ETV Bharat / entertainment

ন্যায়-অন্যায়ৰ উত্তৰ বিচাৰি যতীন বৰাই মাৰিব অগ্নিবাণ - AGNIBAAN

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 2:09 PM IST

Updated : May 27, 2024, 3:18 PM IST

Agnibaan: সম্প্ৰতি "অগ্নিবাণ" ৰ শ্বুটিঙক লৈ ব্যস্ত অভিনেতা যতীন বৰা । শেহতীয়াকৈ ছ'চিয়েল মিডিয়া যোগে তেওঁ শ্বেয়াৰ কৰিছে ছবিখনৰ সৈতে জড়িত কিছু মুহূৰ্ত ।

Agnibaan
শীঘ্ৰেই ছবিগৃহলৈ আহি আছে যতীন বৰাৰ অগ্নিবাণ (INSTAGRAM)

গুৱাহাটী, 27 মে’: 'নায়ক আৰু খলনায়কৰ যুঁজত, বগা আৰু ক’লাৰ সিপাৰত, ন্যায় আৰু অন্যায়ৰ মাজত যেতিয়া কোনো উত্তৰ নাথাকে, তেতিয়াই জন্ম হয় অগ্নিবাণ' ৷ শীঘ্ৰেই এই ন্যায় আৰু অন্যায়ৰ উত্তৰ বিচাৰি ছবিগৃহলৈ আহি আছে "অগ্নিবাণ" ৷

"অগ্নিবাণ"ক ৰাইজৰ মাজত মুক্তি দিয়াৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰস্তুতি ৷ আহিবলগীয়া নতুন অসমীয়া ছবিৰ ভিতৰত এখন প্ৰত্যাশিত নতুন অসমীয়া ছবি হৈছে "অগ্নিবাণ" ৷ "শ্ৰী ৰঘুপতিৰ" সফলতাৰ পিচত মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত শৈলেন কুমাৰ শৰ্মাৰ প্ৰযোজনাৰে আহি আছে "অগ্নিবাণ" ৷

অভিনেতাগৰাকীৰ বহুচৰ্চিত ছবি ৰাঘৱৰ পিচত এইবাৰ দৰ্শকক আন এক নতুন কাহিনীৰে আমোদ দিবলৈ শীঘ্ৰেই ছবিঘৰলৈ আহি আছে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ দ্বাৰা অভিনীত অগ্নিবাণ নামৰ ছবিখন ৷

"অগ্নিবাণ"ত এক নতুন চৰিত্ৰত দেখিবলৈ পোৱা যাব জনপ্ৰিয় অভিনেতাগৰাকীক ৷ শ্বুটিঙৰ ফটো শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত আপলোড কৰিছে অভিনেতা যতীন বৰাই ৷ অৱশ্যে এয়াই প্ৰথম নহয়, কিছুদিন পূৰ্বেও অভিনেতাগৰাকীয়ে ব্যস্ততা আৰু শ্বুটিংৰ দৃশ্যাংশ আপলোড কৰিছিল সামাজিক মাধ্যমত ৷

উল্লেখ্য যে, আহিবলগীয়া এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা কৰিছে মৃণ্ময় অৰুণ শইকীয়া আৰু টীম বানৰ সেনাই ৷ জনাই দিও যে, পূৰ্বে জনপ্ৰিয় তথা বহুলভাৱে সমাদৃত ৱেব চিৰিজ "কলংপাৰ" আৰু "ক্ৰিটিকেল ক'পল" পৰিচালনা তথা প্ৰযোজনা কৰিছে মৃণ্ময় অৰুণ শইকীয়া আৰু বানৰ সেনাই ৷ ছবিখনৰ বিষয়বস্তু তথা কাহিনী শৈলেন কুমাৰ শৰ্মাৰ ৷ সহঃ প্ৰযোজক হিচাপে আছে ময়ূৰাক্ষী শৰ্মা ৷

ছবিখনত যতীন বৰাৰ উপৰিও অভিনয় কৰিছে প্ৰীতি কংকণা, কমল লোচন, হিমাংশু প্ৰসাদ দাস আৰু কলকাতাস্থিত অভিনেত্ৰী কংকনা চক্ৰৱৰ্তী, ববিতা শৰ্মা, কুলদা কুমাৰ ভট্টাচাৰ্য আদিকে ধৰি বহুকেইগৰাকী ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে ৷ জানিব পৰা অনুসৰি, ছবিখনত ব্যতিক্ৰমী অন্য ৰূপত দেখা যাব অভিনেতা কমল লোচনক ৷

গুৱাহাটী মহানগৰীৰ ভিন্ন ঠাইৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চল ৰাণী, গঁড়ভঙা ফৰেষ্ট ৰিজাৰ্ভ আদিত কৰা হৈছে ছবিখনৰ চিত্ৰগ্ৰহণ ৷ বৰ্তমান সময়লৈ ছবিখনৰ প্ৰায় ৯০% চিত্ৰগ্ৰহণ সম্পন্ন হৈছে যদিও "অগ্নিবাণ"ৰ মুক্তিৰ সন্দৰ্ভত এতিয়াও ঠিক কৰা হোৱা নাই নিৰ্দিষ্ট তাৰিখ ৷

উল্লেখ্য যে, ৰঘূপতি, ৰাঘৱ, অনুৰ, ড৹ বেজবৰুৱা ২, ৰঙাটাপু বা শেহতীয়াকৈ মুক্তি লাভ কৰা প্ৰতিশ্ৰুতি আদি ছবিৰ জৰিয়তে যেন অসমীয়া ছবিজগতে পুনৰবাৰ প্ৰাণ পাই উঠিছে ৷ সেয়া যি কি নহওক, ইয়াৰ ফলত অসমীয়া চিনেমাপ্ৰেমীসকলে আশাও কৰিছে অসমীয়া চিনেমাৰ সেই সোণালী দিনবোৰ যেন আকৌ ঘূৰি আহক !

লগতে পঢ়ক: ছবিগৃহত প্ৰস্তুতিৰ ‘প্ৰতিশ্ৰুতি’ৰ দপদপনি, সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে ক’লে এই কথা - Pratisruti Assamese Movie

Last Updated : May 27, 2024, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.