ETV Bharat / entertainment

অন্ধ্ৰ-তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ জুনিয়ৰ এন টি আৰৰ কোটি টকা - Jr NTR donates to flood relief fund

author img

By ETV Bharat Entertainment Team

Published : Sep 3, 2024, 3:25 PM IST

Jr NTR donation to Flood : অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বিধ্বংসী পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জুনিয়ৰ এন টি আৰে 1 কোটি টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।

Jr NTR donates Rs 1 crore for Andhra Pradesh and Telangana CM Fund for flood relief
জুনিয়ৰ এন টি আৰৰ কোটি টকা দান (ETV Bharat / IANS)

চিটাৰা ডেস্ক, 3 ছেপ্টেম্বৰ : দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানালৈ 1 কোটি টকা দান কৰিছে । বৰ্তমান অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত বানপানীৰ ফলত পৰিস্থিতি বেয়া হৈ পৰিছে আৰু মানুহৰ জীৱন দুৰ্বিষহ হৈ পৰিছে । দুয়োখন ৰাজ্যৰে চৰকাৰ সাহাৰ্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে । সেই সময়তে দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহিছে । ইয়াৰ পূৰ্বে, কল্কি 2898 এডিৰ নিৰ্মাতাসকলে বানপীড়িত লোকসকলক সহায় কৰাৰ নিমিত্তে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অন্ধ্ৰ প্ৰদেশ চৰকাৰক 25 লাখ টকা দান কৰে ।

টলীউডৰ তাৰকা জুনিয়ৰ এন টি আৰে ৰাইজৰ সহায়ৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰলৈ মুঠ 1 কোটি টকাৰ অনুদান আগবঢ়াইছে । অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা দুয়োখন ৰাজ্য ধাৰাসাৰ বৰষুণৰ ফলত বানত বুৰ গৈছে । সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে জীৱন প্ৰণালী । বিজয়ৱাড়াৰ আধা ঘৰ পানীত ডুব গৈছে, মানুহ নিজৰ কামত ঘৰৰ পৰা ওলাই যাব নোৱৰা অৱস্থাৰ সৃষ্টি হৈছে ।

জুনিয়ৰ এন টি আৰে আজি 3 ছেপ্টেম্বৰৰ পুৱা তেওঁৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰে । অভিনেতাজনে লিখিছে, “অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে মই অত্যন্ত দুখিতঃ, মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে এই সকলোবোৰ সোনকালে উন্নত হওক ৷ মই অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰক সাহাৰ্যৰ বাবে আৰু মানুহৰ জীৱন সুচল কৰিবৰ বাবে 50 লাখ টকাকৈ দান কৰিছো ।”

ইয়াৰ পূৰ্বে, প্ৰভাস অভিনীত মেগা-ব্লকবাষ্টাৰ চলচ্চিত্ৰ কল্কি 2898 এডিৰ নিৰ্মাতাসকলে অন্ধ্ৰ প্ৰদেশ চৰকাৰক 25 লাখ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে ।

উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ বানত 19 জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 17 হাজাৰৰো অধিক লোকক আশ্ৰয় শিবিৰলৈ অনা হৈছে । বানৰ ফলত 140 খন ৰে’ল বাতিল হোৱাৰ লগতে বহু পথ সলনি কৰা হৈছে ।

লগতে পঢ়ক : বান বিভীষিকা : অন্ধ্ৰ প্ৰদেশ সাহায্য পুঁজিলৈ অনুদান কল্কি 2898 এডিৰ নিৰ্মাতাৰ - Kalki makers donate Andhra flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.