ETV Bharat / entertainment

বিশেষ বেচেলৰেটৰ পৰা উভতি আহিল সোনাক্ষী-জাহীৰ - Sonakshi Zaheer Iqbal Wedding

Sonakshi Zaheer Iqbal Wedding : সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে বিয়াৰ আগতে তেওঁলোকৰ আটাইতকৈ ভাল বন্ধুবৰ্গই আয়োজন কৰা এটা পাৰ্টীত ভাল সময় অতিবাহিত কৰে । খবৰ অনুসৰি প্ৰেমিকযুগল ২৩ জুনত মুম্বাইত বিবাহপাশত আৱদ্ধ হ'ব ।

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 11:02 AM IST

Sonakshi Sinha- Zaheer Iqbal Wedding: Latter Returns from 'Special' Bachelorette with Friends
বন্ধুৰ সৈতে জাহীৰ ইকবাল আৰু সোনাক্ষী ((Zaheer Iqbal Instagram handle))

চিটাৰা ডেস্ক, 20 জুন : বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা আৰু জাহীৰ ইকবালে বিয়াৰ আগতে তেওঁলোকৰ বেচেলৰেট পাৰ্টী উদযাপন কৰে ৷ দুয়োৰে ঘনিষ্ঠ বন্ধুৱে আয়োজন কৰে এই পাৰ্টীৰ । এতিয়া বিয়াৰ মাত্ৰ দুদিনমান আগতে অভিনেতা ছাকিব ছালিমকে ধৰি বন্ধুসকলৰ সৈতে দুবাইৰ পৰা নিজৰ ঠাইলৈ উভতি আহিছে দৰা-কইনা ।

Sonakshi Sinha- Zaheer Iqbal Wedding: Latter Returns from 'Special' Bachelorette with Friends
জাহীৰ ইকবালৰ ইনষ্টা ষ্ট’ৰী ((Zaheer Iqbal Instagram handle))

বিবাহৰ ভাইৰেল নিমন্ত্ৰণী পত্ৰ আৰু বিভিন্ন চেলেব্ৰিটীৰ পৰা নিশ্চিত কৰা তথ্য অনুসৰি সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল ২৩ জুনত বিবাহপাশত আৱদ্ধ হ’ব । শেহতীয়াকৈ দুয়োৱে বন্ধু-বান্ধৱীৰ দ্বাৰা আয়োজিত এক সজীৱ পাৰ্টী অংশগ্ৰহণ কৰি অবৈবাহিক জীৱনৰ শেষৰ দিনকেইটা উদযাপন কৰে ।

সোনাক্ষীৰ ডাবল এক্সএলৰ সহ-অভিনেত্ৰী হুমা কুৰেশ্বীয়ে তেওঁৰ বেচেলৰেট উদযাপনৰ সময়ত তেওঁক সংগ দিয়াৰ বিপৰীতে জাহীৰে তেওঁৰ বন্ধু ছাকিব ছালিমৰ সৈতে পাৰ্টী কৰে ।

লগতে পঢ়ক : সোনাক্ষী-জাহীৰৰ বিবাহৰ নিমন্ত্ৰণী পত্ৰত কিউআৰ কোড ! - Sonakshi Zaheer Iqbal Wedding

ছালিমে মুম্বাইলৈ উভতি আহি ইনষ্টাগ্ৰামত দৰাৰ সৈতে এখন গ্ৰুপ ফটো পোষ্ট কৰে ৷ তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত তেওঁ বিমানবন্দৰৰ পৰা এখন ফটো শ্বেয়াৰ কৰে । নোটবুকৰ অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত ৰঙা হৃদয়ৰ ইম’জীৰে গ্ৰুপ ফটোখন পুনৰ শ্বেয়াৰ কৰি কেমেৰাৰ সন্মুখত সকলোৱে প’জ দিয়া ভিডিঅ’ ৰেকৰ্ডিং কৰে । ইয়াৰ কেপচনত তেওঁ লিখে, "ই বিশেষ ৷"

বিয়াৰ ভাইৰেল নিমন্ত্ৰণী পত্ৰ অনুসৰি ২৩ জুনত সোনাক্ষী আৰু জাহীৰে যুগ্ম জীৱনৰ পাতনি মেলিব আৰু মুম্বাইস্থিত শিল্পা শ্বেট্টীৰ ৰেস্তোঁৰাত ভোজৰ আয়োজন কৰিব । তেওঁলোকেই নিশ্চিত কৰিছিল যে উৰাবাতৰিবোৰ বাস্তৱ আছিল ৷ এতিয়া জানিব পৰা মতে, শীঘ্ৰেই বিবাহপাশত আবদ্ধ হ’বলগীয়া দুই তাৰকাই অতিথিসকলক ৰঙা ৰংটো এৰাই চলি আনুষ্ঠানিক আৰু উৎসৱমুখৰ সাজ-পোছাক পিন্ধি আহিবলৈ কৈছে ।

বাতৰিৰ প্ৰতিবেদন অনুসৰি, সোনাক্ষী-জাহীৰে ২০ জুনত মাত্ৰ ৫০ জন লোকৰ উপস্থিতিত তেওঁলোকৰ হালধি অনুষ্ঠান অনুষ্ঠিত কৰিব । কইনাই হালধীয়া আৰু গুলপীয়া ৰঙৰ সলনি বিবাহৰ পূৰ্বৰ অনুষ্ঠানৰ বাবে অপ্ৰত্যাশিত ৰং বাছনি কৰিছে । তেওঁৰ দাবাং ছবিখনৰ সহ-অভিনেতা ছলমান খান আৰু হীৰামাণ্ডীৰ গোটেই দলটোৱে অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক : জীয়েকৰ বিয়া: বাপেকে কৈছে- আজিকালিৰ ল’ৰা-ছোৱালীয়ে একো নোসোধে ! - Sonakshi Zaheer Iqbal Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.