গুৱাহাটী,৬ ফেব্ৰুৱাৰী: বৃদ্ধি পাইছে অসমীয়া সংস্কৃতিৰ প্ৰসাৰতা । বিহু, দিহানামৰ বিশ্বমুখী যাত্ৰাই অসমীয়া আপুৰুগীয়া সংস্কৃতিক এঢাপ ওপৰলৈ লৈ গৈছে । এনে সময়তে গুৰুজনাৰ অনুপম সৃষ্টি শ্ৰীকৃষ্ণৰ ৰাসলীলাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তোলাৰ প্ৰয়াস এদল অসমীয়াৰ । প্ৰথমবাৰৰ বাবে বেংগালুৰুত অনুষ্ঠিত হ'ব শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা । চলিত মাহৰ ১০ আৰু ১১ ফেব্ৰুৱাৰী ত অনুষ্ঠিত হ'ব এই ৰাসলীলা ।
বেংগালুৰুৰ KR Puram ৰ ITI খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাসলীলাত উপস্থিত থাকিব অসমীয়া চলচিত্ৰ জগতৰ বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰী । উক্ত অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকা, অভিনেত্ৰী শ্যামন্তিকা শৰ্মা, নিশিতা গোস্বামী আৰু তনভী শৰ্মা । এই ৰাসলীলা প্ৰদৰ্শনৰ বাবে বেংগালুৰুতে কৰ্মসূত্ৰে বসবাস কৰা প্ৰায় শতাধিক ভাও-ভাৱৰীয়াই দুমাহ ধৰি ব্যস্ত হৈ আছে অনুশীলনত ।
অতুল হাজৰিকা দেৱৰ নাট নন্দদুলাল তাত প্ৰদৰ্শনৰ দিহা কৰা হৈছে । ইফালে অসমৰ যোৰহাট জিলাৰ টীয়কৰ অন্যতম নাট্যগোষ্ঠী প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ পৰা নিমন্ত্ৰণ কৰি নিয়া পৰিচালক প্ৰমূখ্যে কেইবাজনো শিল্পী বেংগালুৰুত উপস্থিত হৈ প্ৰদান কৰিছে প্ৰশিক্ষণ । টীয়কৰ অন্যতম নাট্যগোষ্ঠী প্ৰগতিশীল সাংস্কৃতিক যুৱ সংঘৰ বিষ্ণু বৰাই এই ৰাসলীলাৰ সন্দৰ্ভত মন্তব্য কৰি কয়,"অতুল হাজৰিকাৰ নন্দ দুলাল নাটখনৰ আধাৰত অসমত যেনেদৰে ৰাস অনুষ্ঠিত কৰে তেনেদৰে ইয়াত ৰাস অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে । "
তেওঁ লগতে কয় যে, "এয়া আমাৰে গৌৰৱ, আমি অসমীয়া হিচাপে গৌৰৱ কৰো ।" এই ৰাসলীলা ভাগ সাফল্যমণ্ডিত কৰাৰ বাবে উদ্যোক্তা মণ্ডলীৰ হৈ পৰেশ বৰা আৰু প্ৰণৱ জ্যোতি বৰাই বেংগালুৰুত বাস কৰা প্ৰতিগৰাকী অসমীয়াৰ সহায়-সহযোগ আৰু উপস্থিতি তথা আশীৰ্বাদ কামনা কৰিছে ।