ETV Bharat / entertainment

গজিনীৰ পৰিচালকৰ সৈতে নতুন ছবিৰ ঘোষণা ছলমানৰ, ২০২৫ চনৰ ঈদত মুক্তি পাব

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 2:02 PM IST

Salman Khan : ৰমজান মাহ আৰম্ভ হোৱাৰ লগে লগে ছলমান খানে তেওঁৰ অনুৰাগীসকলক দিলে এক বিশেষ উপহাৰ, যিখন ছবি ২০২৫ চনৰ ঈদত মুক্তি পাব ।

Salman Announces Film with A.R. Murugadoss, Sajid Nadiadwala; Locks EID 2025 for 'Exciting Film'
ৰমজানত অনুৰাগীলৈ ভাইজানৰ উপহাৰ

চিটাৰা ডেস্ক, ১২ মাৰ্চ : ১২ মাৰ্চৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ । ইফালে প্ৰথম ৰমজানৰ ৰোজাত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে নিজৰ অনুৰাগীক দিলে এক ডাঙৰ উপহাৰ ৷ ৰমজান মাহ উপলক্ষে ভাইজানে ঘোষণা কৰিলে তেওঁৰ নতুন ছবি ৷

হয়, আজি ১২ মাৰ্চত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি ছলমান খানে ৰমজানৰ প্ৰথম দিনটোক আৰু অধিক বিশেষ কৰি তুলিছে । আচলতে ছলমান খানে ব্লকবাষ্টাৰ ছবি ‘গজিনী’ৰ পৰিচালকৰ সৈতে নিজৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে ৷ কেৱল ঘোষণা কৰাই নহয়, কেতিয়া মুক্তি পাব সেই কথাও প্ৰকাশ কৰিছে । ছলমান খানে ‘গজিনী’ৰ পৰিচালক এ আৰ মুৰুগাডোছৰ সৈতে কাম কৰিব । এই ছবিখনৰ শিৰোনাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই । প্ৰযোজক ছাজিদ নাদিয়াদৱালাই এই ছবিখন প্ৰযোজনা কৰিব ।

অনুৰাগীলৈ ভাইজানৰ উপহাৰ

আজি ছলমান খানৰ ইনষ্টাগ্ৰাম পোষ্টত প্ৰযোজক ছাজিদ নাদিয়াদৱালা আৰু দক্ষিণ ছবিৰ শীৰ্ষ পৰিচালক এ আৰ মুৰুগাডোছৰ সৈতে তেওঁৰ নতুন ছবিৰ কথা ঘোষণা কৰিছে ছলমান খানে । ছলমানে লিখিছে, ‘‘পৰিচালক এ আৰ মুৰুগাডোছ আৰু ছাজিদ নাদিয়াদৱালাৰ এখন ৰোমাঞ্চকৰ ছবিৰ সৈতে জড়িত হৈ আনন্দিত হৈছো, এই সহযোগিতা বিশেষ, এই যাত্ৰা অন্বেষণ কৰাত আপোনালোক সকলোৰে পৰা মৰম বিচাৰিছো, ছবিখন ২০২৫ চনৰ ঈদত মুক্তি পাব ।’’

ইফালে ৰমজান উপলক্ষে ইমান ডাঙৰ উপহাৰ পাই ছলমান খানৰ অনুৰাগীসকল আনন্দিত হৈ পৰিছে । এজন অনুৰাগীয়ে লিখিছে, ‘‘ভাইজানৰ নামত ২০২৫ চন ।’’ এজনে লিখিছে, ‘‘অভিনন্দন ভাইজান ।’’ আন এজন অনুৰাগীয়ে লিখিছে, ‘‘ভাইজান, অফিচিয়েল পোষ্টাৰৰ সৈতে সোনকালে লঞ্চ কৰক ।’’ আন এজন অনুৰাগীয়ে লিখিছে, ‘‘শুভ ৰমজান, ভাইজান।’’ একে সময়তে বহু অনুৰাগীয়ে লিখিছে, ‘‘অপেক্ষা কৰিব নোৱাৰি ভাইজান ।’’

লগতে পঢ়ক: এইবাৰ অধিবক্তাৰ ৰূপত ৰবীনা, ছলমানে শ্বেয়াৰ কৰিলে ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.