ETV Bharat / entertainment

হনুমেনক দেখি মুখত হাঁহি ওলাল বৃদ্ধাশ্ৰমৰ আইতাসকলৰ - JOY HANU MAN MOVIE CONTROVERSY

এইবাৰ জয় হনুমেন চাবলৈ ওলাই আহিল বৃদ্ধাশ্ৰমৰ আইতাসকল ৷ সকলোৰে মুখতে দেখা গ’ল সন্তুষ্টিৰ হাঁহি ৷

JOY HANU MAN MOVIE CONTROVERSY
সন্তুষ্টিৰ হাঁহি (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Oct 29, 2024, 5:12 PM IST

গুৱাহাটী : এইবাৰ জয় হনুমেন চাবলৈ ওলাই আহিল বৃদ্ধাশ্ৰমৰ আইতাসকল । এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত ছবিখন উপভোগ কৰিলে আইতাসকলে । ছবিখন উপভোগ কৰি উৎফুল্লিত হৈ পৰিল আইতাসকল । উল্লেখ্য যে, মহানগৰীৰ বশিষ্ঠৰ নিবাসী জিতু দাস নামৰ এগৰাকী ব্যক্তিয়ে ছবিখন মুক্তিৰ দ্বিতীয় দিনাই পৰিয়ালৰ সৈতে উপভোগ কৰিছিল।

ছবিখন উপভোগ কৰি যথেষ্ঠ ভাল পোৱাত মনতে থিৰাং কৰিছিল যে তেওঁ কোনোবা বৃদ্ধা আশ্ৰমৰ আইতাসকলক লৈ আহি এদিন এই ছবিখন চোৱাৰ সুবিধা কৰি দিব । ভবা মতেই কাম ৷ তাৰ পিছতে ব্যক্তিজনে মহানগৰীৰ প্ৰমোদ তালুকদাৰ সোঁৱৰণী বৃদ্ধবাসৰ সৈতে যোগাযোগ কৰে । অৱশেষত সোমবাৰে বৃদ্ধবাসটোৰ প্ৰায় 30 গৰাকী আইতাক লৈ আহি ছবিখন চোৱাৰ সুবিধা কৰি দিয়ে জিতু দাসে । ইফালে ছবিখন উপভোগ কৰি উৎফুল্লিত হৈ পৰে বৃদ্ধবাসটোৰ আইতাসকল । কোনোৱে যদি জীৱনত প্ৰথমবাৰৰ বাবে চিনেমাহলত ছবি চাইছে, আন কোনোৱে আকৌ বহুবছৰৰ মূৰত ছবিগৃহত ভৰি থৈছে ।

এইবাৰ জয় হনুমেন চাবলৈ ওলাই আহিল বৃদ্ধাশ্ৰমৰ আইতাসকল (ETV Bharat Assam)

উল্লেখ্য যে, বহু প্ৰত্যাশাৰ অন্তত যোৱা 18 অক্টোবৰত মুক্তি লাভ কৰে ‘জয় হনুমেন’ ছবিখনে । ৰাজ্য প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰা অসমীয়া ছবি জয় হনুমেন অসমৰ লগতে দিল্লী, মুম্বাই, পুনে, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই, নয়ডা আৰু গোৱাতো মুক্তি লাভ কৰে । প্ৰথম অৱস্থাত যদিও ছবিখনে আশা কৰা ধৰণে দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, বিগত দুই তিনিদিনত ছবিখন চাবলৈ দৰ্শক চিত্ৰগৃহলৈ অহা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, 18 অক্টোবৰত মুক্তি লাভ কৰা ছবিখনত অভিনয় কৰিছে সিদ্ধাৰ্থ বড়ো, অমৃতা গগৈ, জয় কাশ্যপ, অন্যান্য কাশ্যপ, গীতাৱলী ৰাজকুমাৰী, বিভূতি ভূষণ হাজাৰিকা, ভাস্কৰ তামুলী, ৰাজীৱ গোস্বামী, জ্যোতি নাৰায়ণ নাথ, অসীম কৃষ্ণ বৰুৱা, প্ৰণামি বৰা, নৱজ্যোতি নাথ, জিন্টু কুমাৰ কাশ্যপ আদিকে ধৰি কেবাগৰাকীও অভিনেতা-অভিনেত্ৰী । আনহাতে ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাস, শান্তনু ৰৌমৰীয়া আৰু অধিৰাজ কাশ্যপৰ ।

লগতে পঢ়ক : ৰঙিয়াবাসীয়েও আঁকোৱালি লৈছে জয় হনুমেনক

‘জয় হনুমেন’ ক লৈ চলিছে নেকি ষড়যন্ত্ৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.