চিটাৰা ডেস্ক, 10 মাৰ্চ: ২৮ বছৰৰ পিচত ভাৰতত আয়োজন কৰা হয় মিছ ৱৰ্ল্ড প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে মুম্বাইৰ জিঅ’ কনভেনচন চেণ্টাৰত অতি ধুমধামেৰে অনুষ্ঠিত হয় ৷ এই বিশেষ অনুষ্ঠানত বহু চেলিব্ৰিটিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে ৷ ইফালে এইবাৰ এই প্ৰতিযোগিতাৰ অংশ আছিল মুম্বাইত জন্মগ্ৰহণ কৰা ছিনি শ্বেট্টী ৷ আন প্ৰতিযোগীসকলৰ সৈতে তেওঁ কঠিন যুঁজ দিয়াৰ পিছতো তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰিবলৈ সক্ষম নহ’ল ৷ গৃহ চহৰতে প্ৰতিযোগিতাখনৰ বিজয়ৰ ইমান ওচৰত থকাৰ পিচতো জয়লাভ নকৰাৰ বাবে তেওঁ খুবেই দুক্ষিত অনুভৱ কৰে ৷ যদিও তেওঁৰ সৌন্দৰ্য, বুদ্ধিমত্তা আৰু আত্মবিশ্বাসেও সকলোকে আপ্লুত কৰিছিল ৷ জানো আহক প্ৰতিযোগিতাত ছিনিক কি প্ৰশ্ন কৰা হৈছিল-
এই প্ৰতিযোগিতাত ছিনি শ্বেট্টীয়ে ১১৭ খন ভিন্ন দেশৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিছিল ৷ এই বিশেষ অনুষ্ঠানত মডেলগৰাকীয়ে প্ৰতিযোগিতাখনত যৎপৰোনাস্তি চেষ্টা কৰি শীৰ্ষ ৮ গৰাকী প্ৰতিযোগীৰ তালিকাত অন্তৰ্ভুক্ত হয় ৷ এই সময়ত শ্ব’টোৰ আয়োজকে তেওঁক এটা প্ৰশ্ন সুধিছিল যাৰ উত্তৰ ছিনিয়ে সম্পূৰ্ণ আত্মবিশ্বাসেৰে দিছিল আৰু সকলোকে আপ্লুত কৰিছিল ৷
প্ৰশ্নটো কি আছিল ?
ছ’চিয়েল মিডিয়াৰ জৰিয়তে নাৰী সৱলীকৰণৰ প্ৰচাৰ আৰু প্ৰসাৰ কিদৰে আগবঢ়াই লৈ যাব পাৰি কিবা পৰামৰ্শ দিব পাৰিবনে ?
ইয়াৰ উত্তৰত ছিনিয়ে কয়, বৰ্তমান সময়ত সামাজিক মাধ্যম খুবেই শক্তিশালী ৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে পৰিৱৰ্তন আৰু সজাগতা বিয়পোৱাটো বৰ্তমান অতি সহজ হৈ পৰিছে৷ জেন Zএ ইয়াত সহায় ল’ব পাৰে আৰু মই নিজেও জেন Zৰ অংশ ৷ আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে সজাগতা বিয়পাই নাৰী সৱলীকৰণৰ প্ৰচাৰ কৰিব পৰা যায় ৷ এই ক্ৰমত মই ইয়াৰ এটা মাধ্যম আৰু পৰিৱৰ্তনৰ শক্তি হ’ব বিচাৰো ৷
ইফালে ছিনিৰ কথা ক’বলৈ গ’লে তেওঁ মুম্বাইৰ নিবাসী আৰু তেওঁৰ পৰিয়াল দক্ষিণ ভাৰতৰ৷ তেওঁ এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম নৃত্যশিল্পী ৷ ছ’চিয়েল মিডিয়াতো অতি সক্ৰিয় আৰু ইনষ্টাগ্ৰামত প্ৰায় তেওঁৰ ৪ লাখ ফ’ল’ৱাৰ আছে ৷
উল্লেখ্য যে, এইবাৰৰ Miss World 2024ৰ খিতাপ দখল কৰিছে চেক ৰিপাব্লিকৰ ক্ৰীষ্টিনা পিজকোভাই ।
লগতে পঢ়ক: আজি মিছ ৱৰ্ল্ড ২০২৪ৰ গ্ৰেণ্ড ফিনালে, কেতিয়া, ক’ত লাইভ চাব পাৰিব জানি লওক