চিটাৰা ডেস্ক, ৫ মাৰ্চ: সোমবাৰে চেন্নাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বিভূষণ বঁটা বিজয়ী তথা চিৰসেউজ অভিনেত্ৰী বৈজয়ন্তীমালাক সাক্ষাৎ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সৈতে হোৱা সাক্ষাতৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে অভিনেত্ৰীগৰাকীৰ প্ৰশংসাও কৰে । দক্ষিণৰ পৰা বলীউড চলচ্চিত্ৰ জগতলৈকে নিজৰ উৎকৃষ্ট অভিনয়েৰে সফলতা অৰ্জন কৰা বৈজয়ন্তীমালাৰ সাফল্যক যথেষ্ট প্ৰশংসা কৰে মোদীয়ে ৷ ভাৰতীয় চিনেমাৰ অন্যতম উন্নত অভিনেত্ৰী আৰু নৃত্যশিল্পী হিচাপে গণ্য কৰা বৈজয়ন্তীমালা আজিও নিজৰ ছবিত অভিনয় কৰা চৰিত্ৰৰ বাবে পৰিচিত ।
বৈজয়ন্তীমালাক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
ছ’চিয়েল মিডিয়াত বৈজয়ন্তীমালাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা পোষ্ট শ্বেয়াৰ কৰে । প্ৰধানমন্ত্ৰীয়ে দুখন ছবি শ্বেয়াৰ কৰিছে ৷ ছবি দুখনত দেখা গৈছে যে তেওঁ অভিনেত্ৰী বৈজয়ন্তীমালাক নমস্কাৰ জনোৱাৰ কোৱাৰ বিপৰীতে দ্বিতীয়খন ছবিত তেওঁক বৈজয়ন্তীমালাৰ সৈতে কথা পাতি থকা দেখা গৈছে । এই পোষ্টটো ছ’চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈ পৰিছে ৷
নৰেন্দ্ৰ মোদীয়ে বৈজয়ন্তীমালাৰ প্ৰশংসা কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোষ্টটো শ্বেয়াৰ কৰি লিখিছে, ‘‘চেন্নাইত বৈজয়ন্তীমালা জীক লগ পাই আনন্দিত হৈছো । শেহতীয়াকৈ পদ্ম বিভূষণ বঁটা লাভ কৰা তেখেতে ভাৰতীয় চিনেমা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সমগ্ৰ ভাৰততে প্ৰশংসিত ।’’ এইখিনিতে উল্লেখ কৰিব লাগিব যে ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ পূৰ্বে বৈজয়ন্তীমালাক তেওঁৰ নৃত্যৰ বাবে পদ্ম বিভূষণেৰে সন্মানিত কৰা হৈছিল । আনহাতে বৈজয়ন্তীমালাই পাঁচটা ফিল্মফেয়াৰ বঁটা আৰু দুটা বিএফজেএ বঁটা লাভ কৰিছে ।
বৈজয়ন্তীমালাৰ বিষয়ে -
মাত্ৰ ১৬ বছৰ বয়সতে তামিল ভাষাৰ ‘বাঝকাই’ ছবিৰে অভিনয় জীৱন আৰম্ভ কৰিছিল বৈজয়ন্তীমালাই, কিন্তু পিচলৈ তেওঁ কেৱল দক্ষিণতে নহয়, সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছিল । ‘গংগা যমুনা’, ‘সংগম’ আৰু ‘অমৰপালী’ নামৰ কিছুমান ছবিৰ বাবে তেওঁৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল । হিন্দী চিনেমাত তেওঁৰ প্ৰথমখন ছবি আছিল ‘বাহাৰ’ যিখন ১৯৫১ চনত মুক্তি পাইছিল ।
লগতে পঢ়ক: একনৰ ছম্মক চাল্লো গীতত নৃত্য শ্বাহৰুখ-ছলমানৰ, চাওক ভিডিঅ’