ETV Bharat / entertainment

কলকাতা ধৰ্ষণকাণ্ডৰ মাজতে বাইকাৰে আক্ৰমণ কৰে অভিনেত্ৰী পায়েল মুখাৰ্জীক - Payel Mukherjee car attacked

author img

By ETV Bharat Entertainment Team

Published : Aug 24, 2024, 7:24 PM IST

Who is Payel Mukherjee : কলকাতাৰ ধৰ্ষণকাণ্ডৰ মাজতে কলকাতাৰ ৰাজপথত বাংলা অভিনেত্ৰী পায়েল মুখাৰ্জীক বাইকাৰে আক্ৰমণ কৰে । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ওপৰত সংঘটিত হোৱা অত্যাচাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । ভিডিঅ'টো চাওঁক-

Who is Payel Mukherjee was attacked by biker amid Kolkata rape case watch video
পায়েল মুখাৰ্জী (ETV Bharat)

চিটাৰা ডেস্ক, 24 আগষ্ট : বাংলা অভিনেত্ৰী পায়েল মুখাৰ্জীক যোৱা নিশা দুৰ্বৃত্তই আক্ৰমণ কৰে । এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণৰ ঘটনাক লৈ সমগ্ৰ দেশতে ক্ষোভৰ পৰিৱেশ বিৰাজ কৰাৰ মাজতে এই আক্ৰমণ সংঘটিত হৈছে । পায়েল মুখাৰ্জীয়ে যোৱা নিশা তেওঁৰ ওপৰত হোৱা আক্ৰমণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

এই ভিডিঅ'টোত পায়েল মুখাৰ্জীয়ে দেখুৱাইছে যে কেনেদৰে আক্ৰমণকাৰীয়ে তেওঁৰ গাড়ীখন ভাঙি চূৰমাৰ কৰিছে । এই ভিডিঅ'টোত পায়েলক অতি শংকিত অৱস্থাত দেখা গৈছে ।

  • পায়েল মুখাৰ্জীয়ে কাহিনীটো বৰ্ণনা কৰিছে

পায়েল মুখাৰ্জীয়ে ভিডিঅ'ত কৈছে, ‘‘মই কলকাতাৰ চাউথ এভিনিউৰ মাজেৰে গৈ আছিলো, যেতিয়া হঠাতে এজন বাইক আৰোহীয়ে গাড়ীখনত খুন্দা মাৰিছিল ৷ তাৰ পিচত তেওঁ মোক গাড়ীৰ গ্লাছ নমাই দিবলৈ কৈছিল ৷ যেতিয়া মই গ্লাছ নমাই দিছিলো, তেওঁ মোৰ গাড়ীৰ গ্লাছত খুন্দা মাৰি ভাঙি দিছিল আৰু তাৰ পিচত গাড়ীলৈ বগা পাউডাৰ দলিয়াই দিছিল । পায়েলক ভিডিঅ'টোত কান্দি থকা দেখা গৈছে । পায়েলৰ মুখৰ ভয় স্পষ্টভাৱে দেখা গৈছে ৷ সৌভাগ্যক্ৰমে আৰক্ষীয়ে বাইক আৰোহীজনক ঘটনাস্থলীতে হাতেলোটে ধৰে ।’’

কেৱল বাংলা চিনেমাতে নহয়, দক্ষিণৰ ছবিতো নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে পায়েলে । দীৰ্ঘদিন ধৰি চিনেমাৰ লগত জড়িত হৈ আছে পায়েল । পায়েলে দ্য ছিৱেজ অৱ ৰবিনহুড, চেমেলিয়ন আৰু শ্ৰীৰংগাপুৰৰ দৰে ছবিত নিজৰ যাদু দেখুৱাইছে । পায়েলৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে অন্তৰ যুধ, ইন চাৰ্চ অৱ ছানশ্বাইন, নন ষ্টপ ধমাল আৰু পুল্লু আদি । নন ষ্টপ ধমাল ছবিখনত অভিনয় কৰিব ৰাজপাল যাদৱে । 2017 চনৰ পৰা ছবিত সক্ৰিয় হৈ আছে পায়েল মুখাৰ্জী ৷

পায়েল মুখাৰ্জী ইনষ্টাগ্ৰামত সক্ৰিয় আৰু প্ৰতিদিনে তেওঁৰ ধুনীয়া আৰু চিজলিং ফটো শ্বেয়াৰ কৰি থাকে । পায়েলৰ ইনষ্টাগ্ৰামত 2.2 লাখ অনুৰাগী আছে । পায়েলক অলপতে আলতামাশ ফাৰিদিৰ গানত দেখা গৈছিল । উল্লেখ্য যে, পায়েলেও কলকাতা ধৰ্ষণৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । পায়েলে এই গোচৰটোৰ আদালতৰ পৰা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল আৰু দেশত সংঘটিত ধৰ্ষণৰ বাবে হতাশা ব্যক্ত কৰিছিল ।

লগতে পঢ়ক : সঁচা কথাত মাত মাতিলেও বিপদ: প্ৰসংগ মিমি চক্ৰৱৰ্তীক ভাবুকি - Mimi Chakraborty Rape Threat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.