ETV Bharat / entertainment

আমেৰিকা, পোলেণ্ড, শ্ৰীলংকা, অষ্ট্ৰেলিয়াৰ নাটক চাই যদি কলাক্ষেত্ৰলৈ আহক - BBITF 2024 in Guwahati

author img

By ETV Bharat Entertainment Team

Published : Sep 2, 2024, 8:47 PM IST

International theatre festival in Guwahati : ৩ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’ব ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱৰ দ্বিতীয় সংস্কৰণ ৷ অসম-ভাৰতৰ উপৰিও আমেৰিকা, পোলেণ্ড, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, টিউনিচিয়াৰ নাট্যদলেও অংশগ্ৰহণ কৰিব নাট মহোৎসৱখনিত ৷

International theatre festival in Guwahati
ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০২৪ (aank.org website)

গুৱাহাটী, ২ ছেপ্টেম্বৰ : অহা ৩ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০২৪’ ৷ অসমৰ এক সম্ভ্ৰান্ত নাট্যদল ‘আঁক-এ ক্ৰিয়েটিভ লাইন’ৰ হৈ ড৹ মৃণালজ্যোতি গোস্বামীৰ মুখ্য তত্বাৱধানত দ্বিতীয়বাৰৰ বাবে অসমত এই নাট মহোৎসৱ অনুষ্ঠিত হ’ব৷

ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ-২০২৪ (ETV Bharat Assam)

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি উক্ত অনুষ্ঠানৰ সন্দৰ্ভত অৱগত কৰোৱা হয় ৷ সংবাদমেলত উপস্থিত থাকে ফেষ্টিভেল ডাইৰেক্টৰ ড৹ মৃণালজ্যোতি গোস্বামী, উপদেষ্টামণ্ডলী ক্ৰমে নয়ন প্ৰসাদ, তপন দত্ত, নুৰুদ্দিন আহমেদ, তৰুণ চন্দ্ৰ কলিতা, অভিনেত্ৰী কংকনা দাস, মহোৎসৱৰ সম্পাদক অভিজিৎ দাস, প্ৰচাৰ সমন্বয়ক দৰ্শনা বৰুৱাৰ লগতে বহুকেইগৰাকী লোক ।

উক্ত মহোৎসৱৰত আমেৰিকা, পোলেণ্ড, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, টিউনিচিয়া আৰু ভাৰতৰ নাট্যদলৰ দ্বাৰা বহুকেইখন নাটক মঞ্চস্থ কৰা হ’ব ৷ উল্লেখ্য যে এই নাট মহোৎসৱত নাটকৰ শক্তিৰে সাংস্কৃতিক প্ৰতিবন্ধকতাৰ মাজত সাঁকো তৈয়াৰ কৰি সাৰ্বজনীন বুজাবুজিৰ কথা চিন্তা কৰাৰে লগতে মানৱৰ সৃষ্টিশীলতা আৰু নদীৰ লগত থকা সংযোগৰ কথাত গুৰুত্ব দিয়া হৈছে বুলি জনায় উদ্যোক্তামণ্ডলীয়ে ।

সংবাদমেলত কয়, ‘‘ব্ৰহ্মপুত্ৰ নদী আমাৰ অসমৰ আয়ুসৰেখাস্বৰূপ ৷ ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি আমাৰ সভ্যতা-সংস্কৃতি গঢ় লৈ উঠিছে ৷ সেই বাবেই এই নাট মহোৎসৱৰ নাম ভুল্লুং-বুথুৰ হিচাবে ৰাখিছো ৷ এই নাট মহোৎসৱ আমি প্ৰত্যেক বছৰেই অনুষ্ঠিত কৰিব বুলি আশা কৰিছো ৷ ফ্ৰান্স, অষ্ট্ৰেলিয়া,শ্ৰীলংকা আৰু ভাৰতৰ সহযোগত যোৱা এপ্ৰিল মাহত এখন নাটক কৰিছিলোঁ অসমত; সেই নাটকখনো মঞ্চস্থ হ’ব ৷ তদুপৰি অসমৰো কেবাখনো নাটক থাকিব ৷’’

সাহিত্য ডট অৰ্গৰ সদস্য তথা বিশিষ্ট নাট্যকৰ্মী ড৹ মৃণালজ্যোতি গোস্বামীয়ে লগতে জানিবলৈ দিয়ে যে ইৰাক, মংগোলীয়, বাংলাদেশ, ব্ৰাজিল আদিৰ নাট্যদলো অহাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে আহিব নোৱাৰিলে ৷ উল্লেখ্য যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ বক্তৃতাত ব্ৰহ্মপুত্ৰৰ নাম ভুল্লুং-বুথুৰ হিচাবে উল্লেখ কৰিছিল ৷ সেই ৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া নাট মহোৎসৱখনৰ নাম ‘ভুল্লুং-বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ’ ৰখা হয় ৷

আনহাতে নাট মহোৎসৱখনৰ উপদেষ্টা নয়ন প্ৰসাদে কয়, ‘‘এইবাৰৰ এই নাট মহোৎসৱত অসমৰ, ভাৰতবৰ্ষৰ কেবাখনো নাটকৰ উপৰিও বিদেশৰ কেবাখনো নাটকে অংশগ্ৰহণ কৰিব ৷ তাৰ ভিতৰত উল্লেখযোগ্য হ’ল- পোলেণ্ডৰ নাটক ‘পেৰাডস্ক’, আমেৰিকাৰ নাটক ‘মাউণ্ড ৰাজম’ৰ’, শ্ৰীলংকাৰ তিনিখন চুটিনাট আৰু ইণ্ডোনেছিয়াৰ এখন নাটকে এই মহোৎসৱত অংশগ্ৰহণ কৰিব ৷’’

তদুপৰি নাট্য মহোৎসৱৰ পাঁচোটা দিনতে নাটকৰ কৰ্মশালা, নাটকৰ আলোচনাচক্ৰৰ উপৰিও পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অসমৰ দুখনকৈ মহাবিদ্যালয়ে দুখন কৰ্মশালা অনুষ্ঠিত কৰিব ৷ ইফালে এই নাট মহোৎসৱৰ দৰ্শকসকলে প্ৰৱেশপত্ৰৰ বাবে পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব বুলি জনায় আয়োজকমণ্ডলীয়ে ৷ উক্ত মহোৎসৱৰ সকলো তথ্য আৰু দৰ্শনীৰ বাবে www.aank.orgত প্ৰৱেশ কৰাৰ আহ্বান জনায় নয়ন প্ৰসাদে ৷

লগতে পঢ়ক : দাপোন দ্য মিৰ’ৰ উদ্যোগত খৰ্বকায়সকলৰ মৌলিক নাটক প্ৰদৰ্শন

মুখত ‘বিড়ি’লৈ হেঙুলত কি কৰিছে কমল লোচনে ?

অসম-নাগালেণ্ড সীমান্তত পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.