ETV Bharat / entertainment

লোকেল কুংফু ৩-ৰ নতুন গীত মুকলি - Local Kung Fu

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:55 PM IST

Local Kung Fu 3 Song Released : 'লোকেল কংফু', 'লোকেল কংফু ২'-ৰ পাছত এইবাৰ ছবিগৃহলৈ আহি আছে 'লোকেল কুংফু ৩' । ব্যতিক্ৰমী পৰিচালক কেনী বসুমতাৰীৰ এই 'লোকেল কুংফু ৩'-ত সন্নিৱিষ্ট হৈছে শিক্ষক দিৱসৰ এটি বিশেষ গীত । গীতটিত কণ্ঠদান কৰিছে আচুৰ্য বৰপাত্ৰই ।

Local Kung Fu 3 Song Released
'লোকেল কুংফু ৩'-ৰ নতুন গীত মুকলি (ETV Bharat Assam)

গুৱাহাটী, ১২ আগষ্ট : কেনী বসুমতাৰী- অসমৰ ছবি জগতৰ এক ব্যতিক্ৰমী সত্তা । এইগৰাকী যুৱ ছবি পৰিচালকৰ উৰ্বৰ মস্তিষ্কই ইতিমধ্যে অসমৰ ছবি জগতৰ দৰ্শকক যোগান ধৰিছে মনোৰঞ্জনৰ অনন্য খোৰাক । অসমৰ ছবি জগতত এক নতুত্বৰ ধাৰা কঢ়িয়াই ইতিমধ্যে তেওঁ সকলোৰে মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে । তাৰ প্ৰমাণ হৈছে 'লোকেল কুংফু' আৰু 'লোকেল কুংফু ২' । এইবাৰ লোকেল কুংফু ছিৰিজৰ তৃতীয়খন ছবি লৈ দৰ্শকৰ মাজলৈ আহি আছে কেনী বসুমতাৰীৰ পৰিচালনাৰে শেহতীয়া ছবি 'লোকেল কুংফু ৩' ।

আগন্তুক শিক্ষক দিৱস অৰ্থাৎ অহা ৫ ছেপ্টেম্বৰ তাৰিখে ছবিগৃহত মুক্তিলাভ কৰিব নতুন অসমীয়া ছবি 'লোকেল কুংফু ৩' । পৰিচালক কেনী বসুমতাৰীয়ে ছবিখনৰ তৃতীয় সংস্কৰণটো মুক্তিৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ।

আনহাতে, ছবিখনৰ ৪ টাকৈ গীত ইতিমধ্যে মুক্তি লাভ কৰিছে । 'এক পেগ, দুই পেগ;, 'তোমাৰ ছায়াতে চকু'ৰ পাচত শেহতীয়াকৈ মুক্তিলাভ কৰিছে শিক্ষক দিৱসৰ এটি বিশেষ গীত । 'গুৰু মোৰ, গুৰু আমাৰ' শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই ।

'লোকেল কুংফু ৩' ছবিখনত সংযোজিত এই গীতটোৱে মুক্তিৰ পাচতে লাভ কৰিছে যথেষ্ট সমাদৰ । লগতে পৰিগণিত হৈছে বিশেষ গীত হিচাপে । ৰাজদ্বীপৰ কথাৰে এই গীতটি সুৰাৰোপিত কৰিছে ৰাজ জে কোঁৱৰে । আনহাতে, আচুৰ্যৰ সৈতে নেপথ্য কণ্ঠত সহযোগ কৰিছে অৰ্ঘ কাশ্যপ, দেৱাংশী, টিয়ানা, জিনিশা, প্ৰিয়াংকুশ আৰু পূৰৱে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে মুক্তিলাভ কৰিছিল ছবিখনৰ আন এটা কমেডী গীত । এই গীতটিয়েও মুক্তিৰ পাচতে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে । গীতটিত কণ্ঠদান কৰিছে বঞ্জে । 'লোকেল কুংফু' ছবিসমূহৰ চৰিত্ৰসমূহৰ ভিতৰত এটা উল্লেখনীয় চৰিত্ৰ হৈছে 'বঞ্জ' । 'লোকেল কংফু', 'লোকেল কংফু ২'-ত বঞ্জৰ কথা-বতৰা, কমেডী ছিকুৱেন্স আদিয়ে দৰ্শকক যথেষ্ট আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে সমৰকলাৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে । ছবিখন সন্দৰ্ভত পৰিচালক কেনী বসুমতাৰীৰ মন্তব্য, "লোকেল কুংফু ৩-ত এক অন্য ৰূপত অভিনেত্ৰীগৰাকীক দৰ্শকে দেখিবলৈ পাব ।" ইয়াৰ উপৰি মুক্তিৰ অপেক্ষাত থকা এই নতুন ছবিখনত অভিনয় কৰিছে অভিনেতা বনী দেউৰী, উৎকল হাজোৱাৰী, বিভাষ সিং, জনী দেউৰীকে ধৰি কেইবাগৰাকীও অভিনয় শিল্পীয়ে ।

লগতে পঢ়ক :আকৌ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ আহি আছে জেৰিফা ৱাহিদ - Zerifa Wahid new TV serial
লগতে পঢ়ক :লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ধাৰাবাহিক সম্প্ৰচাৰ কৰিব প্ৰসাৰ ভাৰতীয়ে, দিছপুৰত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - Lachit Borphukon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.