ETV Bharat / entertainment

খিলাড়ী অক্ষয় কুমাৰৰ এয়া প্ৰথম ভোটদান: জানেনে কোন দেশৰ নাগৰিকত্ব আছিল তেওঁৰ ? - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: মুম্বাইত ভোটদানৰ পিচত অক্ষয় কুমাৰে কয়, ‘‘মোৰ ভাৰত বিকশিত হোৱাটো বিচাৰো ।’’

Lok Sabha Elections 2024: 'Want My India to Be Developed,' Says Akshay Kumar after Voting in Mumbai
অক্ষয় কুমাৰ (etv bharat)
author img

By ETV Bharat Entertainment Team

Published : May 20, 2024, 12:48 PM IST

Updated : May 20, 2024, 1:37 PM IST

অক্ষয় কুমাৰৰ ভাষ্য (etv bharat)

চিটাৰা ডেস্ক, 20 মে’ : সোমবাৰে মুম্বাইৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে অক্ষয় কুমাৰে । মহাৰাষ্ট্ৰৰ ৪৮ খন লোকসভাৰ আসনৰ ভিতৰত ১৩খন আসনত ভোটগ্ৰহণ চলি আছে ৷ অভিনেতাগৰাকীয়ে পঞ্চম পৰ্যায়ৰ এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে ।

লোকসভা নিৰ্বাচন 2024 ৰ পঞ্চম পৰ্যায়ত, অভিনেতা অক্ষয় কুমাৰক ভোটদান কৰিবলৈ মুম্বাইৰ এটা ভোটকেন্দ্ৰত উপস্থিত হোৱা দেখা যায় । জুহুৰ এটা ভোটকেন্দ্ৰত বড়ে মিয়া চোটে মিয়াৰ অভিনেতাজনক সোমবাৰে পুৱা ৭ বজাত চলিত লোকসভা নিৰ্বাচনত ভোট পঞ্জীয়ন কৰিবলৈ ধৈৰ্য সহকাৰে শাৰীত অপেক্ষা কৰা দেখা যায় । শৃংখলাবদ্ধ জীৱনশৈলীৰ বাবে জনাজাত অভিনেতাজন চলচ্চিত্ৰ জগতৰ পৰা ভোট দান কৰা প্ৰথমজন ব্যক্তি আছিল ।

চিয়াঁহী লগা আঙুলি দেখুৱাই অভিনেতাজনে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত সংবাদ মাধ্যমৰ ব্যক্তিৰ সৈতে মত বিনিময় কৰে । তেওঁ ভোটদানৰ বাবে বিপুল সংখ্যক লোকক ওলাই আহিবলৈ আহ্বান জনায় । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত OMG২ অভিনেতাগৰাকীয়ে কয়, ‘‘মই বিচাৰো যে মোৰ ভাৰত বিকশিত আৰু শক্তিশালী হওক । সেই কথা মনত ৰাখি ভোট দিলো ৷ ভাৰতে যিটোক সঠিক বুলি বিবেচনা কৰে তাকে ভোট দিব লাগে... ভোটাৰৰ ভোটদান ভাল হ'ব বুলি মই ভাবো ৷"

অভিনেতাজনক অলিভ-গ্ৰীণ ৰঙৰ টি চাৰ্টত এযোৰ ছানগ্লাছৰ সৈতে দেখা যায় ৷ এইয়া তেওঁৰ প্ৰথম ভোটদান কিয়নো অভিনেতাজনে যোৱা বছৰহে স্বাধীনতা দিৱসত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছিল । অক্ষয়ৰ আগতে কানাডাৰ নাগৰিকত্বহে আছিল ।

ৰাজ্যখনৰ পঞ্চম আৰু অন্তিম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনত মহাৰাষ্ট্ৰৰ ৪৮ খন লোকসভা আসনৰ ভিতৰত ১৩ খন আসনৰ বাবে সোমবাৰে পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হয় । বিষয়া এগৰাকীয়ে জনোৱা মতে, ২৪,৫৫৩টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৬ বজাত শেষ হ’ব ।

২.৪৬ কোটি লোকে উত্তৰ মুম্বাই, উত্তৰ-পশ্চিম মুম্বাই, উত্তৰ-পূব মুম্বাই, উত্তৰ-মধ্য মুম্বাই, দক্ষিণ মুম্বাই আৰু দক্ষিণ মধ্য মুম্বাই, থানে, কল্যাণ, ভিৱান্দি, পালঘৰ, নাছিক, দিনদোৰী আৰু ধূলে সমষ্টিৰ ২৬৪ জন প্ৰাৰ্থীৰ বাবে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে ।

পেছাদাৰী ক্ষেত্ৰত, অক্ষয় কুমাৰক পৰৱৰ্তী সময়ত অৰ্শ্বাদ ৱাৰ্ছি আৰু হুমা কুৰেশ্বীৰ সৈতে জলি এলএলবি 3-ত দেখিবলৈ পোৱা যাব ৷ শেহতীয়াকৈ ৰাজস্থানৰ শ্বুটিং সামৰি আহিছে তেওঁ । তদুপৰি, অৰ্শ্বাদ আৰু অক্ষয়ক ৱেলকাম 3-তো একেলগে দেখিবলৈ পোৱা যাব । আহমেদ খানৰ পৰিচালনাত ২০ ডিচেম্বৰ, ২০২৪ তাৰিখে ছবিগৃহত মুক্তি পাব ছবিখন ।

লগতে পঢ়ক : ভোট দিবলৈ পুৱাতে শাৰী পাতি তাৰকাৰ ভিৰ - Lok Sabha Election 2024

Last Updated : May 20, 2024, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.