ETV Bharat / entertainment

ৰোহিত-পশ্মিনাৰ কেমিষ্ট্ৰীয়ে মন মুহিব আপোনাৰ ; উপভোগ কৰিলেনে ৰোমাঞ্চ-কমেডীৰে ভৰপূৰ ইষ্ক ৱিষ্ক ৰিবাউণ্ডৰ ট্ৰেইলাৰ - Ishq Vishk Rebound Trailer Out

Ishq Wishq Rebound Trailer release: অৱশেষত মুক্তি পালে ৰোহিত ছাৰাফ, জিব্ৰাণ খান, নাইলা গ্ৰেৱাল আৰু পশ্মিনা ৰোশনৰ দ্বাৰা অভিনীত ছবি ইষ্ক ৱিষ্ক ৰিবাউণ্ডৰ ট্ৰেইলাৰ । Gen Z টুইষ্টৰ সৈতে আপোনাক আধুনিক প্ৰেমৰ জগতলৈ নিবলৈ সাজু হৈছে ছবিখন ৷

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 3:07 PM IST

Ishq Vishk Rebound Trailer release Rohit Saraf, Pashmina Roshan romance with a zen z twist
ৰোহিত-পশ্মিনাৰ কেমিষ্ট্ৰীয়ে মন মোহিব আপোনাৰ; চালেনে ৰোমান্স-কমেডীৰে ভৰপূৰ ইষ্ক ৱিষ্ক ৰিবাউণ্ডৰ ট্ৰেইলাৰ (INSTAGRAM)

চিটাৰা ডেস্ক, 12 জুন : ২০০৩ চনত মুক্তি পোৱা ইষ্ক ৱিষ্কৰ ছিকুৱেল ‘ইষ্ক ৱিষ্ক ৰিবাউণ্ড’ চলিত বৰ্ষৰ জুন মাহত মুক্তি পাবলৈ গৈ আছে ৷ এই ৰোমাণ্টিক-কমেডী ছবিখনত ৰোহিত ছাৰাফ, জিব্ৰাণ খান, নাইলা গ্ৰেৱাল আৰু হৃতিক ৰোশনৰ ভগ্নী পশ্মিনা ৰোশনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

মুক্তিৰ পূৰ্বে শেহতীয়াকৈ নিৰ্মাতাসকলে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে ৷ য'ত ৰোহিত, জিব্ৰাণ, নাইলা আৰু পশ্মিনাৰ প্ৰেম আৰু বন্ধুত্বক খুবেই আকৰ্ষণীয় ৰূপত দেখা গৈছে ৷ ট্ৰেইলাৰটোৱে আমাক Gen Z টুইষ্টৰ সৈতে আধুনিক প্ৰেমৰ জগতখনলৈ লৈ গৈছে ।

ৰোহিত-পশ্মিনাৰ কেমিষ্ট্ৰী

ৰোমাঞ্চ, প্ৰকৃত বন্ধুত্ব আৰু বিশ্বাসঘাতকতাৰ মাজেৰে পাৰ হৈ যোৱা দুগৰাকী ছাত্ৰ তথা কলেজীয়া জীৱন আদিক সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে ৷ মুখ্য নায়ক হিচাপে এইখন ৰোহিত ছাৰাফৰ প্ৰথম ছবি ৷ বিপৰীতে পশ্মিনা ৰোশনে এই ছবিখনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ ওলাইছে ৷ কভি খুছি কভি গম ছবিত শ্বাহৰুখৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা জিব্ৰাণ খানে দৰ্শকৰ বাবে চমক সৃষ্টি কৰাৰ বিপৰীতে নৈলা গ্ৰেৱালেও নিজৰ অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: মনোৰঞ্জনৰ তালিকা দীঘল হ’বলৈ গৈ আছে, জুনত আহি আছে কেইবাখনো ছবি - June 2024 upcoming movies

দুটা দশকৰ পিচত এই ছিকুৱেলখন আহিছিল

'ইষ্ক ৱিষ্ক ৰিবাউণ্ড' অন্যতম প্ৰত্যাশিত ছবি ৷ যিটো চিনেমাপ্ৰেমীৰ মাজত বহু আলোচনাৰ বিষয় হৈয়েই আছে ৷ আনহাতে, শ্বাহিদ কাপুৰ আৰু অমৃতা ৰাও, শ্বেহনাজ ট্ৰেজাৰীৱালাৰ দ্বাৰা অভিনীত ২০০৩ চনত মুক্তিলাভ কৰা ইষ্ক ৱিষ্ক এপ্ৰিল মাহত মুক্তি পাইছিল ৷ প্ৰায় দুটা দশকৰ পাচত মুক্তি লাভ কৰিছে এই ছবিৰ ‘ৰিবাউণ্ড’ ৷ শেহতীয়াকৈ অভিনেতা ৰোহিত ছাৰাফে ইষ্ক ৱিষ্ক ৰিবাউণ্ডৰ বিষয়ে কয় আৰু তেওঁ নিজৰ অনুভৱ শ্বেয়াৰ কৰি কয় যে, তেওঁ ছবিখনক লৈ নাৰ্ভাছ নহয় ৷ মাত্ৰ ছবিখনৰ প্ৰতি দৰ্শকে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া চাবলৈ তেওঁ উৎসাহিত হৈ পৰিছে ৷ তেওঁ কয়, ‘সঁচাকৈয়ে মই অতি আগ্ৰহী, এটা প্ৰজেক্ট মুক্তিৰ ঠিক আগতেই নাৰ্ভাছ হোৱাটো স্বাভাৱিক, কিন্তু তাৰ লগতে বহুত এক্সাইটমেন্টো আছে ৷ মই আশা কৰো দৰ্শকে এই ছবিখন ভাল পাব ।

ইষ্ক ৱিষ্ক ৰিবাউণ্ডৰ প্ৰযোজনা কৰিছে টিপছ ফিল্মছৰ ৰমেশ তৌৰাণীয়ে আৰু পৰিচালনা কৰিছে নিপুণ অবিনাশ ধৰ্মাধিকাৰীয়ে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰোহিত ছাৰাফ, জিব্ৰাণ খান, পশ্মিনা ৰোশন, নাইলা গ্ৰেৱালে আৰু চলিত মাহৰ ২১ জুনত মুক্তি পাবলৈ গৈ আছে ছবিখন ৷

লগতে পঢ়ক: পূৰ্বে কেতিয়াও নেদেখা এটি অদ্ভূত কাহিনী, আপুনি চালেনে হৰৰ কমেডী ছবি মুঞ্জ্যা ? - Munjya Box Office Collection Day 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.