ETV Bharat / entertainment

চৰকাৰৰ ডাঙৰ পদক্ষেপ, অশ্লীল বিষয়বস্তু দেখুওৱা ১৮টা অ’টিটি প্লেটফৰ্ম, ১৯টা ৱেবছাইট, ১০টা এপ নিষিদ্ধ

Blocks 18 OTT platforms: ছ’চিয়েল মিডিয়া, অ’টিটি প্লেটফৰ্ম আৰু ৱেবছাইটত অশ্লীল বিষয়বস্তু দেখুওৱাসকলৰ বিৰুদ্ধে চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ১৮টা অ’টিটি প্লেটফৰ্ম, ১৯টা ৱেবছাইট আৰু ১০টা এপ নিষিদ্ধ কৰিছে । কেৱল এয়াই নহয়, চৰকাৰে ৫৭টা ছ’চিয়েল মিডিয়া হেণ্ডেলো ব্লক কৰিছে ।

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 2:22 PM IST

Ministry of I and B blocks 18 OTT platforms for obscene and vulgar content
অ’টিটি, ৱেবছাইটৰ বিৰুদ্ধে চৰকাৰৰ ডাঙৰ পদক্ষেপ

চিটাৰা ডেস্ক, ১৪ মাৰ্চ: ছ’চিয়েল মিডিয়া আৰু অ’টিটি এনেকুৱা এটা প্লেটফৰ্ম যিবোৰ প্ৰতি ঘৰে ঘৰে মানুহে ব্যৱহাৰ কৰে । আজিকালি ৱেবছাইট আৰু এপৰ জৰিয়তে ঘৰতে বহি যি মন যায় তাকে চাব ​​পাৰি । কিন্তু এইবোৰ প্লেটফৰ্ম অপব্যৱহাৰ কৰা মানুহৰ অভাৱ নাই । বহুতো ৱেবছাইট, অ’টিটি প্লেটফৰ্ম আৰু এপ আছে যিয়ে ৰাইজৰ মাজলৈ অশ্লীল বিষয়বস্তু প্ৰদান কৰে । এতিয়া এই বিষয়ত তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে । ব্যৱস্থা গ্ৰহণ কৰি তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে ১৮টা অ’টিটি প্লেটফৰ্ম, ১৯টা ৱেবছাইট আৰু ১০টা এপ নিষিদ্ধ কৰিছে ।

কেৱল এয়াই নহয়, ৫৭টা ছ’চিয়েল মিডিয়া হেণ্ডেলো ব্লক কৰা হৈছে । ভাৰত চৰকাৰৰ তথ্য অনুসৰি এই সকলোবোৰ ছাইট আৰু অ’টিটি প্লেটফৰ্মে আই টি আইন উলংঘা কৰিছে । ইয়াৰ উপৰিও এই অনলাইন প্লেটফৰ্মসমূহে ভাৰতীয় দণ্ডবিধিৰ আইনো উলংঘা কৰিছিল । চৰকাৰে বিশ্বাস কৰে যে বিগত কেইবাবছৰ ধৰি এই অ’টিটি প্লেটফৰ্ম আৰু ৱেবছাইটসমূহে মহিলাৰ ভাবমূৰ্তি কলংকিত কৰা বিষয়বস্তু দেখুৱাইছিল । কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ২০২৪ চনৰ ১২ মাৰ্চত এই ঘোষণা কৰিছে ।

উল্লেখ্য যে, যিবোৰ হেণ্ডেল ব্লক আৰু নিষিদ্ধ কৰা হৈছে তাৰ ভিতৰত কিছুমানৰ ১ কোটি ব্যৱহাৰকাৰী আৰু কিছুমানৰ ১৫ লাখ ব্যৱহাৰকাৰী আছিল । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এই বিষয়ত আইনী বিশেষজ্ঞ আৰু বিশেষজ্ঞ সমিতিৰ সৈতে আলোচনা কৰি লৈছে । এএনআইয়েও নিজৰ টুইটাৰ একাউণ্টত এটা তালিকা শ্বেয়াৰ কৰিছে ।

এই শ্বেয়াৰ কৰা তালিকাত সেই সকলোবোৰ অ’টিটি প্লেটফৰ্ম, এপ, ৱেবছাইটৰ নাম উল্লেখ কৰা হৈছে, যিবোৰ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নিষিদ্ধ আৰু ব্লক কৰিছে । চৰকাৰৰ মতে অশ্লীল বিষয়বস্তুৱে যুৱক-যুৱতীসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । যাৰ বাবে ইয়াক নিষিদ্ধ কৰিছে ৷

লগতে পঢ়ক: কেৰালা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, ছবিৰ মুক্তিৰ ৪৮ ঘণ্টাৰ আগত দিব নোৱাৰিব নেতিবাচক ৰিভিউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.