ETV Bharat / entertainment

মেগাষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি; বৰ্তমান কেনে আছে থালাইভা ? - RAJINIKANTH HOSPITALISED

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

Rajinikanth health updates: দক্ষিণ চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ ৰজনীকান্তক চিকিৎসালয়ত ভৰ্তি । নিশা তীব্ৰ পেটৰ বিষত ভোগা অভিনেতাগৰাকী চিকিৎসাধীন হৈ আছে চেন্নাইৰ এপ’ল’ হাস্পতালত ৷ বৰ্তমান কেনে আছে তেওঁ ? চাওক সবিশেষ-

Rajinikanth
Rajinikanth Hospitalised (IANS)

নিউজ ডেস্ক, 1 অক্টোবৰ: দক্ষিণ চলচ্চিত্ৰ জগতৰ মেগাষ্টাৰ ৰজনীকান্তক সোমবাৰে নিশা চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় । সূত্ৰই জনোৱা মতে, মঙলবাৰে অৰ্থাৎ ১ অক্টোবৰত তেওঁৰ সামান্য অপাৰেচন কৰিবলগীয়া হ’ব পাৰে । মেগাষ্টাৰগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে । অৱশ্যে ৰজনীকান্তৰ স্বাস্থ্য সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য ৰজনীকান্তৰ পৰিয়াল বা চিকিৎসালয়ে দিয়া নাই ।

চেন্নাই আৰক্ষীৰ তথ্য অনুসৰি চিকিৎসালয়ৰ সূত্ৰই নিশ্চিত কৰিছে যে ৰজনীকান্তৰ অৱস্থা সুস্থিৰ । ৰজনীকান্তক পেটৰ তীব্ৰ বিষত ভোগাৰ বাবে চিকিৎসালয়লৈ অনা হয় । জানিব পৰা মতে ১ অক্টোবৰৰ পুৱা চিকিৎসালয়খনৰ কেথেটাৰাইজেচন লেবত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হ’ব । এই খবৰ ওলোৱাৰ পিছত অনুৰাগীসকলে মেগাষ্টাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে । লগতে স্বাস্থ্য সম্পৰ্কীয় আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

‘ভেট্টাইয়ান’ৰ অডিঅ’ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৰজনীকান্তে-

চিকিৎসালয়ত ভৰ্তি হোৱাৰ পূৰ্বে ৰজনীকান্তে শেহতীয়াকৈ তেওঁৰ আগন্তুক ছবি ‘ভেট্টাইয়ান’ৰ অডিঅ’ মুকলি অনুষ্ঠানত অংশ লৈছিল । তেওঁ কেৱল নিজৰ উপস্থিতিৰে নহয় চমকপ্ৰদ নৃত্যৰ ছন্দৰে মঞ্চত আলোড়নৰ সৃষ্টি কৰে । টি জে গ্নানভেলৰ পৰিচালনাত নিৰ্মিত ‘ভেট্টাইয়ান’ ১০ অক্টোবৰত ছবিগৃহত মুক্তি পোৱাৰ কথা । একচন ধৰ্মী হ’ব এইখন ছবি । অফিচিয়েল প্ৰিভিউ মুক্তি পোৱাৰ পিছত ছবিখনক লৈ ব্যাপক চৰ্চা হৈছে ।

'ভেট্টাইয়ান'ৰ সবিশেষ-

‘ভেট্টাইয়ান’ ৰজনীকান্তৰ ১৭০ সংখ্যক ছবি । লাইকা প্ৰডাকচনে প্ৰযোজনা কৰা এই ছবিখনৰ শ্বুটিং ভাৰতৰ চেন্নাই, হায়দৰাবাদ, মুম্বাই, তিৰুৱনন্তপুৰমকে ধৰি বহু সুন্দৰ স্থানত কৰা হৈছে । আনুমানিক ১৬০ কোটি টকাৰ বাজেটেৰে ‘ভেট্টাইয়ান’ বছৰৰ অন্যতম ছবি হ’ব বুলি ধাৰণা কৰা হৈছে । ৰজনীকান্তৰ লগতে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনকো ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । তেওঁলোকৰ বাহিৰেও ৰানা দগ্গুবাটি, ফাহাধ ফাচিল, মঞ্জু ৱাৰিয়ৰ, ঋতিকা সিং, ৰোহিনী, দুশ্ৰা বিজয়ন, ৰাও ৰমেশ আৰু ৰমেশ তিলক আদি অভিনেতা-অভিনেত্ৰীকো এই ছবিখনত দেখা পাব দৰ্শকে ৷

লগতে পঢ়ক: হলীউডৰ ছবিক পিছ পেলাই দেৱৰা পাৰ্ট 1 ৰ নতুন অভিলেখ - Jr NTR Devara Records

হাঁহিবও পৰা নাই, কান্দিবও পৰা নাই; বাকৰুদ্ধ আজি বলীউডৰ দাদা মিথুন চক্ৰৱৰ্তী - Mithun Chakraborty Dadasaheb Phalke

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.