ETV Bharat / entertainment

বিবাহৰ ৬ বছৰৰ পিচত দীপিকা-ৰণবীৰৰ জীৱনলৈ আহিব নতুন আলহী

Deepika Padukone Pregnancy: বিবাহৰ ৬ বছৰৰ পাচত মাতৃ হ’বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে ।

Ranveer Singh, Deepika Padukone Expecting First Child In September
দীপিকা পাডুকন গৰ্ভৱতী
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 11:09 AM IST

Updated : Feb 29, 2024, 11:20 AM IST

চিটাৰা ডেস্ক, ২৯ ফেব্ৰুৱাৰী: বলীউডৰ জনপ্ৰিয় দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । অৱশেষত দীপিকা-ৰণবীৰৰ ঘৰলৈ আহিব এটি কণমানি আলহী । হয়, অতি সোনকালেই মাতৃ হ’ব দীপিকা পাডুকন । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছে এই দম্পতীটোৱে । দীপিকাৰ গৰ্ভধাৰণৰ খবৰ পোৱাৰ লগে লগে এতিয়া উৎফুল্লিত হৈ পৰিছে অনুৰাগী ৷ দীপিকাই পোষ্টটোত কোনটো মাহত সন্তান জন্ম দিব সেই কথাও জনাইছে ৷

কেতিয়া সন্তান জন্ম দিব দীপিকাই ?

পোষ্টটো শ্বেয়াৰ কৰি দীপিকাই হাত ভাঁজ কৰা আৰু দুষ্ট চকুৰ ইমোজি পোষ্ট কৰিছে । তেওঁ শ্বেয়াৰ কৰা পোষ্টাৰখনত লিখা আছে – ছেপ্টেম্বৰ ২০২৪, দীপিকা-ৰণবীৰ ।’’ শিশুৰ কাপোৰ, জোতা, বেলুন আদি এই ফটোখনত অংকন কৰা হৈছে ।

চেলিব্ৰিটিয়ে জনালে অভিনন্দন

দীপিকাৰ গৰ্ভধাৰণৰ খবৰ শুনি চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি অনুৰাগীলৈকে সকলোকে আনন্দিত হোৱা দেখা গৈছে । সকলোৱে এই দম্পতীক শুভেচ্ছা জ্ঞাপন কৰিছে । অভিনেতা বিক্ৰান্ত মেছিয়ে লিখিছে- OMG... আপোনালোক দুয়োলৈ বহুত বহুত শুভেচ্ছা । কৃতি সেননে লিখিছে- OMG, আপোনালোক দুয়োকে অভিনন্দন । এজন অনুৰাগীয়ে লিখিছে- বৰ সুখী হ’লো, নিজৰ যত্ন লওক ।

বহুদিনৰে পৰা চলি আছিল গৰ্ভাৱস্থাৰ জল্পনা-কল্পনা

কিছুদিন পূৰ্বে দীপিকা পাডুকন বাফটা এৱাৰ্ডছ ২০২৪ লৈ গৈছিল । য’ত অনুৰাগীয়ে তেওঁৰ পৰম্পৰাগত অৱতাৰ চাবলৈ পাইছিল । বঁটা অনুষ্ঠানৰ কিছুমান ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁক শাৰীৰে বেবী বাম্প লুকুৱাই ৰখা দেখা গৈছিল । ভিডিঅ’টোত অনুৰাগীয়ে তেওঁৰ বেবী বাম্পটো লক্ষ্য কৰিছিল । ইয়াৰ পিচত বিমানবন্দৰতো দেখা গৈছিল অভিনেত্ৰীগৰাকীৰ বেবী বাম্প । ইয়াৰ পিচতে অনুৰাগীয়ে জল্পনা-কল্পনা কৰিছিল যে দীপিকা পাডুকন গৰ্ভৱতী ৷ অৱশ্যে এই দম্পতী পূৰ্বে ঘোষণা কৰা নাছিল ৷ কিন্তু অৱশেষত অনুৰাগীয়ে সেই সুখবৰ দিলে এই দম্পতীয়ে ৷

লগতে পঢ়ক: বিবাহ বচাবলৈ ছলমান খানে অংকিতাক কি পৰামৰ্শ দিছিল ? প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে

Last Updated : Feb 29, 2024, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.