ETV Bharat / entertainment

প্ৰথমটো নাট্যবর্ষৰ বাবে সাজু হৈছে দুখন ভ্ৰাম্যমাণ থিয়েটাৰ - Mobile Theatre preparation - MOBILE THEATRE PREPARATION

Mobile Theatre 2024-25:আকৌ ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আৰম্ভ হৈছে চৰ্চা । আগন্তুক নাট্য়বৰ্ষৰ বাবে কোন অভিনেতা-অভিনেত্ৰীয়ে ক'ত কৰিব অভিনয় । কোনটো নাট্য়গোষ্ঠীয়ে প্ৰদৰ্শন কৰিব কি কি নাটক ?

Mobile Theatre 2024-25
ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰস্তুতি
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:23 PM IST

গুৱাহাটী, ২৮ এপ্ৰিল: অন্ত পৰিল ভ্ৰাম্যমাণ থিয়েটাৰৰ ২০২৩-২৪ নাট্যবৰ্ষৰ । এই নাট্যবৰ্ষৰ যৱনিকাৰ লগে লগে প্ৰতিটো নাট্যগোষ্ঠীয়ে প্ৰস্তুতি চলাইছে আগন্তুক নাট্যবর্ষৰ বাবে । ২০২৪-২৫ বর্ষত ভ্ৰাম্যমাণ জগতত সংযোগ ঘটিব বহুকেইটা নতুন নাট্যগোষ্ঠীৰ । ২০২৪-২৫ নাট্যবৰ্ষত অসমৰ ভ্ৰাম্যমাণ জগতত সংযোজন হ'বলগীয়া এটা নাট্যগোষ্ঠী হৈছে 'কাদম্বৰী থিয়েটাৰ'। এই সন্দৰ্ভত নাট্য়গোষ্ঠীটোৰ প্ৰযোজকে উল্লেখ কৰি কয় যে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি । ৩ খন ভিন্নসুৰী নাটকৰে সাজু হৈছে এই দলটো ।

কাদম্বৰী থিয়েটাৰৰ নাট কেইখন হৈছে হেমন্ত দত্তৰ 'খোজ', প্ৰণৱ বৰুৱাৰ 'জোঁৱাই মোৰ পগলা' আৰু কিশোৰ তহবিলদাৰৰ 'নাচ ভূতুনী নাচ'। কাদম্বৰী থিয়েটাৰৰ মুখ্য প্ৰযোজক পংকজ পাতৰ আৰু প্ৰযোজক ৰাম বড়ো । ইফালে, কাদম্বৰী থিয়েটাৰৰ নাটক কেইখনত ৰাইজে উপভোগ কৰিব পাৰিব ৰাজ ভৈৰৱ,লনিশ্ৰী দাস,গায়ত্ৰী বৰা,কৌতুক অভিনেতা চাজু আহমেদ,নিতুল পাঠক আদিৰ লগতে বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ মনপৰশা অভিনয় । ইতিমধ্যে মুকলি কৰা হৈছে পোষ্টাৰ ।

কেৱল কাদম্বৰী থিয়েটাৰে নহয়, এই বৰ্ষত ভ্ৰাম্যমাণ জগতত সংযোগ হৈছে অন্য এটা নাট্যগোষ্ঠী 'ৰাজধানী থিয়েটাৰ'। ভ্ৰাম্যমাণ থিয়েটাৰৰ 'ট্ৰেজেডি কিং' খ্যাত মৃদুল ভূঞাৰ নেতৃত্বত এদল শক্তিশালী নাট্যযোদ্ধাৰ সমাহাৰেৰে সাজু হৈছে ৰাজধানী থিয়েটাৰ গোষ্ঠী । নাট্যগোষ্ঠীটোত কাজল শৰ্মা, জুনজুন বৰা, ৰূপম শৰ্মা, পদ্ম বৰা, ননী দেৱী, অৰুণ বৰা, কোকিল শইকীয়া, ভৈৰৱ জ্যোতি ভূঞাকে আদি কৰি বহু কেইগৰাকী ন-পুৰণি অভিনেতা -অভিনেত্ৰীয়ে অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে । মল্লিকা ৰয়ৰ প্ৰযোজনা আৰু পদ্ম চেতিয়াৰ সম্পাদনাৰে তিনিখন নাটেৰে সাজু হৈছে নাট্যগোষ্ঠীটো । নাট কেইখন হৈছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ 'তপস্যা','মচি দিম সেন্দুৰ তোমাৰ' আৰু ৰাজদ্বীপৰ 'বিশ্বনাথ জীয়াই আছে'। এইদৰে এতিয়া ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে সাজু হৈছে প্ৰতিটো নাট্যগোষ্ঠী ।

লগতে পঢ়ক:কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ শেষৰ দিনা পাপনে মুহিলে ডিব্ৰুগড়বাসীক - Papon Bihu Program

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.