ETV Bharat / entertainment

মোদীৰ তৃতীয় কাৰ্যকালক লৈ উৎসাহিত ছিলভাৰ স্ক্ৰীণৰ তাৰকাসকল - PM Narendra Modi oath taking

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 8:00 PM IST

PM Narendra Modi oath taking: ভাৰতীয় চলচ্চিত্ৰৰ বিশিষ্ট তাৰকাসকলে প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে আৰু তেওঁৰ নেতৃত্বত এক সমৃদ্ধশালী ভাৰতৰ আশা ব্যক্ত কৰিছে । চিৰঞ্জীৱীৰ পৰা কমল হাছানলৈকে অভিনেতাসকলে মোদীৰ শক্তিশালী, উজ্জ্বল ৰাষ্ট্ৰৰ দৃষ্টিভংগীৰ প্ৰতি শুভেচ্ছা আৰু সমৰ্থন আগবঢ়ায় ।

Modi 3.0: Indian Cinema's Biggest Stars Cheer Modi's Third Term; Kamal Haasan Pushes for Unity, Inclusive India Vision
উৎসাহিত ছিলভাৰ স্ক্ৰীণৰ তাৰকা (ETV Bharat Assam)

চিটাৰা ডেস্ক, 10 জুন : নৰেন্দ্ৰ মোদীয়ে ৯ জুনত ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে । বিশিষ্ট ব্যক্তি, ৰাজনৈতিক ব্যক্তি আৰু প্ৰসিদ্ধ ব্যক্তিসকলৰ উপস্থিতিত এই অনুষ্ঠানটো ভাৰতৰ ৰাজনৈতিক যাত্ৰাত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে চিহ্নিত হৈ ৰ’ল ।

প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণৰ পিচতে ছ’চিয়েল মিডিয়া বহু চেলেব্ৰিটীৰ শুভেচ্ছা আৰু অভিনন্দনেৰে ভৰি পৰিল । ভাৰতীয় চিনেমাৰ বিশিষ্ট তাৰকাসকলে প্ৰধানমন্ত্ৰী হিচাপে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে মোদীক শুভেচ্ছা জ্ঞাপন কৰে ।

তেলুগু ছুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে টুইটাৰযোগে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয়, "শ্ৰী @narendramodi জী লৈ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে আন্তৰিক অভিনন্দন ! মই আপোনাৰ আৰু আপোনাৰ কেবিনেট মন্ত্ৰীসকলৰ প্ৰতি আমাৰ দেশক সমৃদ্ধি আৰু গৌৰৱৰ দিশত আগুৱাই নিবলৈ শক্তিৰ কামনা কৰিছো ।’

চিৰঞ্জীৱীৰ পুত্ৰ অভিনেতা ৰাম চৰণেও টুইটাৰত মোদীক অভিনন্দন জনাই কয়, “ভাৰতৰ প্ৰিয় প্ৰধানমন্ত্ৰী @narendramodi Ji আৰু #NDAGovernment লৈ ঐতিহাসিক তৃতীয় কাৰ্যকাল আৰম্ভ কৰাৰ বাবে অভিনন্দন । আপোনাৰ নেতৃত্বত অধিক সমৃদ্ধিশালী ভাৰতৰ বাবে অপেক্ষাৰে ৰৈ আছো । জয় হিন্দ ।"

মালায়ালম স্ক্ৰীণ আইকন মোহনলালে ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীক শুভেচ্ছা জনাই কয়, "আমাৰ প্ৰধানমন্ত্ৰী হিচাপে আপোনাৰ উল্লেখনীয় তৃতীয় কাৰ্যকালৰ বাবে শ্ৰী নৰেন্দ্ৰ মোদীজীক অভিনন্দন জনাইছো । আপোনাৰ নেতৃত্বৰ সৈতে ভাৰতৰ ভৱিষ্যত নিশ্চিতভাৱে উজ্জ্বল দেখা গৈছে ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে সুৰেশ গোপী আৰু শ্ৰী জৰ্জ কুৰিয়ানক আন্তৰিক অভিনন্দন জনাইছো ।"

কিংবদন্তি অভিনেতা কমল হাছানে লিখিছে, "ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জী, আপোনাৰ তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন । এখন শক্তিশালী, উজ্জ্বল, আৰু সৰ্বাংগীন ভাৰতৰ বাবে নিৰ্বাচিত প্ৰতিনিধিসকলে একেলগে কাম কৰক । জয় হিন্দ !"

বলীউড অভিনেতা বৰুণ ধৱনে প্ৰধানমন্ত্ৰী মোদীক ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি দেশক অধিক উচ্চতালৈ লৈ যাবলৈ আহ্বান জনায় ।

সুনিল শ্বেট্টীয়ে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত "সমৃদ্ধি আৰু ঐক্যৰ দিশত ভাৰতক পথ প্ৰদৰ্শন কৰাত নিৰন্তৰ শক্তি আৰু জ্ঞান" কামনা কৰে ।

ৰাজকুমাৰ ৰাওৱে তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত প্ৰধানমন্ত্ৰী মোদীৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, "একেৰাহে এই ঐতিহাসিক তৃতীয় জয়ৰ বাবে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীক মোৰ আন্তৰিক অভিনন্দন । আপোনাৰ দৃষ্টান্তমূলক নেতৃত্বত আমাৰ দেশখন বিকশিত হৈ থাকক ।"

পৰিচালক কৰণ জোহৰে প্ৰধানমন্ত্ৰী মোদীক আন্তৰিক অভিনন্দন জনাই কয়, "ভাৰতবৰ্ষ আগন্তুক বছৰবোৰৰ বাবে আপোনাৰ শক্তি, আবেগ আৰু দৃষ্টিভংগীৰ দ্বাৰা নেতৃত্ব লোৱাৰ বাবে আশাবাদী ।"

কানাড়া অভিনেতা-পৰিচালক ঋষব শ্বেট্টীয়ে প্ৰধানমন্ত্ৰীৰ উন্নয়ন, শিক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি থকা নিষ্ঠাৰ শলাগ লয় ।

নিজৰ ৰাজনৈতিক দল তামিলাগা ভেত্ৰী কাঝাগামক প্ৰতিনিধিত্ব কৰি অভিনেতাৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ে প্ৰধানমন্ত্ৰী হিচাপে তৃতীয় কাৰ্যকালত প্ৰধানমন্ত্ৰী মোদীৰ সফলতা কামনা কৰে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰী পৰিষদক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাই । অনুষ্ঠানটোত ভাৰতৰ চুবুৰীয়া অঞ্চলৰ নেতা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে । শেহতীয়া লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপি নেতৃত্বাধীন এন ডি এৰ নেতৃত্বত ক্ৰমাগত তৃতীয়টো জয় লাভ কৰে । ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ওপৰত জোৰ দি মোদীৰ নেতৃত্বত এন ডি এ মিত্ৰজোঁটে সংসদৰ ২৯২খন আসন লাভ কৰে ।

লগতে পঢ়ক : নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ উৰা মাৰিলে ৰজনীকান্ত - Narendra Modis oath taking ceremony

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.