চিটাৰা ডেস্ক, 10 ফেব্ৰুৱাৰী: কলকাতাত শ্বুটিঙৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে মিঠুন চক্ৰৱৰ্তী । ইয়াৰ পিছতে তেওঁক বাইপাছৰ জৰিয়তে ব্যক্তিগত চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় । চিকিৎসালয়ত অভিনেতাগৰাকীৰ কেইবাটাও শাৰীৰিক পৰীক্ষা কৰোৱাৰ লগতে তেওঁক বিশেষজ্ঞ চিকিৎসকৰ অহৰহ নিৰীক্ষণত ৰখা হৈছে ।
জনাই দিও যে, কলকাতাত ‘শাস্ত্ৰী’ ছবিৰ শ্বুটিঙত ব্যস্ত আছিল জ্যেষ্ঠ অভিনেতাগৰাকী । পাথিকৃত বসুৰ দ্বাৰা পৰিচালিত ছবিখনৰ শ্বুটিং স্থলীতে হঠাৎ অভিনেতাগৰাকী অসুস্থ হৈ পৰে ।
সূত্ৰ অনুসৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকী শুকুৰবাৰে নিশাৰ পৰা শাৰীৰিক সমস্যাত ভুগি আছিলে । ইয়াৰ পিছত শনিবাৰে পুৱা তেওঁক বাইপাছৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হয় । খবৰ অনুসৰি তেওঁক স্নায়ু বিশেষজ্ঞ সঞ্জয় ভৌমিকৰ তত্বাৱধানত ভৰ্তি কৰোৱা হৈছে । চিকিৎসালয়ৰ সূত্ৰ অনুসৰি অভিনেতাগৰাকীক ব্ৰেইন ষ্ট্ৰ’ক (Acute Stroke) হোৱাৰ বাবে ভৰ্তি কৰোৱা হৈছিল ।
কোনো ধৰণৰ বক্তব্য প্ৰদান কৰা নাই পৰিয়ালে
বৰ্তমানলৈকে অভিনেতাগৰাকীৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ সন্দৰ্ভত পৰিয়ালৰ লোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । চিকিৎসালয়খনেও এতিয়ালৈকে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই । এই খবৰৰ পিছতে অভিনেতাগৰাকীৰ অনুৰাগীসকল তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে ৷ লগতে তেওঁৰ স্বাস্থ্যৰ সৈতে জড়িত তথ্যৰ বাবে অপেক্ষা কৰি আছে লগতে তেওঁৰ অতি শীঘ্ৰে আৰোগ্য লাভৰ বাবেও প্ৰাৰ্থনা কৰিছে ।
মিথুনক পদ্ম ভূষণেৰে সন্মানিত কৰা হয়
শেহতীয়াকৈ মিথুন চক্ৰৱৰ্তীক পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল । এই খবৰৰ পিছত অভিনেতা গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি বাংলা ভাষাত এটা ভিডিঅ’ যোগে কয়-
‘মই গৌৰৱান্বিত, এই বঁটা লাভ কৰি মই সুখী । সকলোকে ধন্যবাদ জনাইছো । মোৰ বাবে কেতিয়াও কাৰো পৰা একো বিচৰা নাছিলো । আজি নোসোধাকৈ কিবা এটা পোৱাৰ অনুভৱ অনুভৱ কৰিছো । সম্পূৰ্ণ বেলেগ অনুভৱ । বৰ ভাল অনুভৱ হৈছে ।'
লগতে পঢ়ক: ছবিগৃহত অগ্নিসংযোগ কৰিলে পৱন কল্যাণৰ অনুৰাগীয়ে, চাওক ভিডিঅ’