীগ (WPL 2024)ত দেখা বলীউডৰ চমক ৷ মুকলি সভাত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানে সকলোকে নিজৰ নৃত্যৰে আপ্লুত কৰিব । এইখিনিতে উল্লেখ কৰিব লাগিব যে, মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনত কিয়াৰা আদবানী আৰু কৃতি ছেননে নৃত্য প্ৰদৰ্শনেৰে প্ৰতিযোগিতাখনিৰ আৰম্ভণি কৰিছিল ৷ কিন্তু এইবাৰৰ ছিজনত কাৰ্তিক আৰিয়ানে নৃত্য প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব । WPL এ নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি এই তথ্য দিছে ।

কাৰ্তিক আৰিয়ানৰ ৱৰ্কফ্ৰণ্ট

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে কাৰ্তিক আৰিয়ানক শেষবাৰৰ বাবে দেখা গৈছিল ‘সত্যপ্ৰেম কি কথা’ ছবিখনত । এতিয়া আগন্তুক সময়ত তেওঁক দেখা যাব ‘চান্দু চেম্পিয়ন’ আৰু ‘আশিকি ৩’ ছবিত । ‘চান্দু চেম্পিয়ন’ ছবিখনত ভাৰতীয় সেনা জোৱানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব কাৰ্তিকক ।

‘চান্দু চেম্পিয়ন’ৰ কাহিনী কি ?

‘চান্দু চেম্পিয়ন’ এজন খেলুৱৈৰ কাহিনী আৰু যিয়ে কেতিয়াও হাৰ মানিবলৈ শিকা নাই । এই ছবিখন মুৰলিকান্ত পেটকাৰৰ পৰা অনুপ্ৰাণিত । প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক ‘এম এছ ধোনি: দ্য আনটল্ড ষ্ট’ৰী’ ছবিখনৰ সফলতাৰ পিচত পেটকাৰৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল । কিন্তু তেওঁৰ অকাল মৃত্যুৰ পিচত নিৰ্মাতাই এই চৰিত্ৰটোৰ বাবে কাৰ্তিক আৰিয়ানক নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লয় । ১৪ জুনত মুক্তি পাব চান্দু চেম্পিয়ন ছবিখন ।

লগতে পঢ়ক: জুনিয়ৰ এন টি আৰৰ পিচত এইবাৰ দক্ষিণৰ আন এগৰাকী ছুপাৰষ্টাৰৰ স’তে দেখা যাব জাহ্নৱী কাপুৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.