ETV Bharat / entertainment

শীঘ্ৰেই ছবিগৃহত মুক্তি লাভ কৰিব কেনী বসুমতাৰীৰ ছবি জিয়া

author img

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 10:40 AM IST

New Assamese film Jiya: ১৭ মে’ত মুক্তি লাভ কৰিব কেনী বসুমতাৰীৰ নির্দেশনা আৰু শৰ্মিষ্ঠা চক্রৱর্তীৰ প্রযোজনাত নিৰ্মিত ছবি ‘জিয়া’ ৷

Kenny Basumatary's new Assamese film Jiya will be released on May 17
পিকেনী বসুমতাৰীৰ নির্দেশনা আৰু শর্মিষ্ঠা চক্রৱর্তীৰ প্রযোজনাৰে নিৰ্মিত ছবি 'জিয়া'

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: অসমীয়া ছবিজগতলৈ আহিছে এটাৰ পিচত আনটো ভাল খবৰ ৷ পুনৰ যেন ঘূৰি আহিবলৈ ধৰিছে অসমীয়া ছবিৰ সোণালী যুগ ৷ এখনৰ পাচত আন এখন ছবি মুক্তিৰ বাবে সাজু হৈছে ৷ এতিয়া মুক্তিৰ বাবে সাজু হৈছে চলচ্চিত্ৰ নির্মাতা কেনী বসুমতাৰীৰ নিৰ্দেশনাত নিৰ্মিত ছবি ‘জিয়া’ ৷ শৰ্মিষ্ঠা চক্ৰৱর্তীৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখন ১৭ মে’ত শুভ মুক্তি লাভ কৰিব ।

ছবিখনৰ কাহিনী কি ?

শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ চিত্ৰনাট্য আৰু আৰু প্ৰযোজনাৰে নিৰ্মিত ‘জিয়া’ ছবিখনত এগৰাকী মহিলা (জিয়া)ৰ সংগ্ৰামৰ কাহিনী দেখুওৱা হ’ব, যিয়ে বিয়াৰ পিচত সম্মুখীন হোৱা নিৰ্যাতনৰ পৰা পলায়ন কৰি কন্যা নূপুৰৰ সৈতে একক মাতৃত্বই কঢ়িয়াই অনা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় । সমাজৰ বিচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি জিয়াই নিজৰ দুৰ্বলতাক হাঁহিৰ মুখাৰ আঁৰত ঢাকি ৰাখে ।

উল্লেখ্য যে, জিয়াৰ এই সংগ্ৰামত তেওঁৰ সৈতে ছাঁৰ দৰে থিয় হৈ থাকে তেওঁৰ আটাইতকৈ ভাল বান্ধৱী পল্লৱী । বিতুষ্ট হৈ পৰা চাকৰিটো এৰি জিয়াই পল্লৱীৰ কৰ্মক্ষেত্ৰত শান্তিৰ সন্ধান কৰে । তাতেই অমায়িক স্বভাৱৰ অভিৰ সৈতে দেখাদেখি হয় জিয়াৰ । তাৰ পিচত কি হ’ব ? সেয়া দৰ্শকৰ বাবে এক উৎকণ্ঠাৰ বিষয় । কিন্তু সেয়া জানিবলৈ দৰ্শকে অপেক্ষা কৰিব লাগিব ১৭ মে’লৈ ৷ বিগত বৰ্ষৰ ১৫ ডিচেম্বৰত জ্যোতি চিত্ৰবনত অনুষ্ঠিত অষ্টম ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱত এক বৃহৎ সংখ্যক দর্শকৰ সন্মুখত ছবিখনৰ প্ৰিমিয়াৰ হৈ যায় ।

উল্লেখ্যযোগ্য যে, শেহতীয়াকৈ যোৰহাটত অনুষ্ঠিত হৈ যোৱা প্ৰাগ চিনে এৱাৰ্ড, ২০২৪ৰ শেহতীয়া সংস্কৰণত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মানসহ ৪টাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় ছবিখনে । ‘জিয়া’ ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু সংলাপ (কেনী বসুমতাৰী আৰু শৰ্মিষ্ঠা চক্ৰৱর্তী), শ্ৰেষ্ঠ পুৰুষ গায়ক (অংগৰাগ পাপন মহন্ত) আৰু শ্ৰেষ্ঠ আৱহ- সংগীত (অম্বৰ দাস)ৰ শিতানত বঁটা লাভ কৰিছে । চলচ্চিত্ৰখনে এই সন্মানজনক বঁটা প্ৰদান অনুষ্ঠানত ১৬টা শিতানত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল ।

লগতে পঢ়ক: চেলেঞ্জত যতীন বৰাৰ সৈতে দেখা বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.