যোৰহাট ডেস্ক, 21 মে’ : অসমীয়া চলচ্চিত্ৰ জগতত ৰঘুপতিৰ অভূতপূৰ্ব সাফল্যৰ পাচত আন এখন ব্যতিক্ৰমী ছবিৰে পুনৰ দৰ্শকৰ মাজত খলকনি তুলিবলৈ আহি আছে ৰবি শৰ্মা ৷ ছবিখন শ্যাম প্ৰডাকচনৰ ৷ চিনেমাখনৰ শ্বুটিঙৰ কাম পূৰ্ণ গতিত আগবাঢ়িছে ৷
মঙলবাৰে পুৱা ১০ বজাত তিতাবৰৰ ঐতিহাসিক বসুন্ধৰা ক্ষেত্ৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু আশীৰ্বাদৰ পিচতেই বিভিন্ন দৃশ্যৰ চিত্ৰগ্ৰহণ আৰম্ভ হয় । দক্ষ পৰিচালক ৰূপক গগৈৰ পৰিচালনাৰে আৰু ৰবি শৰ্মাৰ, আদিল হুছেইনৰ দৰে তাৰকাৰ সমাহাৰেৰে নিৰ্মাণ হ’ব এইখন বোলছবি ৷ শ্যাম প্ৰডাকচনৰ বেনাৰত বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰী লৈ তিতাবৰত পূৰ্ণ গতিত চলিছে ‘ৰুদ্ৰ’ৰ দৃশ্যগ্ৰহণ ।
ব্যয়বহুল এই অসমীয়া ছবিখনত ৰবি শৰ্মাৰ উপৰিও জয় কাশ্যপ, নন্দিনী কাশ্যপ, অলক নাথ, ৰাজীৱ শৰ্মা দৰে অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । ইয়াৰোপৰি এই ছবিখনত দেখিবলৈ পোৱা যাব উত্তৰ-পূবৰ আন বহু কেইগৰাকী নবীন-প্ৰবীণ কলা-কুশলীৰ লগতে আন্তঃৰাষ্ট্ৰীয় অভিনেতা আদিল হুছেইনক । ৰবি শৰ্মা অভিনীত 'শ্ৰী ৰঘুপতি’ৰ দৰে বাণিজ্যিকভাৱে সফল ছবিৰে অসমীয়া বোলছবি জগতত নতুন যুগৰ সূচনা কৰাৰ পাচত ছবিখনৰ প্ৰযোজক ৰাজেশ ম'ৰে ছবিখনত দৰ্শকে বহু নতুনত্ব দেখিবলৈ পাব বুলি মন্তব্য কৰিছে । এই বছৰৰ শেষৰ ফালে ছবিখনে মুক্তি লাভ কৰিব বুলি আশা কৰিছে প্ৰযোজকে ।
ছবিখনে যাতে অসমীয়া চিনেমাত এক নতুন মান নিৰ্ধাৰণ কৰিব পাৰে তাৰ বাবে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলাইছে পৰিচালক-প্ৰযোজকে । তিতাবৰ, গুৱাহাটী, হায়দৰাবাদত চলিব ‘ৰুদ্ৰ’ ৰ চিত্ৰগ্ৰহণ ৷ ৰুদ্ৰ ছবিখনত প্ৰেম, থ্ৰিলাৰ, চাচপেন্স, ড্ৰামা আৰু একশ্যনৰ প্ৰহেলিকাময় যাত্ৰা উপভোগ কৰিবলৈ সক্ষম হ’ব ছবিপ্ৰেমী দৰ্শক । এই নতুন অসমীয়া চলচ্চিত্ৰখনত দৰ্শকে এক নতুন-কৌশল দেখিবলৈ পাব বুলি আশা প্ৰকাশ কৰিছে ছবিখনৰ প্ৰযোজক-পৰিচালক আৰু কলা-কুশলীসকলে ।