ETV Bharat / entertainment

এইসকল চেলিব্ৰিটিয়ে নাপালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ নিমন্ত্ৰণী পত্ৰ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 12:09 PM IST

Ram Lalla Pran Pratishtha: অযোধ্যাত আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব । বলীউডৰ তাৰকাই ইয়াত অংশগ্ৰহণৰ বাবে পুৱাৰে পৰা অযোধ্যালৈ যাত্ৰা আৰম্ভ কৰিছে । কিন্তু ইয়াৰ মাজতে একাংশ চেলিব্ৰিটিয়ে নাপালে নিমন্ত্ৰণী পত্ৰ ।

These celebrities didn't get invitations for inauguration ceremony of Ram Mandir
এইসকল চেলিব্ৰিটিয়ে নাপালে প্ৰাণ প্ৰতিষ্ঠাৰ নিমন্ত্ৰণ

চিটাৰা ডেস্ক, ২২ জানুৱাৰী: আজি বহু বছৰৰ অপেক্ষাৰ অন্ত পৰিব ৷ বছৰ বছৰ ধৰি ৰাম ভক্তসকলে এই ঐতিহাসিক ক্ষণৰ বাবে অপেক্ষা কৰি আছিল ৷ এতিয়া মাত্ৰ কিছুসময়ৰ পিচতে এই অপেক্ষাৰ অন্ত পৰিব ৷ আজি অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব । এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ ইতিমধ্যেই বহু বিশিষ্ট লোক অযোধ্যাত উপস্থিত হৈছে ৷ ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি বলীউডৰ তাৰকালৈকে সকলোৱে ৰাম মন্দিৰৰ এই ঐতিহাসিক দিনৰ সাক্ষী হ’বলৈ ৰাম জন্মভূমিত উপস্থিত হৈছে । কিন্তু ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণ নাপালে বলীউডৰ একাংশ চেলিব্ৰিটিয়ে ৷ হয়, শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকনলৈকে এইসকল চেলিব্ৰিটিয়ে নাপালে প্ৰাণ প্ৰতিষ্ঠাৰ নিমন্ত্ৰণী পত্ৰ ।

আজি কিছু সময় পূৰ্বে অমিতাভ বচ্চন, ৰজনীকান্ত, ৰণবীৰ কাপুৰ, আলিয়া ভাট, কেটৰিণা কাইফকে ধৰি বহু অভিনেতা অযোধ্যাত উপস্থিত হৈছে ৷ আনহাতে আগতীয়াকৈ অৰ্থাৎ ২১ জানুৱাৰীতেই বহু চেলিব্ৰিট উপস্থিত হৈছিল অযোধ্যাত । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই চেলিব্ৰিটিসকলৰ ফটো আৰু ভিডিঅ’। কিন্তু ইয়াৰ মাজতে একাংশ চেলিব্ৰিটিয়ে নাপালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে নিমন্ত্ৰণ পত্ৰ ৷ জানো আহক নিমন্ত্ৰণ নোপোৱা সেই চেলিব্ৰিটিসকলৰ বিষয়ে . .

শ্বাহৰুখ খান

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খানলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হোৱা নাই । অৱশ্যে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ নকৰাৰ আঁৰৰ কাৰণ এতিয়াও প্ৰকাশ হোৱা নাই ।

ছলমান খান

আনকি ছলমান খানেও নাপালে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ নিমন্ত্ৰণ পত্ৰ । ছলমান খানৰ উপৰিও আমিৰ খানকো নিমন্ত্ৰণ কৰা হোৱা নাই ।

দীপিকা পাডুকন আৰু ৰণবীৰ সিং

বলীউডৰ আটাইতকৈ ৰোমান্টিক দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙকো নিমন্ত্ৰণ কৰা হোৱা নাই । দীপিকা-ৰণবীৰৰ লগতে ছৈফ আলী খান আৰু কৰীণা কাপুৰকো নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হোৱা নাই ।

লগতে পঢ়ক: প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণৰ বাবে অযোধ্যালৈ ৰাওনা এইসকল তাৰকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.