ETV Bharat / entertainment

৩৮ সংখ্যক নাট্যবৰ্ষৰ বাবে প্ৰস্তুতি আৰম্ভ হেঙুলগোষ্ঠীৰ

HENGOOL THEATRE 2025-26 theatrical year:আগন্তুক ২০২৫-২৬ নাট্যবৰ্ষৰ বাবে ‘হেঙুল থিয়েটাৰ’ য়ে ঘোষণা কৰিলে প্ৰথমখন নাটকৰ নাম । নতুনত্বৰ ঢৌ অব্যাহত ৰখাৰ প্ৰয়াস থিয়েটাৰ গোষ্ঠীটোৰ ৷

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

HENGOOL THEATRE
হেঙুলৰ নতুন নাট (ETV Bharat Assam)

গুৱাহাটী, ৯ অক্টোবৰ : অসমৰ ভ্ৰাম্যমাণ ক্ষেত্ৰখনৰ এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ । প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ যত্নপালিত হেঙুল থিয়েটাৰৰ অব্যাহত আছে জয় যাত্ৰা । অজস্ৰ দৰ্শক⁻শ্ৰোতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা হেঙুল থিয়েটাৰৰ নাট্যমঞ্চত নতুন চিন্তা⸴ নতুন নাট্যকৰ্ম⸴ নতুন অভিনয় শিল্পী⸴ কলা⁻কুশলীৰ নতুন আহ্বানেৰে অব্যাহত আছে চিৰ নতুনৰ আৰাধনা । সেই বাটেৰেই বাট বুলি আগন্তুক ২০২৫⁻২৬ নাট্যবৰ্ষৰ বাবে সাজু হৈছে হেঙুলগোষ্ঠী ।

বিগত ৩৭ টা বছৰে অসমৰ ভ্রাম্যমাণ জগতত দপদপাই থকা হেঙুল গোষ্ঠীয়ে ৩৮ সংখ্যক নাট্যবৰ্ষৰ এখন নাটকৰ পোষ্টাৰ ইতিমধ্যে প্ৰকাশ কৰিছে সামাজিক মাধ্যমযোগে ।

HENGOOL THEATRE
হেঙুলৰ নতুন নাট (ETV Bharat Assam)

আগন্তুক বর্ষৰ বাবে কেনেদৰে সাজু হৈছে হেঙুলগোষ্ঠী ?

এই সন্দৰ্ভত হেঙুলৰ প্ৰযোজক সংকল্পজিৎ হাজৰিকাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ জনাই, ‘দুৰ্গাপূজাৰ পূৰ্বে দৰাচলতে সকলো নাট্যদলে আগন্তুক নাট্যবর্ষৰ নাটৰ লগতে কলা-কুশলীসকলৰ নাম ঘোষণা কৰে । আমি এখন এখনকৈ ঘোষণা কৰিম বুলি ভাবিছো । প্ৰথমে প্ৰণৱ বৰুৱাৰ ‘পাগল থানা’ বুলি নাটকৰ নাম ঘোষণা কৰিছো । আগন্তুক বৰ্ষৰ বাবে পুনৰবাৰ প্ৰসেনজিৎ বৰা চুক্তিবদ্ধ হৈছে । প্ৰসেনজিৎ পুনৰ এই বৰ্ষত উভতি আহিব হেঙুলৰ মঞ্চলৈ ৷ লগতে এই বর্ষত স্নিগ্ধা গগৈ থাকিব আৰু হেঙুলত পূৰ্বে নথকা কেইগৰাকীমান নতুন অভিনেতা-অভিনেত্ৰী থাকিব । এনেদৰে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীক লৈ আমি আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছো ।”

চলিত বৰ্ষৰ নাটক তিনিখনৰ প্ৰতি দৰ্শকৰ সঁহাৰি কেনেধৰণৰ ?

এই সন্দৰ্ভত হাজৰিকাই কয়, “দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰিছো । এইবর্ষত টীমটোৰ নাট্যকাৰৰ পৰা আৰম্ভ কৰি কলা-কুশলীলৈকে সকলোকে দৰ্শকে আঁকোৱালি লৈছে । উজনিৰ অসমৰ পৰা আহি এতিয়া আমি নামনি অসমত নাট্যযাত্রা আৰম্ভ কৰিছো । এইকেইটা দিনত নলবাৰীৰ কেইবাটাও অঞ্চলত নাট প্ৰদৰ্শন কৰা হ’ব । অৱশ্যে বতৰে অকমান বাধাও দিছে এই দিন কেইটাত ।”

লগতে পঢ়ক : প্ৰযুক্তিৰ উত্তৰণে ম্লান পেলোৱা নাই থিয়েটাৰৰ মাদকতা: হেঙুলৰ চিলনী চাবলৈ দৰ্শকৰ ভিৰ মৰিয়নীত - HENGOOL THEATRE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.