ETV Bharat / entertainment

আকৌ ৰজনীকান্তৰ সৰলতাই জিনিলে অনুৰাগীৰ হৃদয়

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 4:02 PM IST

Rajinikanth Travels Economy: ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ এটা ভিডিঅ’। ভিডিঅ’টোত অভিনেতাগৰাকীক এখন বিমানৰ ইক'নমি ক্লাছত ভ্ৰমণ কৰা দেখা গৈছে ।

Rajinikanth flying in economy class, watch video
খন বিমানৰ ইকনমি ক্লাছত ভ্ৰমণ ৰজনীকান্তৰ

চিটাৰা ডেস্ক, ১ মাৰ্চ: দেশৰ অন্যতম ধনী অভিনেতাৰ ভিতৰত নাম অন্তৰ্ভুক্ত আছে দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ । নিজৰ কঠোৰ পৰিশ্ৰমৰ বাবেই তেওঁ আজি সফলতাৰ শীৰ্ষত উপনীত হৈছে । অৱশ্যে ইমান ধনী হোৱা স্বত্বেও অভিনেতাগৰাকীয়ে পাহৰা নাই নিজৰ সৰলতাক ৷ এতিয়াও ছুপাৰষ্টাৰগৰাকীয়ে বিলাসী জীৱনৰ পৰিৱৰ্তে এজন সাধাৰণ মানুহৰ দৰেই জীৱন যাপন কৰি ভাল পায় । এই কাৰণেই হয়তো তেওঁক দক্ষিণ ভাৰতৰ মানুহে দেৱতাৰ দৰে পূজা কৰে ।

শেহতীয়াকৈ ৰজনীকান্তৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, যিটো ভিডিঅ’ই এতিয়া হৃদয় জয় কৰিছে অনুৰাগীৰ ৷ আমি প্ৰায়ে দেখিছো যে তাৰকাসকলে বিজিনেছ ক্লাছ বা নিজৰ প্ৰাইভেট জেটত ভ্ৰমণ কৰে । কিন্তু বিলাসী জীৱনৰ পৰিৱৰ্তে ৰজনীকান্তে এখন বিমানৰ ইক'নমি ক্লাছত ভ্ৰমণ কৰা দেখা গৈছে । তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ভিডিঅ’টোত দেখা গৈছে যে ৰজনীকান্তে সাধাৰণ মানুহৰ মাজত ইক'নমি ক্লাছত ভ্ৰমণ কৰি আছে । বিমানখনৰ খিৰিকীৰ চিটত তেওঁ নীৰৱে আৰু আৰামত বহি আছে । নিজৰ সহজ সৰল শৈলীৰে পুনৰবাৰ অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে । ভিডিঅ’টো প্ৰসংগত এতিয়া সকলোৱে মন্তব্য কৰা দেখা গৈছে । সকলোৱে তেওঁৰ সৰলতাৰ বাবে প্ৰশংসা কৰিছে ৷ অৱশ্যে এয়াই প্ৰথম নহয়, যেতিয়া ৰজনীকান্তে নিজৰ সৰলতাৰে অনুৰাগীৰ হৃদয় জয় কৰিছে ৷ ইয়াৰ পূৰ্বেও বহুবাৰ নিজৰ সহজ-সৰল শৈলীৰে অনুৰাগীৰ হৃদয় জয় কৰিছে অভিনেতাগৰাকীয়ে ।

ৰজনীকান্তৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বৰ্তমান তেওঁ নিজৰ আগন্তুক ছবি ‘ভেট্টায়ান’ৰ শ্বুটিঙত ব্যস্ত হৈ আছে । এই একশ্যন-থ্ৰিলাৰ ছবিখনত অমিতাভ বচ্চন, ফাহাধ ফচিল, মঞ্জু ৱাৰিয়ৰ, ৰানা ডাগ্গুবাটি, ঋতিকা সিংকে ধৰি বহু অভিনেতাক মুখ্য চৰিত্ৰত দেখা যাব ।

শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছিল । কোৱা হৈছিল যে অতি শীঘ্ৰে ছাজিদ নাডিয়াদৱালাৰ ছবিত ৰজনীকান্তক দেখা যাব । ছাজিদে নিজেই এই তথ্য নিজৰ এক্স একাউণ্টত দিছিল । উল্লেখ্য যে প্ৰথমবাৰৰ বাবে দুয়োজনে একেলগে এটা প্ৰজেক্টত কাম কৰিব ।

শেহতীয়াকৈ ৰজনীকান্তৰ ছবি ‘লাল চালাম’ মুক্তি পাইছিল, যিখন ছবি বক্স অফিচত বেয়াকৈ ফ্লপ হৈছিল । ছবিখনৰ পৰিচালনা কৰিছে ৰজনীকান্তৰ কন্যা ঐশ্বৰ্যই ।

লগতে পঢ়ক: আম্বানী পৰিয়ালৰ সৰু বোৱাৰীয়ে জিনিলে অনুৰাগীৰ হৃদয়, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.