ETV Bharat / entertainment

'স্বৰ্গৰথ'ৰ মুক্তিলৈ মাজত মাত্ৰ এটা দিন, মহানগৰীত ব্যাপক প্ৰচাৰ - Assamese Film Swargarath

author img

By ETV Bharat Assamese Team

Published : Jun 5, 2024, 9:16 PM IST

Assamese Film Swargarath: মহানগৰীৰ ৰাজপথে, ৰাজপথে "স্বৰ্গৰথ"ৰ প্ৰচাৰ । ৭ জুনত ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰিব এই নতুন অসমীয়া ছবিখনে । বুক মাই শ্ব'ত মুকলি কৰা হৈছে ছবিখনৰ আগতীয়া টিকট বুকিং ব্যৱস্থা ।

'Swargarath' campaign in Guwahati, booking open on Book My Show
'স্বৰ্গৰথ'ৰ মুক্তিলৈ মাজত মাত্ৰ এটা দিন (ETV Bharat Assam)

গুৱাহাটী,৫ জুন: মাজত মাত্ৰ এটা দিন বাকী । মুক্তিৰ বাবে সাজু 'স্বৰ্গৰথ' । এ.এম টেলিভিশ্যনৰ বেনাৰত ৰাজেশ ভূঞাৰ পৰিচালনাৰে অহা ৭ জুনত ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে মুক্তি লাভ কৰি এই নতুন অসমীয়া ছবিখনে । ছবিখনৰ মুক্তিৰ পূৰ্বে কলা-কুশলীয়ে উজনিৰ পৰা নামনিলৈ চলাইছে ব্যাপক প্ৰচাৰ । ৰাজ্যৰ চৌদিশে প্ৰচাৰ চলোৱাৰ পাচত বুধবাৰে মহানগৰীৰ ভিন্ন প্ৰান্ততো প্ৰচাৰ চলিল ছবিখনৰ । স্বৰ্গৰথৰ প্ৰচাৰত অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা কমল লোচনে ।

ছবিখনৰ সন্দৰ্ভত অভিনেতা কমল লোচনে কয়, "ৰাইজক আকৃষ্ট কৰিব পাৰিম নে নোৱাৰো সেইটো ছবিখন চোৱাৰ পাচতহে গম পাম । উজনিৰ পৰা নামনিলৈ আমি ছবিখনৰ প্ৰচাৰ চলাইছো । আজি গুৱাহাটী মহানগৰীত প্ৰচাৰ চলাই থকা হৈছে । খুৱ মৰমত বনোৱা এখন ছবি 'স্বৰ্গৰথ'। ছবিখনৰ বিষয়বস্তু খুবেই প্ৰাসংগিক । আশাকৰো ৰাইজে ভাল পাব ।" ৭ জুনত মুক্তিলাভ কৰিবলগীয়া ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, ৰাষ্ট্ৰীয় পৰ্যায়ত নাম জিলিকাই তোলা অভিনেতা কেনি বসুমতাৰী, কমল লোচন , বনি দেউৰী, ৰিন্তু বৰা আদিকে ধৰি আন কেইগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।

আনহাতে 'স্বৰ্গৰথ' ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞা আৰু শান্তনু ৰৌমূৰীয়াৰ । সহকাৰী পৰিচালক হিচাপে আছে মনোজ শইকীয়া । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । সম্পাদনা কৰিছে প্ৰতীম খাউণ্ডে । ইফালে ছবিখন শীৰ্ষ গীতটিত কন্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী অৰূপ জ্যোতি বৰুৱাই । ইতিমধ্যে বুক মাই শ্ব'ত মুকলি কৰা হৈছে ছবিখনৰ টিকট । আগতীয়াকৈ বুক কৰিব পাৰিব ছবিখনৰ টিকট । আনহাতে ছবিখনৰ শীৰ্ষ গীত আৰু ট্ৰেইলৰে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰাৰ পাচত ছবিখনক লৈ অধিক আশাবাদী হৈ পৰিছে কলা-কুশলীসকল ।

লগতে পঢ়ক: চৰ্চাত স্বৰ্গৰথ; মুক্তি পালে মন বন্ধু শীৰ্ষক গীতটি - Assamese Film Swargarath

স্বৰ্গৰথ চাবলৈ স্বৰ্গলৈ নালাগে যাব: কাষৰে চিনেমা হলটোলৈকে যাব - New Assamese Film Swargarath

মনোৰঞ্জনৰ খোৰাক দিবলৈ শীঘ্ৰেই আহি আছে স্বৰ্গৰথ - Swargarath Trailer Out

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.