ETV Bharat / entertainment

মাজত মাথো দুটা দিন: সাজুনে আপোনালোক ইমন চাবলৈ ? - New Assamese film Emon

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 4:18 PM IST

New Assamese film Emon: ৫ জুলাইত ছবিগৃহলৈ আহি আছে "ইমন"। ছবিখনৰ টিজাৰ আৰু গীতসমূহে ইতিমধ্যে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে ।

Etv Bharat
সাজুনে আপোনালোক ইমন চাবলৈ ? ((emon Teaser from Youtube))

গুৱাহাটী, 2 জুলাই : প্ৰতিটো সপ্তাহত একোখনকৈ অসমীয়া ছবিৰ মুক্তিৰ বাৰ্তাই এতিয়া উৎসাহিত কৰি তুলিছে প্ৰতিগৰাকী অসমীয়া ছবিপ্ৰেমী ৰাইজক । দীঘলীয়া হৈছে ক্ৰমে চলিত বর্ষত মুক্তি লাভ কৰা অসমীয়া ছবিৰ সংখ্যা । জুলাই মাহৰ প্ৰথমটো সপ্তাহত অৰ্থাৎ ৫ জুলাইত ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি "ইমন" । এগৰাকী সৰু ছোৱালীৰ জীৱনৰ কাহিনীক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন পৰিচালনা কৰিছে অসীম বৈশ্যই । ছবিখনৰ প্ৰযোজনা কৰিছে বিপুল চন্দ্ৰ দাস আৰু ইতি গগৈয়ে ।

শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিখনৰ টিজাৰ আৰু গীতসমূহে ৰাইজৰ মাজত যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । ইমন ক্ৰিয়েশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবি "ইমন" ৰ কাহিনী আৰু পৰিচালনা অসীম বৈশ্যৰ ৷ আনহাতে চিত্ৰনাট্য-সংলাপ মৃদুল কুমাৰ বৰাৰ ৷ ছবিখনত অভিনয় কৰিছে দেৱজিত মজুমদাৰ, মহেন্দ্ৰ দাস, প্ৰতিভা চৌধুৰী, সিদ্ধাৰ্থ শৰ্মা, মুনমী ফুকন, চিমি ৰায়ান, দ্বীপজ্যোতি কেওট, ৰাজীৱ গোস্বামী, বিকি, অৰ্ণৱ আয়ান, সিদ্ধান্ত কলিতা, স্নিগ্ধা গগৈ, ববী শইকীয়া বৰা, চাজু আৰু সমীৰণ গোস্বামীয়ে । গুৱাহাটীৰ মহানগৰীৰ ভিন্ন স্থানৰ লগতে মহানগৰীৰ পাৰ্শ্বৱৰ্তী বহুকেইটা ঠাইত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে । ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে চিন্ময় ৰাভাই ।

ছবিখনৰ সংগীতৰ কাম কৰিছে ইবচন লাল বৰুৱাই । ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে প্ৰশান্ত বৰা ৷ সহকাৰী পৰিচালক উৎপল বৰ্মন আৰু অংকুৰ ডেকা ৷ ইমনৰ ৰূপসজ্জাত আছে ভাস্কৰজ্যোতি দত্ত আৰু ভূমিকা তালুকদাৰ । সম্পাদনা অসীম শর্মাৰ । উল্লেখ্য যে কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ছবিখনৰ দ্বিতীয়টো গীত "বাগুৰুম্বা" খুবেই পছন্দ কৰিছে নেটিজেনে ৷ আনহাতে কালি মুক্তি লাভ কৰে ছবিখনৰ আন এটি গীত "মোৰ চহৰৰ"। আহিবলগীয়া এই নতুন অসমীয়া ছবিখন ৰাইজে আঁকোৱালি ল'ব বুলি আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক : ‘ইমন’ৰ পোষ্টাৰ মুকলিৰ পৰা দৰ্শকলৈ কি অনুৰোধ জনালে নিৰ্মাতা-তাৰকাই ? - new assamese film emon

মৰিগাঁৱত ইমনৰ প্ৰচাৰ, সমূহ মৰিগাঁওবাসীক ইমন চাবলৈ অনুৰোধ কলা-কুশলীৰ - New Assamese Movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.