চিটাৰা ডেস্ক, ১৯ মাৰ্চ: অভিনেতা টাইগাৰ শ্ৰফে অতি বিলাসী জীৱন কটায় । বলীউড লাইফৰ প্ৰতিবেদন অনুসৰি টাইগাৰ প্ৰায় ২৪৮ কোটি টকাৰ সম্পত্তিৰ মালিক । তেওঁ মুম্বাইৰ ৮ বি এইচ কেৰ বিলাসী ঘৰত থাকে । এতিয়া শেহতীয়াকৈ টাইগাৰক লৈ এটা খবৰ আহিছে, কোৱা হৈছে যে টাইগাৰে পুনেত এটা ঘৰ ক্ৰয় কৰিছে, যাৰ মূল্য ৭.৫০ কোটি টকা বুলি কোৱা হৈছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি টাইগাৰে ২০২৪ চনৰ ৫ মাৰ্চত ষ্টাম্প ড্যুটি পৰিশোধ কৰিছে ।
অভিনেতাগৰাকী ইতিমধ্যেই ৮ বি এইচ কে এপাৰ্টমেণ্ট থাকে
ইয়াৰ উপৰিও ৰিপ’ৰ্টত দাবী কৰা হৈছে যে ঘৰটো ক্ৰয় কৰাৰ পিচত টাইগাৰে ইয়াক ভাড়াত দিছে, তাৰ পৰা মাহে ৩.৫ লাখ টকা পাব । অৱশ্যে টাইগাৰৰ ইতিমধ্যে মুম্বাইৰ খাৰত ৮ বিএইচকেৰ এপাৰ্টমেণ্ট আছে । এই এপাৰ্টমেণ্টটোত সকলো ধৰণৰ বিলাসী সা-সুবিধা উপলব্ধ আছে । এই এপাৰ্টমেণ্টটো ৰুষ্টমজী পেৰামাউণ্টত অৱস্থিত । ইয়াৰ মূল্য প্ৰায় ৩৫ কোটি টকা বুলি কোৱা হৈছে । কিছুদিনৰ আগতে মৃণাল ঠাকুৰেও এই স্থানত এপাৰ্টমেণ্ট ক্ৰয় কৰিছিল ।
‘বাড়ে মিঞা ছোটে মিঞা’ত দেখা যাব টাইগাৰক
টাইগাৰৰ কামৰ কথা ক’বলৈ গ’লে সম্প্ৰতি টাইগাৰে তেওঁৰ আগন্তুক ছবি ‘বাড়ে মিঞা ছোটে মিঞা’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । এই ছবিখনত তেওঁক অভিনেতা অক্ষয় কুমাৰৰ সৈতে দেখা যাব ৷ সোনাক্ষী সিনহা, মনুষী চিল্লাৰ আৰু পৃথ্বীৰাজ সুকুমাৰণো ছবিখনৰ গুৰুত্বপূৰ্ণ অংশ ।
কেতিয়া মুক্তি লাভ কৰিব ছবিখন ?
ঈদ উপলক্ষে ছবিগৃহত মুক্তি পাব ‘বাড়ে মিঞা ছোটে মিঞা ’। এই ছবিখন হ’ব ‘চুলতান’ আৰু ‘ভাৰত’ৰ পিচত আলী আব্বাছ জাফৰৰ তৃতীয়খন ঈদত মুক্তি পোৱা ছবি । ছবিখনৰ বাজেট ৩০০ কোটি টকা বুলি কোৱা হৈছে ।
লগতে পঢ়ক: গেম চেঞ্জাৰৰ চেটৰ পৰা ভাইৰেল হৈ পৰিছে কিয়াৰা আদৱানী-ৰাম চৰণৰ লুক