ETV Bharat / entertainment

কেৰালা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ছবিৰ মুক্তিৰ ৪৮ ঘণ্টাৰ আগত দিব নোৱাৰিব নেতিবাচক ৰিভিউ - Kerala High Court

Kerala HC on movie review: কেৰালা উচ্চ ন্যায়ালয়ে ছবিক লৈ নেতিবাচক মন্তব্য দিয়া সকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । আচলতে এই নিৰ্দেশনা সেইসকল লোকৰ বাবে, যিয়ে ছ’চিয়েল মিডিয়াত ৰিভিউ দিয়ে ৷

No movie reviews within 48 hours of release, says Kerala High Court
ছবিৰ বিৰুদ্ধে নেতিবাচক ৰিভিউ দিয়াৰ আগত সাৱধান
author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 7:18 PM IST

চিটাৰা ডেস্ক, ১৩ মাৰ্চ: যিকোনো ছবিক লৈ ছ’চিয়েল মিডিয়াত পোষ্ট কৰা নেতিবাচক সমালোচনাই ছবিখনৰ সংগ্ৰহত প্ৰভাৱ পেলায় নে নেপেলায় সেই বিষয়টোক লৈ বহুদিন ধৰি বিতৰ্ক চলি আছে । শেহতীয়াকৈ কেৰালা উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া এমিকাছ কিউৰিয়াই যিকোনো ছবিৰ মুক্তিৰ ৪৮ ঘণ্টাৰ পিচতহে ছবিখনক লৈ মন্তব্য প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে ।

যদি আপুনিও যিকোনো ছবিৰ ওপৰত নেতিবাচক ৰিভিউ দিয়ে, তেন্তে সাৱধান হওক ৷ কাৰণ কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে যে যদি আপুনি যিকোনো ছবিৰ মুক্তিৰ ৪৮ ঘণ্টাৰ ভিতৰত নেতিবাচক ৰিভিউ দিয়ে, তেন্তে আপুনি শাস্তিৰ সন্মুখীন হ’ব । amicus curiae শ্যাম পেডমেনে দাখিল কৰা প্ৰতিবেদনত ‘ৰিভিউ বম্বিং’ ৰোধ কৰাৰ বাবে কঠোৰ নিৰ্দেশনা দিয়া হৈছে, যাতে দৰ্শকে পক্ষপাতমূলক পৰ্যালোচনাৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ নিজৰ মতামত গঠন কৰিবলৈ সুবিধা পায় ।

কোৱা হৈছে যে বহু লোকে ধনৰ বাবে ছ’চিয়েল মিডিয়াত ৰিভিউ দিয়ে আৰু যদি ধন নাপায় তেতিয়া নেতিবাচক ৰিভিউ দিবলৈ আৰম্ভ কৰে । বৰ্তমান ইয়াৰ ওপৰত গোচৰ তৰাৰ সীমাবদ্ধতা আছে কাৰণ ই ধন দাবী, ব্লেকমেইল আদিৰ অধীনত নাহে ।

ইয়াৰ দ্বাৰা ‘ৰিভিউ বম্বিং’ বন্ধ হ’ব বুলি কোৱা হৈছে

এমিকাছ কিউৰিয়াৰ প্ৰতিবেদনত ‘ৰিভিউ বম্বিং’ৰ সৈতে জড়িত অভিযোগ গ্ৰহণৰ বাবে চাইবাৰ কোষৰ ওপৰত এটা নিৰ্দিষ্ট পৰ্টেল স্থাপন কৰাৰ পৰামৰ্শ দিয়া হৈছে । ইয়াৰ উপৰিও প্ৰতিবেদনত আহ্বান জনোৱা হৈছে যাতে পৰ্যালোচকসকলে গঠনমূলক সমালোচনা আগবঢ়াই আৰু অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু অন্যান্যৰ বিৰুদ্ধে গালি-গালাজ, ব্যক্তিগত আক্ৰমণ বা অপমানজনক মন্তব্যৰ পৰা আঁতৰি থাকে । ছবিখনক সমালোচনা কৰাৰ পৰিৱৰ্তে গঠনমূলক সমালোচনা কৰাহে উচিত বুলিও কয় ।

আদালতে দিলে এই নিৰ্দেশ

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আইনী আৰু নৈতিক মানদণ্ডৰ লগতে পেছাদাৰিত্ব বজাই ৰাখিব লাগিব । ন্যায়াধীশ দেৱন ৰামচন্দ্ৰনে প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়ে । উচ্চ ন্যায়ালয়ে কয় যে ছবি সন্দৰ্ভত নেতিবাচক মন্তব্যৰ আঁৰৰ সত্যতা মানুহে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে । আদালতে লগতে কয় যে নেতিবাচক মন্তব্যৰ পিচতো শেহতীয়াকৈ কিছু নতুন ছবি সফল হৈছে । এমিকাছ কিউৰিয়ায়ে আদালতত গাইডলাইন দাখিল কৰি ব্লগাৰকে ধৰি সমালোচকসকলে ছবিখন মুক্তিৰ প্ৰথম ৪৮ ঘণ্টাত পৰ্যালোচনা এৰাই চলিব লাগে বুলি পৰামৰ্শ দিয়ে ।

ৰেচেল মেকেনে দাখিল কৰিছিল অভিযোগ

আদালতে লগতে কয় যে মানুহে উপলব্ধি কৰিছে যে বহু নেতিবাচক মন্তব্য ভুৱা বা কোনো গোপন উদ্দেশ্যৰে বহুতে এনে কৰে । ব্লগাৰসকলে ইচ্ছাকৃতভাৱে নতুনকৈ মুক্তি পোৱা ছবিৰ পৰা ধনৰাশি পাবলৈ এনে মন্তব্য আগবঢ়ায় ৷ কোচি চহৰ আৰক্ষী থানাত ২০২৩ চনৰ ২৫ অক্টোবৰত, ৰাহেল মাকান কোৰাৰ পৰিচালকে প্ৰথমটো অভিযোগ দাখিল কৰিছিল ৷ অভিযোগ উত্থাপন কৰি কৈছিল যে, বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ছবিখনক বদনাম কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা চলোৱা হৈছে । কেৰালা উচ্চ ন্যায়ালয়ৰ পৰা নিৰ্দেশনা লাভ কৰাৰ পিচত আৰক্ষীয়ে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পিচত এতিয়া আদালতে এই সন্দৰ্ভত ৰায় দিছে ।

লগতে পঢ়ক: হনুমানৰ নিৰ্মাতাক সাক্ষাৎ অমিত শ্বাহৰ, ছবিখনৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা গ’ল গৃহমন্ত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.