ETV Bharat / entertainment

অনুৰাগীলৈ শুভেচ্ছা জনাই তাৰকাই আয়োজন কৰিছে জন্মাষ্টমীৰ - Krishna Janmashtami wish by celebs

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 2:29 PM IST

Updated : Aug 26, 2024, 4:10 PM IST

Krishna Janmashtami 2024:বলীউডৰ তাৰকাসকলে আজি কৃষ্ণ জন্মাষ্টমী ধুমধামেৰে উদযাপন কৰিছে । চেলেব্ৰিটীসকলে তেওঁলোকৰ অনুৰাগীসকলক কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছে ।

krishna janmashtami 2024 varun dhawan to shilpa shetty anupam kher these celebs wish their fans
বলীউডৰ তাৰকা (ETV Bharat)

চিটাৰা ডেস্ক, 26 আগষ্ট : আজি 26 আগষ্ট সোমবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে কৃষ্ণ জন্মাষ্টমী । মন্দিৰৰ পৰা বজাৰলৈকে, নন্দ গোপালৰ জন্ম সকলো ঠাইতে উদযাপন কৰা হৈছে । চলচ্চিত্ৰ উদ্যোগতো পৰশ পৰিছে এই উৎসৱৰ ৷ ছিলভাৰ স্ক্ৰীণৰ তাৰকাসকলে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা দেখিবলৈ পোৱা গৈছে । ৰাতিপুৱাই চলচ্চিত্ৰ উদ্যোগৰ তাৰকাসকলে অনুৰাগীসকলক তেওঁলোকৰ নিজা শৈলীত জন্মাষ্টমীৰ শুভেচ্ছা জনাইছে ।

krishna janmashtami 2024 varun dhawan to shilpa shetty anupam kher these celebs wish their fans
তাৰকাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Instagram Story)

বলীউডৰ অভিনেতা বৰুণ ধৱন, শিল্পা শ্বেট্টী, মাধুৰী দীক্ষিত, ছানী দেওল আৰু ৰকুল প্ৰীত সিঙে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম ষ্ট‘ৰীত কানহাৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে আৰু অনুৰাগীসকলক কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছে ।

'দ্য কাশ্মীৰ ফাইলছ' খ্যাত অভিনেতা অনুপম খেৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত ভগৱান কৃষ্ণৰ ছবিৰ এটা ক্লিপ শ্বেয়াৰ কৰিছে আৰু শিৰোনামটোত লিখিছে, “আপোনালোক সকলোকে শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনাইছো । ঈশ্বৰে আপোনাৰ সকলো ইচ্ছা পূৰণ কৰক । জয় শ্ৰী কৃষ্ণ । কৃষ্ণ কৃষ্ণ হৰে হৰে । বোলো বাংকে বিহাৰী লাল কি জয় ।”

লাফটাৰ কুইন ভাৰতী সিঙে তেওঁৰ পুত্ৰ গোলা আৰু স্বামী হৰ্ষৰ এখন ফটো ইনষ্টাগ্ৰাম ষ্টৰীত পোষ্ট কৰিছে । ছবিখনত, গোলাক কানহা হিচাপে দেখা গৈছে । একে সময়তে হৰ্ষক তেওঁৰ পুত্ৰ গোলাক কলহ ভাঙিবলৈ সহায় কৰা দেখা গৈছে ।

বিয়াৰ পিছত দক্ষিণ ছবি উদ্যোগৰ অভিনেত্ৰী শোভিতাৰ এয়া প্ৰথম কৃষ্ণ জন্মাষ্টমী । অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত গোপালৰ ছবি শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে, “ৱিজডম, লাইটনেছ এণ্ড লব’ । জন্মাষ্টমীৰ শুভেচ্ছা থাকিল ৷”

লগতে পঢ়ক : ‘অদ্ভূত’ত ডিটেক্টিভৰ চৰিত্ৰত নৱাজুদ্দিন ছিদ্দিকী - Nawazuddin Siddiqui Adbhut Trailer

Last Updated : Aug 26, 2024, 4:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.