ETV Bharat / entertainment

হলীউড অভিনেতা জনী ডেপৰ সৈতে ছলমানৰ চেহেৰাৰ সাদৃশ্য - Salman Khan Sikandar Poster

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 7:46 PM IST

Salman Khan movie Sikandar : পাকিস্তানী অনুৰাগীৰ দ্বাৰা নিৰ্মিত চিকন্দৰৰ পোষ্টাৰে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে, নেটিজেনে ছলমান খানক জনী ডেপৰ সৈতে তুলনা কৰিছে ৷

Pakistani Fan-Created Sikandar Poster Sets Social Media Ablaze, Netizens Compare Salman Khan With Johnny Depp
জনী ডেপৰ সৈতে ছলমানৰ চেহেৰাৰ সাদৃশ্য ((Photo: Instagram))

চিটাৰা ডেস্ক, 3 জুলাই : বহু প্ৰত্যাশিত আগন্তুক চিনেমাসমূহৰ ভিতৰত অন্যতম হৈছে ছলমান খানৰ চিকন্দৰ । ছলমান খানৰ এই ছবিখনৰ বাবে পাকিস্তানী অনুৰাগী এজনৰ এখন সৃষ্টিশীল পোষ্টাৰে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ পোষ্টাৰখনৰ ছলমানৰ লুকটো হলীউডৰ তাৰকা জনী ডেপৰ সৈতে তুলনা কৰিছে নেটিজেনে ।

ভাইজান ছলমান খানৰ আগন্তুক ছবি চিকন্দৰে অনুৰাগীৰ মাজত যথেষ্ট উত্তেজনাৰ সৃষ্টি কৰিছে । ১৮ জুনত চিত্ৰগ্ৰহণ আৰম্ভ হোৱা ছবিখনৰ প্ৰথমটো শ্বুটিং সূচী ১ জুলাইত সম্পূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে ৷ এতিয়া অনুৰাগীসকল অধিক উদ্বাউল হৈ পৰিছে । ছবিখনৰ এই আপডেটসমূহৰ মাজতে এজন পাকিস্তানী অনুৰাগীয়ে চিকন্দৰৰ বাবে এখন মনোমোহা পোষ্টাৰ বনাই নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ পোষ্টাখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা পোষ্টাৰখনত এটা কুকুৰৰ কাষত বহি থকা দেখা গৈছে ছলমান খানক ৷ তীব্ৰ অৱতাৰ দিবলৈ চেষ্টা কৰিছে অনুৰাগীয়ে ছলমানক । পোষ্টাৰখন শ্বেয়াৰ কৰি পাকিস্তানী অনুৰাগীজনে লিখিছে, "একমাত্ৰ @beingsalmankhan ৰ আগন্তুক চিনেমা 'চিকন্দৰ'ৰ প্ৰতি অনুপ্ৰাণিত হৈ শিল্প সৃষ্টি ! পোষ্টটোৱে কেইবাটাও লাইক আৰু কমেন্ট লাভ কৰিছে ৷ এজন অনুৰাগীয়ে লিখিছে, "শপত খাইছো মই তেওঁক জনী ডেপৰ দৰে দেখিছিলো ।" আন এজনে লিখিছে, "দ্য হলীউড ছলমান খান ।"

লগতে পঢ়ক : ‘পুষ্পা ২’ ৰ নিৰ্মাতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ ভাবুকি - Pushpa 2 the Rule New Release Date

ইফালে, শেহতীয়া বাতৰি অনুসৰি প্ৰথম শ্বুটিং সূচীৰ এক ক্লাইমেক্সৰ কথা প্ৰকাশ পাইছে । একশ্যন ভৰ্তি ছবিখনৰ প্ৰাৰম্ভিক চিত্ৰগ্ৰহণ পৰ্যায়ৰ সামৰণি পৰে ১ জুলাইত ৷ চিত্ৰকূট খেলপথাৰত ছলমান খান আৰু প্ৰতীক বাব্বৰৰ এক তীব্ৰ দৃশ্যৰে প্ৰথম শ্বুটিং সূচীৰ সামৰণি পৰে । বান্দ্ৰাৰ তাজ লেণ্ডছ এণ্ডত শ্বুট কৰা এই শক্তিশালী ছিকুৱেন্সত এখন বিমান আৰু বিশেষভাৱে নিৰ্মিত বাহিৰৰ ছেটত দৃশ্যগ্ৰহণ হৈছিল, যিয়ে এক অবিস্মৰণীয় চিনেমাৰ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

এ.আৰ. মুৰুগাডছৰ দ্বাৰা পৰিচালিত চিকন্দৰ ছবিখনে ছলমান খান আৰু ৰশ্মিকা মন্দন্নাৰ মাজত প্ৰথম সহযোগিতা চিহ্নিত কৰে । ইয়াৰ আগতে, চলচ্চিত্ৰখনৰ মহুৰত শ্বটৰ ফটোবোৰ শ্বেয়াৰ কৰা হৈছিল আৰু এতিয়া দৃশ্যগ্ৰহণৰ পৰা পৰ্দাৰ আঁৰৰ ফটোবোৰৰ আভাস দেখিবলৈ পোৱা গৈছে ৷ ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা এই ফটোবোৰে অনুৰাগীৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে । ২০২৫ চনৰ ২৮ মাৰ্চত ছবিখন ছবিগৃহত মুক্তি পাব বুলি আশা কৰা হৈছে ৷ অনুৰাগীসকলে ৰূপালী পৰ্দাত চিকন্দৰৰ যাদু চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক : শেষ ন’হবই নেকি ছলমান খানক ক্ষতি কৰিব খোজা লোকৰ তালিকা ! - SALMAN KHAN HOUSE FIRING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.