ETV Bharat / entertainment

আকৌ এবাৰ অপৰাধীক চুপ কৰাবলৈ আহি আছে মনোজ বাজপেয়ী - Silence 2 - SILENCE 2

Silence 2: তিনি বছৰৰ পিচত আহি আছে মনোজ বাজপেয়ীৰ ‘ছাইলেন্স’ৰ ছিকুৱেল ৷ এই ছবিখনত অভিনেতাজনৰ অভিনয়ৰ উপৰিও ছবিখনৰ ছাচপেন্স থ্ৰিলাৰ কাহিনীটোও সকলোৱে খুবেই ভাল পাইছিল  ৷ বহুদিন ধৰি ছবিখনৰ ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল সকলোৱে ৷ অৱশেষত এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডৰ কথা ঘোষণা কৰা হয়  ৷

Manoj Bajpayee returns as ACP Avinash in Silence 2: The Night Owl Bar Shootout
আকৌ এবাৰ অপৰাধীক চুপ কৰাবলৈ আহি আছে মনোজ বাজপেয়ী
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 4:43 PM IST

চিটাৰা ডেস্ক, 23 মাৰ্চ: ২০২১ চনত মুক্তি লাভ কৰিছিল ছবি ‘ছাইলেন্স: কেন ইউ হিয়াৰ ইট ’ নামৰ ছবিখন ৷ ছবিখনত মনোজ বাজপেয়ীৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁৰ শলাগ লোৱা হৈছিল ৷ এচিপি অবিনাশৰ চৰিত্ৰত অভিনয় কৰা মনোজে পুনৰবাৰ এই ছবিখনেৰে অ’টিটি জগতত ঘূৰি আহিবলৈ সাজু হৈছে ৷

তিনি বছৰৰ পিচত আহি আছে মনোজ বাজপেয়ীৰ ‘ছাইলেন্স’ৰ ছিকুৱেল ৷ এই ছবিখনত অভিনেতাজনৰ অভিনয়ৰ উপৰিও ছবিখনৰ ছাচপেন্স থ্ৰিলাৰ কাহিনীটোও সকলোৱে খুবেই ভাল পাইছিল ৷ বহুদিন ধৰি ছবিখনৰ ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল সকলোৱে ৷ অৱশেষত এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডৰ কথা ঘোষণা কৰা হয় ৷

চাইলেন্স ২ ঘোষণা

তিনি বছৰৰ পাছত ' চাইলেন্স ২: নাইট আউল বাৰ শ্বুটআউট'ৰ ছিকুৱেল ৷ আকৌ এবাৰ মনোজ বাজপেয়ীয়ে এচিপি অবিনাশ হৈ অপৰাধীক বচাব ৷ শনিবাৰে (২৩ মাৰ্চ) এটা দৰ্শনীয় ভিডিঅ’ৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰা হয় ৷

মনোজ বাজপেয়ীয়ে ‘Silence 2’ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁৰ শক্তিশালী অৱতাৰ দেখুৱাইছে ৷ ভিডিঅ’টোৰ লগত দিয়া কেপচনত মনোজে লিখিছে, “এচিপি অবিনাশে পুনৰ আহি আছে অপৰাধীক নীৰৱ কৰিবলৈ ৷”

মনোজ বাজপেয়ীয়ে পুনৰ নীৰৱ কৰিব অপৰাধীক

ভিডিঅ'টোৰ আৰম্ভণিতে এটা প্ৰশ্ন- 'অপৰাধৰ শিখৰত উপনীত হৈছে, ক'ত আছে এচিপি অবিনাশ?' মনোজ বাজপেয়ীৰ হাতত এখন কাগজ আছে, য’ত তেওঁৰ নিজৰ লেখা ছপা হৈছে ৷ এচিপিও নিউজ চেনেলত আছে আৰু প্ৰশ্ন উত্থাপন হৈছে যে তেওঁ ক’ত ? তাৰ পিছত মনোজ বাজপেয়ীয়ে ঘূৰি আহি কয়, "তেওঁলোকে মুম্বাইক অপৰাধৰ ৰাজধানী কৰি তুলিছে ৷ ছিৰিয়েল কিলাৰ, হাই প্ৰফাইল হত্যাকাৰী, কপিকেট পেটাৰ্ণ আৰু কি কি নহয় ৷"

তাৰ পিছত তেওঁক ফোন আহে আৰু কোৱা হয় যে ওপৰৰ পৰা তেওঁৰ ওপৰত বহুত হেঁচা আহি আছে আৰু অভিনেতাজনে কয় কওক, এচিপি অবিনাশ ঘূৰি আহিছে ৷ শেষত মনোজ বাজপেয়ীয়ে কয়, "তেওঁ বহুত হুলস্থুলৰ সৃষ্টি কৰিছে, এতিয়া তেওঁক আকৌ শান্ত কৰাৰ সময় আহি পৰিছে ৷"

জনাই দিও যে, 'ছাইলেন্স ২' অ'টিটি প্লেটফৰ্ম ZEE5 ত মুক্তিলাভ কৰিব ৷ মুক্তিৰ দিন এতিয়াও প্ৰকাশ কৰা হোৱা নাই ৷

লগতে পঢ়ক: OTT প্লেটফৰ্মত চয়তান চাব বিচৰা সকললৈ সুখবৰ ! ক’ত মুক্তিলাভ এই ছবিখনে জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.