ETV Bharat / entertainment

ৰামোজী ৰাওৰ দেহাৱসান : ৰজনীকান্ত-আল্লু অৰ্জুনকে ধৰি বহু তাৰকাই জনালে ‘চিনেমাৰ মহাৰথী’ক শেষ শ্ৰদ্ধাঞ্জলি - Celebrities Reaction on Ramoji Rao Death

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 4:13 PM IST

Celebrities Reaction on Ramoji Rao Death: আজি অৰ্থাৎ ৮ জুনৰ পুৱতি নিশা ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী ৰামোজী ৰাওৰ দেহাৱসান ঘটে ৷ ইফালে, তেওঁৰ মৃত্যুৰ খবৰত মৰ্মাহত হৈ ৰজনীকান্ত, আল্লু অৰ্জুনকে ধৰি বহু তাৰকাই ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

Rajinikanth to Allu Arjun these celebs pay tributes to Ramoji Rao
ৰামোজী ৰাওৰ দেহাৱসান; ৰজনীকান্ত-আল্লু অৰ্জুনকে ধৰি এই তাৰকাসকলে দিলে ‘চিনেমাৰ মহাৰথী’ক শেষ শ্ৰদ্ধাঞ্জলি (Etv Bharat)

চিটাৰা ডেস্ক, 8 জুন: ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক তথা স্বত্বাধিকাৰী ৰামোজী ৰাওৰ আজি অৰ্থাৎ ৮ জুনৰ পুৱতি নিশা দেহাৱসান ঘটে ৷ ৰামোজী ৰাওৰ মৃত্যুত দেশৰ ৰাজনীতি আৰু চিনেমা জগত শোকস্তব্ধ হৈ পৰিছে ৷ বলীউডৰ পৰা দক্ষিণ ভাৰতীয় চিনেমা জগতৰ তাৰকাসকলেই হওক বা তেওঁৰ অনুৰাগীসকলেই হওক সকলোৱে শোকত ম্ৰিয়মান হৈ ছ’চিয়েল মিডিয়াত নিজৰ অনুভৱ ব্যক্ত কৰিছে ৷

আনহাতে, ৰজনীকান্ত, আল্লু অৰ্জুন, ৰাম চৰণকে ধৰি দক্ষিণ ভাৰতীয় চিনেমা জগতৰ প্ৰবীণ তাৰকাসকলেও ৰামোজী ৰাওক শেষ শ্ৰদ্ধা নিবেদন কৰি সামাজিক মাধ্যমত বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে ৷

শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰজনীকান্তৰ

দক্ষিণ ভাৰতীয় চিনেমাৰ ‘থালাইৱা’ ৰজনীকান্তেও দুখ প্ৰকাশ কৰি লিখিছে, ‘মই মোৰ গুৰু আৰু শুভাকাংক্ষী শ্ৰী ৰামোজী ৰাও গাৰুৰ নিধনৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছো ৷ সেইজন ব্যক্তি যিয়ে সাংবাদিকতা, চিনেমাত ইতিহাসৰ সৃষ্টি কৰিলে আৰু ৰাজনীতিত এগৰাকী মহান কিংমেকাৰৰূপে পৰিগণিত হ’ল তেওঁ মোৰ জীৱনৰ পথ প্ৰদৰ্শক আৰু প্ৰেৰণা আছিল, তেওঁৰ আত্মাই শান্তি লাভ কৰক।

ৰাম চৰণ

আৰ আৰ আৰৰ তাৰকা ৰাম চৰণে লিখিছে, শ্ৰী ৰামোজী ৰাওৱে ঈনাডুৰ সৈতে আঞ্চলিক সংবাদ মাধ্যমৰ দাপোন সলনি কৰি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ ষ্টুডিঅ’, ৰামোজী ফিল্ম চিটী স্থাপন কৰিছে, যিটো ঐতিহাসিক শ্বুটিং ষ্টেচন আৰু সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে পৰ্যটনস্থলী ৷ তেখেতৰ উজ্জ্বল ব্যক্তিত্ব আৰু তেলুগু জনসাধাৰণৰ প্ৰতি উল্লেখযোগ্য অৱদানৰ বাবে সদায় তেওঁ স্মৰণীয় হৈ থাকিব, তেওঁৰ পৰিয়াল আৰু তেওঁৰ অনুৰাগীসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷

আল্লু অৰ্জুন

এগৰাকী অগ্ৰণী আৰু প্ৰেৰণাদায়ক দূৰদৰ্শী ব্যক্তি ৰামোজী ৰাওৰ মৃত্যুৰ পাই মই গভীৰভাৱে মৰ্মাহত হৈ পৰিছো ৷ যেতিয়াই মই ৰামোজী ফিল্ম চিটীত শ্বুটিং কৰিবলৈ যাও মই তেওঁক অনুভৱ কৰো ৷ সংবাদ মাধ্যম, চিনেমা আৰু আন বহু উদ্যোগত তেওঁৰ অতুলনীয় অৱদানক কেতিয়াও পাহৰিব নোৱাৰি ৷ তেওঁৰ পৰিয়াল আৰু আপোনজনলৈ মই সমবেদনা জ্ঞাপন কৰিছো, তেওঁৰ মহান আত্মাই শান্তি লাভ কৰক ৷

লগতে পঢ়ক: উভতি নহাৰ বাটেৰে গ’ললৈ ৰামোজী ফিল্ম চিটীৰ জন্মদাতা, শোকসন্তপ্ত দাক্ষিণাত্য - life history of Ramoji Rao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.