ETV Bharat / entertainment

জীৱনটো কিমান ক্ষন্তেকীয়া তাৰেই বাৰ্তা লৈ আহি আছে  ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ - Director Chandra Mudoi new Film

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2024, 12:54 PM IST

Director Chandra Mudoi new Film: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে এখন অসমীয়া ছবি ‘গমন দ্য লাষ্ট জাৰ্ণি’ ৷

National Award-winning director Chandra Mudois new venture gomon the last journey to hit theatre soon
এখন নতুন অসমীয়া ছবি (Gomon The Last Journey Team)

গুৱাহাটী, 28 আগষ্ট : মুক্তিৰ বাবে সাজু হৈ উঠিছে আন এখন অসমীয়া ছবি, নাম ‘গমন দ্য লাষ্ট জাৰ্ণি’ । ‘উজনিৰ দুজনী গাভৰু’, ‘জোন দা ইমান গুণ্ডা’, ‘বাঁকৰ পুতেক’ , ‘চুৰেণ চোৰৰ পুতেক’, ‘অহেতুক’ আদিকে ধৰি কেইবাখনো জনপ্ৰিয় ছবি অসমবাসীক উপহাৰ হিচাপে দিয়া এগৰাকী জনপ্ৰিয় তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈৰ পৰিচালনাৰে আহি আছে এইখন অসমীয়া ছবি ‘গমন- দ্য লাষ্ট জাৰ্ণি’ ।

National Award-winning director Chandra Mudois new venture gomon the last journey to hit theatre soon
‘গমন দ্য লাষ্ট জাৰ্ণি’ৰ পোষ্টাৰ (Gomon The Last Journey Team)

শ্মাশানত খৰি বিক্ৰীৰ ব্যৱসায় কৰি এটি যৌথ পৰিয়াল চলোৱা এগৰাকী সৎ তথা মানৱতাবাদী ব্যক্তিৰ উত্থান-পতনেৰে ভৰা জীৱন সংগ্ৰামৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন । বি কে ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন পৰিচালনা কৰাৰ লগতে চিত্রনাট্যও চন্দ্ৰ মুদৈৰ । ছবিখনৰ প্ৰযোজনা যতীন্দ্র নাথ খনিকৰ আৰু বিপুল কলিতাৰ ।

লগতে পঢ়ক : আহিবলগীয়া চিনেমা সুন্দৰপুৰ কেঅ'ছৰ গীত মুকলি অনুষ্ঠান - JHULAN KRISHNA MAHANTA MOVIES

আনহাতে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা যতীন্দ্র নাথ খনিকৰে । ইয়াৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে দিব্যজ্যোতি দাস, অমৃতা গগৈ, আৰতি কলিতা, চাজু আহমেদ আৰু শিশু শিল্পী শাক্ষিত ওম শর্মা আদিকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

শ্বুটিঙত ব্যস্ত কলা-কুশলী (Gomon The Last Journey Team)

ছবিখনৰ চিনেমেট'গ্রাফী নৱ কুমাৰ দাসৰ আৰু সম্পাদনা কৰিব শ্যামল দাসে । আবহ সংগীত চন্দ্ৰ মুদৈৰ । ‘গমন দা লাষ্ট জাৰ্ণি’ ৰ সহ প্রযোজক হিচাপে আছে বিপুল কলিতা । শেহতীয়াকৈ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত উক্ত ছবিখনৰ এটা বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় । ছবিখন উপভোগ কৰি দর্শক আৰু সমালোচকসকলে সকলো শিল্পীৰে বলিষ্ঠ অভিনয় উপভোগ কৰি আপ্লুত হয় । জানিব পৰা অনুসৰি, আগন্তুক অক্টোবৰ মাহত ছবিখন ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : BIFF ৰ মঞ্চত ভাৰতৰ পৰা একমাত্ৰ ফিছাৰ হিচাপে চিহ্নিত ৰীমা দাসৰ "ভিলেজ ৰকষ্টাৰ্ছ 2" - Village Rockstars 2 in 29th BIFF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.