চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA) 14 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে । ডুবাইত আয়োজন কৰা হৈছে এই বঁটা প্ৰদান অনুষ্ঠান । শনিবাৰে তেলুগু আৰু কানাড়া বিজয়ী ঘোষণা কৰাৰ বিপৰীতে দেওবাৰে (15 ছেপ্টেম্বৰ) তামিল আৰু মালয়ালম উদ্যোগৰ শ্ৰেষ্ঠ তাৰকা আৰু ছবি ঘোষণা কৰা হয় ।
বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন, দক্ষিণৰ অভিনেত্ৰী নয়নতৰা আৰু চিয়ান বিক্ৰমে SIIMA 2024 চনৰ সৰ্ববৃহৎ বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে । ঐশ্বৰ্য আৰু বিক্ৰমে তামিল ভাষাৰ ‘পন্নিয়িন চেলভান 2’ ছবিত স্মৰণীয় অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতা (সমালোচক) বঁটা লাভ কৰে । আনহাতে ৰজনীকান্তৰ জেইলাৰে শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰে ।
SIIMA 2024 তামিল বিজয়ী সম্পূর্ণ তালিকা…
শ্ৰেষ্ঠ চলচ্চিত্ৰ - জেইলাৰ (ছান পিকচাৰ্ছ, নেলচন দিলীপকুমাৰ)
শ্ৰেষ্ঠ পৰিচালক - নেলচন দিলীপ কুমাৰ (জেইলাৰ)
শ্ৰেষ্ঠ অভিনেতা (মহিলা) - নয়নতৰা (অন্নপূৰ্ণি)
শ্ৰেষ্ঠ অভিনেতা - বিক্ৰম (পন্নিয়িন চেলভান: 2)
শ্ৰেষ্ঠ আত্মপ্ৰকাশ পৰিচালক - ৱিগনেশ ৰাজা (পোৰ থোজিল)
শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰী - প্ৰীতি অঞ্জু আসৰাণী (অয়োথি)
শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেতা - হৃদয় হাৰুণ (ঠগছ)
শ্ৰেষ্ঠ পৰিচালক (সমালোচক) - অৰুণ কুমাৰ সোনাইমুথু (চিট্ঠা)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক) - ঐশ্বৰ্য ৰায় বচ্চন (পন্নিয়িন চেলভান: 2)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক): শিৱকাৰ্তিকেয়ান (মাবীৰন)
শ্ৰেষ্ঠ সহঅভিনেতা - সৰিতা (মাবীৰন)
সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা - বসন্ত ৰবি (জেইলাৰ)
নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা - অৰ্জুন (লিঅ’)
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী - থেনি ইছৱাৰ (মমন্নান)
শ্ৰেষ্ঠ গীতিকাৰ - ৱিগনেশ শিৱান (জেইলাৰৰ পৰা ৰথমাৰে)
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ) - ছিন ৰোল্ডান (গুড নাইটৰ পৰা নান গলী)
কমেডি চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা – যোগী বাবু (জেইলাৰ)
ৰাইজিং ষ্টাৰ - সন্দীপ কিষাণ
বছৰটোৰ অসাধাৰণ প্ৰদৰ্শন - এছ জে সূৰ্য
আটাইতকৈ আশাব্যঞ্জক অভিনেতা – কবিন, দাদা
উদীয়মান প্ৰযোজক অফ দা ইয়েৰ – কান্নন ৰবি, ৰাৱণ কোট্টাম
SIIMA 2024 মালয়ালম টভিনো থমাছে ২০১৮ চনৰ বাবে মালয়ালম ভাষাত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। নেৰুৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰিছে অনস্বৰা ৰাজনে । লিজো জোচে পেলিছেৰীৰ পৰিচালিত নানাপাকল নেৰাথু মায়াকমে শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছে।
SIIMA 2024 মালয়ালম বিজয়ী সম্পূর্ণ তালিকা…
শ্ৰেষ্ঠ ছবি - নানাপাকল নেৰাথু মায়াক্কম
শ্ৰেষ্ঠ পৰিচালক-জুড এন্থনী জোচেফ (২০১৮)
শ্ৰেষ্ঠ অভিনেত্ৰী - অনাস্বৰা ৰাজন (নেৰু)
শ্ৰেষ্ঠ অভিনেতা - টভিনো থমাছ (২০১৮)
শ্ৰেষ্ঠ অভিষেক পৰিচালক – ৰোহিত এম জি কৃষ্ণন (ইৰাত্তা)
শ্ৰেষ্ঠ আত্মপ্ৰকাশ অভিনেত্ৰী - অঞ্জনা জয়প্ৰকাশ (পাচুভম আথাবুথা বিলাকম)
শ্ৰেষ্ঠ নবাগত অভিনেতা - ছিজু সানী (ৰোমাঞ্চম)
শ্ৰেষ্ঠ অভিনেতা (সমালোচক) - জ’জু জৰ্জ (ইৰাত্তা)
নেতিবাচক চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা - বিষ্ণু অগস্ত্য (আৰডিএক্স)
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী - অখিল জৰ্জ
শ্ৰেষ্ঠ সংগীত পৰিচালক - বিষ্ণু বিজয় (সুলেখা মঞ্জিল)
শ্ৰেষ্ঠ গীতিকাৰ - মনু মনজিৎ, নীলা নীলাৱে (আৰডিএক্স)
শ্ৰেষ্ঠ প্লেবেক গায়িকা (মহিলা) - এনী এমী
শ্ৰেষ্ঠ প্লেবেক গায়ক (পুৰুষ) - কে এছ হৰিশংকৰ (2018 চনৰ পৰা ৱেনমেঘাম)
শ্ৰেষ্ঠ কৌতুক অভিনেতা – অৰ্জুন অশোকন (ৰোমাঞ্চম)
শ্ৰেষ্ঠ সহঅভিনেতা (মহিলা) - মঞ্জু পিল্লাই (ফালিমী)
সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা - হাকিম শ্বাহ (প্ৰণয় বিলাসম)
শ্ৰেষ্ঠ আত্মপ্ৰকাশ প্ৰযোজক - জন পল জৰ্জ
লগতে পঢ়ক : আন্তৰ্জাতিক এমি বঁটাৰ প্ৰথমজন ভাৰতীয় আঁত-ধৰোতা বীৰ দাস - 2024 INTERNATIONAL EMMYS