মৰাণ, 15 মে’ : ব’হাগ শেষ হ'ল যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত চলি আছে ব’হাগী বিদায় মহোৎসৱ । ৰাজ্যৰ ভিন্ন প্ৰান্তত পুৱতি নিশালৈকে প্ৰতিখন ব’হাগী বিদায় মহোৎসৱত জনপ্ৰিয় কন্ঠশিল্পীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিছে হাজাৰ হাজাৰ ৰাইজে । ইয়াৰ মাজতেই দুই এঠাইত হাঁহিৰ খোৰাক যোগাব পৰা ঘটনা হোৱাৰ লগতে ঠায়ে ঠায়ে কিছু কণ্ঠশিল্পীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰো সন্মুখীন হ’বলগীয়া হৈছে । এইবাৰ বিহু সমিতিয়ে বিপদত পেলালে জনপ্ৰিয় কণ্ঠশিল্পী মণ্টুমণি শইকীয়াক ।
ব'হাগী বিদায় মহোৎসৱৰ উদযাপন সমিতিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ মণ্টুমণি শইকীয়াৰ। বেনাৰ-পোষ্টাৰত কণ্ঠশিল্পীগৰাকীৰ ফটোসহ নাম ব্যৱহাৰ কৰি প্ৰচাৰৰ অভিযোগ উত্থাপন কৰে বৃহত্তৰ ডিব্ৰুগড়ৰ আমোলাপট্টি গাডপাৰা ব'হাগী বিদায় মহোৎসৱৰ উদযাপন সমিতিৰ বিৰুদ্ধে । কণ্ঠশিল্পীগৰাকীয়ে জনোৱা অনুসৰি, আজি তথা 15 মে' অৰ্থাৎ আজি বৃহত্তৰ ডিব্ৰুগড়ৰ আমোলাপট্টি গাডপাৰা ব'হাগী বিদায় মহোৎসৱত তেওঁক গীত পৰিৱেশন কৰিবলৈ মতা হৈছিল ৷ আয়োজকে ইতিমধ্যে বিদায় মহোৎসৱৰ বাবে আগধন দি বেনাৰ, পোষ্টাৰত মণ্টুমণিৰ ফটোসহ নাম প্ৰচাৰ কৰিছিল । কিন্তু অতি ৰহস্যজনকভাৱে নিৰ্ধাৰিত দিনটোৰ আগদিনা অৰ্থাৎ 14 মে’ৰ দিনা প্ৰশাসনৰ অনুমতি নোপোৱাৰ বাবে অনুষ্ঠান বাতিল কৰা বুলি উদযাপন সমিতিয়ে অৱগত কৰে কণ্ঠশিল্পীগৰাকীক ৷
কিন্তু এতিয়াও ব’হাগী বিদায় মহোৎসৱৰ কাৰ্যসূচী বাতিল হোৱা নাই বুলি জানিব পাৰে কণ্ঠশিল্পীগৰাকীয়ে। যাৰ ফলত এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। 14 মে’ত চৰাইদেউৰ সোণাৰিত নিশা অনুষ্ঠান কৰি সোণাৰিত বাহৰ পাতি থকা কণ্ঠশিল্পী মণ্টুমণি শইকীয়াৰ লগতে তেওঁৰ সহযোগী শিল্পীৰ দলটোৱে ব'হাগী বিদায় মহোৎসৱৰ উদযাপন সমিতিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলি আইনৰ সহায় লোৱা হ'ব বুলিও জানিবলৈ দিছে ।
লগতে পঢ়ক: স্বৰ্গৰথ চাবলৈ স্বৰ্গলৈ নালাগে যাব: কাষৰে চিনেমা হলটোলৈকে যাব - New assamese film swargarath