ETV Bharat / entertainment

অনুৰাগীৰ আদৰ-মৰমে হাঁহি বিয়পালে ভাইজানৰ মুখত - Salman Khan meets fan

Salman Khan : তাৰকাসকলক তাৰকা কোনে বনাই ? সাধাৰণ মানুহৰ পৰা এজন তাৰকা হোৱাৰ যাত্ৰাত অনুৰাগীৰ অৱদানৰ সৈতে আছে জানো অন্য কিহবাৰ তুলনা ? কিন্তু নিৰ্দিষ্ট এটা পৰ্যায়ত উপনীত হোৱাৰ পিছত বহুতেই পাহৰি যায় উন্নতিৰ জখলা বগাওতে তেওঁলোকৰ সৈতে কোন আছিল ! পিছে তাৰ মাজত এনে কিছু তাৰকাও আছে যিয়ে অনুৰাগীৰ মৰম-আশীৰ্বাদক সৰ্বোচ্চ জ্ঞান কৰে ৷ এই ক্ষেত্ৰত ল’ব পাৰি ছলমান খানৰ নাম-

author img

By ETV Bharat Entertainment Team

Published : Sep 6, 2024, 12:17 PM IST

salman khan heartwarming gesture towards elderly fan
অনুৰাগীৰ সৈতে ছলমান খান (ANI)

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ : ছ’চিয়েল মিডিয়াত চলিছে ছলমানৰ প্ৰশংসা ৷ অনুৰাগীৰ সৈতে ছলমানৰ শেহতীয়া ব্যৱহাৰে হৃদয় জিনিছে নেটিজেনৰ ৷ বৃহস্পতিবাৰে সন্ধিয়াত মুম্বাইত পাপাৰাজ্জীয়ে কেমেৰাত বন্দী কৰে ছলমান খানক ৷ এগৰাকী অনুৰাগীৰ সৈতে মত বিনিময় কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে ছলমান খানে ৷ কেৱল হাঁহি ধেমালি কৰাই নহয়, ছলমানে অনুৰাগী গৰাকীৰ সৈতে বাৰ্তালাপো কৰে ৷ ছ’চিয়েল মিডিয়াত এই কথা বাৰ্তাৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে ৷

salman khan heartwarming gesture towards elderly fan
অনুৰাগী গৰাকীৰ সৈতে বাৰ্তালাপ (ANI)

ভিডিঅ’ত ছলমান ষ্টাইলিছ লুকত দেখিবলৈ পোৱা গৈছে ৷ ক’লা ৰঙৰ ব্লেজাৰ আৰু পেণ্টৰ সৈতে নীলা ৰঙৰ চাৰ্ট পৰিধান কৰিছে অভিনেতাজনে ৷ বয়সস্থ মহিলা অনুৰাগী গৰাকীয়ে ছলমানক কয়, ‘‘মই আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰিছো ৷’’ অতি শান্তৰূপত ছলমানে তেওঁৰ কথা শুনি থাকে ৷ ছলমানৰ এই ব্যৱহাৰেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

ছলমানৰ শেহতীয়া ব্যৱহাৰে হৃদয় জিনিছে নেটিজেনৰ (ANI)

কৰ্মক্ষেত্ৰৰ কথা ক’বলৈ গ’লে ছলমান তেওঁৰ নতুন চিনেমা ছিকন্দৰৰ বাবে চৰ্চাত আছে ৷ এই ছবিখনৰ জৰিয়তে সাজিদ নাদিয়াদৱালাৰ সৈতে পুনৰ একত্ৰিত হ’ব ছলমান ৷ ইয়াৰ পূৰ্বে এই দুই যুটিয়ে ‘কিক’, ‘জুড়ৱা’, ‘মুঝছে শ্বাদী কৰোগী’ আদিৰ দৰে হিট ছবি আগবঢ়াইছিল ৷

ছলমান খান (ANI)

ছিকন্দৰ ছবিখন পৰিচালনা কৰিছে এ.আৰ. মুৰুগাডছে ৷ ছবিখনত প্ৰথমবাৰলৈ স্ক্ৰীণ শ্বেয়াৰ কৰিব ছলমান আৰু ৰশ্মিকাই ৷ প্ৰডাকশ্যন হাউচে চলিত বৰ্ষৰ মে’ মাহত ৰশ্মিকা এই ছবিখনৰ এটা অংশ হ’ব বুলি ঘোষণা কৰিছিল ৷ 2025 বৰ্ষৰ ঈদৰ সময়তে ছবিখন মুক্তি পোৱাৰ কথা ৷ অলপতে ছবিখনৰ ছেটৰ পৰা ছলমানৰ এখন ফটো ভাইৰেল হৈ পৰিছিল, য’ত তেওঁক পাতল নীলা ৰঙৰ চাৰ্ট পৰিধান কৰা দেখা গৈছিল ৷

লগতে পঢ়ক : হলীউড অভিনেতা জনী ডেপৰ সৈতে ছলমানৰ চেহেৰাৰ সাদৃশ্য - Salman Khan Sikandar Poster

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.