ETV Bharat / entertainment

২০২৪-২৫ বৰ্ষৰ নাট মেলিলে থিয়েটাৰ ৰুদ্ৰাক্ষই - Theatre Rudraksha

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 6:18 PM IST

Theatre Rudraksha : নলবাৰীত ন-উদ্যমেৰে ২০২৪-২৫ নাট্যবৰ্ষৰ থিয়েটাৰ ৰুদ্ৰাক্ষৰ তিনি নাটকৰ আখৰা শুভাৰম্ভ । মঞ্চ অভিনেতা ভৱেশ বৰুৱাই নলবাৰীৰ আৰিকুছিস্থিত আখৰা শিবিৰত শুভ উদ্বোধন কৰে থিয়েটাৰ ৰুদ্ৰাক্ষৰ আখৰা ।

Theatre Rudraksha-begins-rehearsals-for-2024-25-theatre-year-in-nalbari
থিয়েটাৰ ৰুদ্ৰাক্ষৰ আখৰা (ETV Bharat Assam)

নলবাৰী, ২৩ জুলাই : পুনৰ ন-উদ্যমৰে সাজু অসমৰ ভ্ৰাম্যমাণ জগতৰ নৱতম সংযোজন থিয়েটাৰ ৰুদ্ৰাক্ষ । ভ্ৰাম্যমাণ জগতত দ্বিতীয় বৰ্ষত ভৰি দিয়া অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যগোষ্ঠী থিয়েটাৰ ৰুদ্ৰাক্ষ সাজু হৈছে ২০২৪-২৫ নাট্যবৰ্ষ লৈ । সোমবাৰে নিশা নলবাৰীৰ আৰিকুছি ভৱানীপুৰ চ'কস্থিত আখৰা শিবিৰত এই বৰ্ষৰ তিনিখন ভিন্নৰসী নাটকৰ আখৰা আৰম্ভ হয় । এক উদুলি-মুদুলি পৰিৱেশৰ মাজেৰে আৰিকুছিস্থিত আখৰা শিবিৰত নাট্যগোষ্ঠীটোৰ এই বৰ্ষৰ তিনিখন জনপ্ৰিয় নাটকৰ আখৰা শুভাৰম্ভ কৰে মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা তথা ভালে সংখ্যক থিয়েটাৰৰ জন্মদাতা ভৱেশ বৰুৱাই ।

আটাইবোৰ কলা-কুশলী, অভিনেতা-অভিনেত্ৰীৰ লগতে থিয়েটাৰখনৰ লগত জড়িত সকলো শুভাকাংক্ষী আৰু কৰ্মীসকলৰ উপস্থিতিত সোমবাৰে নিশা এক নান্দনিক পৰিৱেশৰ মাজতে থিয়েটাৰ ৰুদ্ৰাক্ষৰ তিনি নাটকৰ আখৰা মুকলি কৰে জ্যেষ্ঠ অভিনেতা ভৱেশ বৰুৱাই । উল্লেখ্য যে, যোৱাটো নাট্যবৰ্ষত থিয়েটাৰ ৰুদ্ৰাক্ষই যথেষ্ট সমাদৰ লাভ কৰি এইবাৰ দ্বিতীয় নাট্যবৰ্ষৰ বাবে নাট মেলিছে । জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ দুখনকৈ নাটক ক্ৰমে মাথো দুদিনৰ প্ৰেয়সী, বাৰিষাৰে ৰ'দালি আৰু জনপ্ৰিয় নাট্যকাৰ প্ৰশান্ত মেনাৰ দ্বাৰা ৰচিত ৰণাংগনৰ ৰূপহী নামৰ তিনিখন ভিন্নৰসী নাটকৰ সৈতে ৰাইজৰ মাজত সোৱাদ দিবলৈ সাজু হৈছে নাট্যগোষ্ঠীটো ।

লগতে পঢ়ক : উদুলি-মুদুলি নলবাৰীৰ আখৰাগৃহ : নাট মেলিলে বৰদৈচিলা থিয়েটাৰে - MOBILE THEATRE OF ASSAM

নাট্যগোষ্ঠীটোৰ সকলো অভিনেতা-অভিনেত্ৰী তিনিখন নাটকত ভিন্নৰূপী অভিনয় কৰিবলৈ সাজু হৈছে । তিনিওখন নাটকৰে পৰা ৰাইজে এক সুকীয়া সুকীয়া সোৱাদ পাব বুলি অভিনেতা-অভিনেত্ৰীসকলে দাবী কৰিছে । আনহাতে আখৰা শিবিৰ মুকলি কৰি বিশিষ্ট অভিনেতা ভৱেশ বৰুৱাইয়ো তিনিওখন নাটকে ৰাইজক আমোদ দিব বুলি জনায় । লগতে অভিনেতাগৰাকীয়ে এইবাৰ ৰুদ্ৰাক্ষৰ লগত প্ৰত্যক্ষভাৱে জড়িত হ’বলৈ পাই যথেষ্ট সুখ ব্যক্ত কৰে সাংবাদিকৰ আগত ।

ইপিনে প্ৰযোজক ৰূপজ্যোতি বৰাইয়ো তিনিওখন নাটকেই ৰাইজক আমোদ দিব বুলি সদৰী কৰি চুক্তিবদ্ধ হোৱা অভিনেতা-অভিনেত্ৰীসকলেও থিয়েটাৰ ৰুদ্ৰাক্ষৰ হৈ কাম কৰি দৰ্শকৰ লগতে গোষ্ঠীটোক আগুৱাই নিব বুলি আশাবাদী । লগতে তেওঁ কয় যে, যোৱাটো বৰ্ষৰ দৰে আধুনিকতাৰ বাটেৰে এইবাৰো ৰুদ্ৰাক্ষৰ মঞ্চত দৰ্শকে নতুনত্ব দেখিবলৈ পাব । ৰাইজক নাটক চাবলৈ আহ্বান জনাই কিবা ভুল-ভ্ৰান্তি হ’লে আঙুলিয়াই দিয়াৰ লগতে গোষ্ঠীটোক আগুৱাই নিবলৈ আহ্বান জনাই প্ৰযোজক ৰূপজ্যোতি বৰা আৰু অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে ।

লগতে পঢ়ক : ন-উদ্যমৰে ২০২৪-২৫ নাট্যবৰ্ষৰ আখৰা আৰম্ভ থিয়েটাৰ ভাগ্যদেৱীৰ - Theatre Bhagyadevi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.