ETV Bharat / entertainment

এটা টাটুক লৈ কৌতুহল : তাকে দেখি আমোদ পাইছে দিশা পাটানীয়ে - Disha Patani Prabhas tattoo

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 2:15 PM IST

Disha Patani Prabhas tattoo: দিশাৰ হাতত এটা টাটু, তাকে লৈ নেটিজেনৰ চকুত নাই টোপনি ৷ টাটুক লৈ সৰ্বত্ৰে চৰ্চা চলা দেখি আমোদ পাইছে অভিনেত্ৰীগৰাকীয়ে ৷ অৱশেষত মৌনতা ভংগ কৰি প্ৰকাশ কৰিলে এই কথা-

Disha Patani Prabhas tattoo
দিশা পাটানী-প্ৰভাস ((ANI))

চিটাৰা ডেস্ক, 3 জুলাই : দিশা পাটানীৰ ডেটিং লাইফ সদায় লাইমলাইটত থাকে । এসময়ত টাইগাৰ শ্ৰফৰ সৈতে প্ৰেমৰ বাতৰিৰে প্ৰায়ে শিৰোনামত থাকিছিল দিশা ৷ পিছে টাইগাৰৰ লগত ব্ৰেকআপ হোৱাৰ পিচৰে পৰা আৰু বেছিকৈহে চৰ্চা চলিল দিশাৰ প্ৰেম জীৱনক লৈ ৷ ব্ৰেকআপৰ পিচতো দিশা-টাইগাৰক দুই এটা ইভেণ্টত একেলগে দেখা গৈছিল ৷ টাইগাৰৰ পৰিয়ালৰ সৈতে দিশাৰ অৱশ্যে এতিয়া ভাল সম্পৰ্ক ৷

শেহতীয়াকৈ দিশা চৰ্চালৈ আহিল হাতত বনোৱা টাটু এটাৰ বাবে ৷ পাপাৰাজ্জীয়ে তোলা ফটোখনত কৰা দিশাক বাটাৰফ্লাই ডিজাইনেৰে সজোৱা নীলা টেংক টপ, বগা পেণ্ট, বগা হেণ্ডবেগ আৰু গাঢ় ৰঙৰ ছানগ্লাছৰ সৈতে দেখা গৈছে । আকৰ্ষণীয় লুকত থকা দিশাৰ বাওঁ হাতৰ টাটুটোৱেহে সকলোৰে মনোযোগ আকৰ্ষণ কৰে ।

"PD" বুলি লিখি দিশাই বনাইছে এটা নতুন টাটু ৷ এতিয়া নেটিজেন ভাবিবলৈ বাধ্য হৈ পৰিছে যে PD য়ে আচলতে সূচাইছে কি ? Disha Patani (PD), Prabhas-Disha (PD) কি ? প্ৰভাস আৰু দিশাই Kalki 2898 AD ত একেলগে কাম কৰিছে ৷ প্ৰভাসৰ সৈতেও বহুদিন ধৰি প্ৰেমৰ বাতৰিৰে চৰ্চাত আছে দিশা ৷

লগতে পঢ়ক : লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱ 2024 ত সন্মানিত হ'ব শ্বাহৰুখ - SRK Locarno Film Festival 2024

দিশাই ইনষ্টাগ্ৰামত টাটুৰে সৈতে ফটোখন আপলোড কৰাৰ পিচতেই নেটিজেন জপিয়াই পৰে কমেণ্ট ছেকশ্যনত ৷ নিজ নিজ গৱেষণাৰে সকলোৱে নিজৰ মন্তব্য ৰাখে ৷ কিছুমানে মত প্ৰকাশ কৰে যে, দিশাই কল্কি ২৮৯৮ এডিৰ সহ অভিনেতা প্ৰভাসৰ সৈতে তেওঁৰ সম্পৰ্ক নিশ্চিত কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে প্ৰভাস (ৰেড হাৰ্ট ইমোজি) দিশা । ছবিখন শ্বেয়াৰ কৰি দিশাই লিখিছে, "মোৰ টাটুৰ চাৰিওফালে ইমান কৌতূহল দেখি আমোদ পাইছো ! আনন্দটো কি আৱিষ্কাৰ কৰক ! #cloudnine ।"

টাইগাৰৰ পিচত দিশাক আলেকজেণ্ডাৰ এলেক্স ইলিকৰ সৈতে ঘূৰি ফুৰা দেখা গৈছিল । যেতিয়া আলেকজেণ্ডাৰৰ বাহুত দিশা সদৃশ এটা ডাঙৰ টাটু সকলোৱে প্ৰত্যক্ষ কৰিছিল, তেতিয়া তেওঁলোকৰ সম্পৰ্কক লৈ অনুমান বৃদ্ধি পাইছিল ৷ অৱশ্যে লাহে লাহে তেওঁলোকক একেলগে দেখা পোৱাটো দুৰ্লভ হৈ পৰে । তেওঁলোকে কেতিয়াও সম্পৰ্কৰ স্থিতি নিশ্চিত বা অস্বীকাৰ কৰা নাই ।

শেহতীয়াকৈ, দুয়োকে অক্ষয় কুমাৰৰ বাসগৃহত ভলীবল খেলি থকা দেখা গৈছিল । বৰ্তমান, অক্ষয়ে ৱেলকাম ফ্ৰেঞ্চাইজিৰ তৃতীয় কিস্তি এডভেঞ্চাৰ কমেডী ৱেলকাম বেকৰ চিত্ৰগ্ৰহণ কৰি আছে, য’ত দিশাও আছে । ৱেলকাম বেকৰ উপৰিও, দিশা সূৰ্যৰ কংগুৱাৰ বাবেও সাজু হৈছে ।

লগতে পঢ়ক : Disha Patani: দিশা পাটানীৰ প্ৰেমিকৰ হাতত অভিনেত্ৰীগৰাকীৰ মুখৰ টেটু, ব্যৱহাৰকাৰীয়ে ক’ল - এতিয়া টাইগাৰৰ কি হ’ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.