ETV Bharat / entertainment

গুৱাহাটী বিশ্ববিদ্যালয়ত 'চিকাৰ’ৰ বাবে অভিযানত নামিল জুবিন - ASSAMESE FILM SIKAAR

author img

By ETV Bharat Entertainment Team

Published : Sep 9, 2024, 5:08 PM IST

Assamese movie Sikaar : 'চিকাৰ’ৰ প্ৰচাৰত ব্যস্ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ । দেওবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত 'চিকাৰ’ৰ প্ৰচাৰৰ চলাই জুবিনে । লগতে উন্মোচন কৰা হয় আহিবলগীয়া ছবিখনৰ পোষ্টাৰ ।

Zubeen Garg Movie Sikaar
গুৱাহাটী বিশ্ববিদ্যালয়ত জুবিন গাৰ্গ (ETV Bharat Assam)

গুৱাহাটী, 9 ছেপ্টেম্বৰ : মাজত আৰু কেইটামান দিন বাকী । অহা 20 ছেপ্টেম্বৰত ছবিগৃহলৈ আহি আছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰচাৰত ব্যস্ত এতিয়া হৈ পৰিছে জুবিন গাৰ্গ । দেওবাৰে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ত ‘চিকাৰ’ ৰ প্ৰচাৰৰ বাবে উপস্থিত হয় টীম চিকাৰৰ সৈতে জুবিন গাৰ্গ ৷ গোপীনাথ বৰদলৈ 2 নং দুমহলীয়া ছাত্ৰাবাসত ছবিখনৰ প্ৰচাৰ চলাই কণ্ঠশিল্পীগৰাকীয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ পোষ্টাৰ মুকলি কৰে জুবিন গাৰ্গে । জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল । উক্ত অনুষ্ঠানৰ পৰাই ছবিখন চাবলৈ সকলোকে আহ্বান জনাই জুবিনে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পীগৰাকীয়ে কয়, “চিকাৰৰ প্ৰচাৰ আমি আৰম্ভ কৰিছো । এইখন অসমৰ প্ৰথম ছবি যিখনৰ 70% শ্বুটিং লণ্ডনত কৰা হৈছে । মানুহে ছবিখন চাই ভাল পাব । অন্য ধৰণৰ এটা কাহিনী ৷ মই এজন আদিবাসী ল'ৰাৰ চৰিত্ৰত ছবিখনত অভিনয় কৰিছো ।”

লগতে পঢ়ক : চলচ্চিত্ৰপ্ৰেমীৰ বাবে ছেপ্টেম্বৰ মাহটোৱে লৈ আহিব মনোৰঞ্জনৰ টোপোলা - Upcoming Assamese Films

উল্লেখ্য যে, অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও অসমৰ চাহ উদ্যোগৰ আছে এটা অন্ধকাৰ দিশ ৷ সেই দিশটো উন্মোচন কৰাৰ লগতে উদ্যোগটোত কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু শ্ৰমিকসকল সন্মুখীন হৈ অহা ক্ষতিগ্ৰস্ততাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দেবাংকৰ বৰগোঁহাইৰ ।

ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য । লগতে ছবিখনত অভিনয় কৰিছে জুবিন গাৰ্গ, আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, ধ্যানী মোহন, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে ব্ৰিটেইনৰ অভিনেতা পল অ' নীল, ফান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে ।

লগতে পঢ়ক : মুক্তি পালে বহু প্ৰত্যাশিত অসমীয়া ছবি চিকাৰৰ টিজাৰ - NEW ASSAMESE FILM SIKAAR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.