ETV Bharat / entertainment

ছলমান খান-ডাউদ ইব্ৰাহিমৰ সহায়কাৰীক মুকলি ভাবুকি

‘যিয়ে ছলমান খান-ডাউদক সহায় কৰিব তেওঁ নিজে কৰিব...,’ লৰেন্স বিষ্ণৈ দলৰ মুকলি ভাবুকি, ফেচবুক পোষ্ট ভাইৰেল ৷

author img

By ETV Bharat Entertainment Team

Published : Oct 14, 2024, 6:03 PM IST

Lawrence Bishnoi gang threatened those helping salman khan and dawood after baba siddique murder see viral facebook post
ছলমান খান-ডাউদ ইব্ৰাহিমৰ সহায়কাৰীক মুকলি ভাবুকি (Photo : IANS-ANI)

চিটাৰা ডেস্ক, 14 অক্টোবৰ : এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণৈ চক্ৰই । যোৱা 12 অক্টোবৰৰ নিশা মুম্বাইৰ বান্দ্ৰা ইষ্টস্থিত পুত্ৰ জীছান ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত আততায়ীয়ে গুলীয়াই হত্যা কৰে 66 বছৰীয়া নেতাজনক । ইফালে লৰেন্স বিষ্ণৈ গেঙৰ এজন সদস্যৰ ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে, য’ত কোৱা হৈছে যে বলীউডৰ অভিনেতা ছলমান খান আৰু আণ্ডাৰৱৰ্ল্ড ব্যক্তিত্ব অনুজ থাপন আৰু ডাউদ ইব্ৰাহিমৰ সৈতে ছিদ্দিকীৰ সম্পৰ্ক থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হৈছে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টটোত লিখা আছে, “ওম, জয় শ্ৰী ৰাম জয় ভাৰত । জীৱনৰ মূল কথাবোৰ বুজি পাওঁ । মই শৰীৰ আৰু ধনক ধূলি বুলি গণ্য কৰো । ছলমান খান, আমি এই যুদ্ধ বিচৰা নাছিলো, কিন্তু আপুনি আমাৰ ভাইৰ ক্ষতি কৰিলে । আজি প্ৰশংসা কৰি থকা বাবা ছিদ্দিকী এসময়ত ডাউদৰ সৈতে এম চি অ’ চি এ আইনৰ অধীনত আছিল । ইয়াৰ মৃত্যুৰ কাৰণ আছিল অনুজ থাপন আৰু ডাউদক বলীউড, ৰাজনীতি, সম্পত্তিৰ ব্যৱসায়ৰ সৈতে সংযোগ কৰা ।”

লগতে পঢ়ক : শেষ ন’হবই নেকি ছলমান খানক ক্ষতি কৰিব খোজা লোকৰ তালিকা ! - SALMAN KHAN HOUSE FIRING

পোষ্টটোত ছলমান খান আৰু ডাউদৰ কথা উল্লেখ কৰি আৰু লিখা হৈছে, “আমাৰ কাৰো সৈতে কোনো শত্ৰুতা নাই, কিন্তু যিয়ে ছলমান খান আৰু ডাউদ গেঙক সহায় কৰিব, তেওঁলোকে নিজৰ হিচাপ-নিকাচ কৰি ৰাখিব । যদি কোনোবাই আমাৰ কোনো ভাতৃক হত্যা কৰে, তেন্তে আমি নিশ্চিতভাৱে প্ৰতিক্ৰিয়া দেখুৱাম । আমি আগতে কেতিয়াও আক্ৰমণ কৰা নাছিলো । জয় শ্ৰী ৰাম জয় ভাৰত । ছালাম শ্বাহিদান নু ।” এই পোষ্টটো শুভ লোংকাৰ মহাৰাষ্ট্ৰ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে কৰিছে । আৰক্ষীয়ে পোষ্টটোৰ সত্যতা নিশ্চিত কৰিব লাগিব । এই পোষ্টটো সামাজিক মাধ্যমত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।

আই এন এছৰ তথ্য অনুসৰি, কেইবামাহো ধৰি সন্দেহযুক্ত লোকসকলে ছিদ্দিকীৰ ওপৰত চকু ৰাখিছিল আৰু তেওঁৰ ঘৰ আৰু কাৰ্যালয়ৰ বুজ লৈছিল । এই আক্ৰমণৰ বাবে তেওঁলোকক 50-50 হাজাৰ টকাৰ অগ্ৰিম ধন দিয়া হৈছিল । আক্ৰমণৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ দিয়া হৈছিল ।

মুম্বাই আৰক্ষীৰ মতে, এই হত্যাকাণ্ডত তিনিজন শ্বুটাৰ জড়িত আছিল । তিনিজনৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ এজন হাৰিয়ানাৰ গুৰমাইল বলজিৎ সিং (23) আৰু আনজন উত্তৰ প্ৰদেশৰ ধৰ্মৰাজ কাশ্যপ (19) বুলি চিনাক্ত কৰা হৈছে ।

তৃতীয়জনৰ নাম শিৱ কুমাৰ, যিজন উত্তৰ প্ৰদেশৰ বাসিন্দা আৰু এই ঘটনা সংঘটিত কৰাত চতুৰ্থজন ব্যক্তিও জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি দুয়োজন পলাতক । শনিবাৰে নিশা প্ৰায় 9.30 বজাত আক্ৰমণকাৰীয়ে লক্ষ্য কৰি লয় ছিদ্দিকী আৰু তেওঁৰ সহযোগীক । আক্ৰমণৰ কেইঘণ্টামান পিছতে লৰেন্স বিষ্ণৈ গেঙে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰে ।

লগতে পঢ়ক : ছলমান খানৰ বাহনত AK-47ৰে আক্ৰমণৰ পৰিকল্পনা, কিন্তু… - Salman Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.