ETV Bharat / entertainment

পুনৰ অস্কাৰৰ মঞ্চ কঁপালে আৰ আৰ আৰে

author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 11:46 AM IST

Updated : Mar 11, 2024, 1:06 PM IST

Natu Natu: এছ এছ ৰাজামৌলিৰ ছবি আৰ আৰ আৰ অস্কাৰত পুনৰবাৰ আলোড়নৰ সৃষ্টি কৰিছে । যোৱা বছৰ নাটু নাটু গীতটিয়ে অস্কাৰ বঁটা লাভ কৰিছিল । এতিয়া নাটু নাটুৱে ৯৬ সংখ্যক একাডেমী বঁটাতো দেখিবলৈ পোৱা যায় নাটু নাটুৰ আভাস ।

Oscars 2024: Ram Charan and Jr NTR's RRR Roars Again at 96th Academy Awards; Deets Inside
আকৌ এবাৰ অস্কাৰত স্থান লাভ আৰ আৰ আৰৰ

চিটাৰা ডেস্ক, ১১ মাৰ্চ : লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হয় ৯৬ সংখ্যক একাডেমী বঁটা ৷ এই অনুষ্ঠানত হলিউডৰ তাৰকাসকলৰ সমাগম ঘটে । তাৰকাসকলৰ ষ্টাইলে ৰেড কাৰ্পেটত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ ইফালে ক্রিষ্টোফাৰ নোলানৰ অপেনহাইমাৰ আৰু গ্ৰেটা গেৰৱিগৰ বাৰ্বিয়ে ২০২৪ চনৰ অস্কাৰত আলোড়নৰ সৃষ্টি কৰে ৷

অৱশ্যে হলিউডৰ ছবি আৰু হলীউডৰ তাৰকাৰে ভৰা এই অনুষ্ঠানটোৱে ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৷ কিন্তু কেনেকৈ ? দৰাচলতে ভাৰতীয় ছবি ‘আৰ আৰ আৰ’য়ে পুনৰবাৰ অস্কাৰত স্থান লাভ কৰিছে । যাৰ বাবে এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰত্যেকগৰাকী ভাৰতীয় ৷

পুনৰবাৰ অস্কাৰত দেখা গ’ল আৰ আৰ আৰৰ আভাস

এছ এছ ৰাজামৌলিৰ ছবি ‘আৰ আৰ আৰ’এ যোৱা বছৰ অস্কাৰত ধুমুহাৰ সৃষ্টি কৰিছিল । ছবিখনৰ নাটু নাটু গীতটোক কেৱল এই বঁটাৰে সন্মানিত কৰাই নহয়, এই গীতটোও মঞ্চত পৰিবেশন কৰা হৈছিল । একে সময়তে আকৌ এবাৰ ‘আৰ আৰ আৰ’ আভাস দেখিবলৈ পোৱা যায় অস্কাৰৰ মঞ্চত ।

নাটু নাটুৱে লাভ কৰিলে সন্মান

২০২৪ চনৰ অস্কাৰত দুবাৰকৈ পৰ্দাত প্ৰদৰ্শিত হৈছিল ‘নাটু-নাটু’ গীতটো । প্ৰথমে, ষ্টাণ্ট সমন্বয়কক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত গীতটোৰ এটা দৃশ্য পৰ্দাত দেখা যায়, য’ত ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে হুক ষ্টেপ কৰে । একে সময়তে শ্ৰেষ্ঠ গীতৰ বঁটা ঘোষণাৰ সময়ত দ্বিতীয়বাৰৰ বাবে নাটু নাটু গীতটি প্ৰদৰ্শন কৰা হয় ।

অস্কাৰ ২০২৪ৰ নাটু নাটুৰ এই দৃশ্য এতিয়া ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড হৈ আছে । অনুৰাগীয়ে নাটু নাটু গীতটিৰ এই ক্লিপটো ছ’চিয়েল মিডিয়া ব্যাপকভাৱে শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী নীতিন দেশাইক স্মৰণ

Last Updated : Mar 11, 2024, 1:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.